Logo
image

ব্ৰাজিলৰ পাছতেই বিশ্বৰ সৰ্বাধিক গো-মাংস ৰপ্তানিত ভাৰতৰ স্থান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক,৬ ডিচেম্বৰ : বিধানসভাৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা গো-মাংসৰ বিতৰ্কৰ পাছতেই অসমত ৰাজহুৱা স্থানত নিষিদ্ধ ঘোষণা কৰা হ’ল গো-মাংস ভক্ষণ৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অনলাইন কেবিনেট বৈঠকত ৰাজহুৱা স্থানত গো-মাংস ভক্ষণ নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে গো-মাংস ভক্ষণ বন্ধ কৰাৰ পাছতেই ৰাজ্যৰ লগতে দেশজুৰি এতিয়া বিতৰ্কৰ  সৃষ্টি হৈছে৷ অৱশ্যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজহুৱা স্থানত গো-মাংস ভক্ষণ বন্ধ কৰিলেও ভাৰতে গো-মাংস ৰপ্তানিত অভিলেখ গঢ়িছে৷ বিশ্বৰ গো-মাংস ৰপ্তানিৰ তালিকাত  ব্ৰাৰ্জিলৰ পাছতেই দ্বিতীয় শীৰ্ষ স্থানত আছে ভাৰত৷ আমেৰিকাৰ ডিপাৰ্টপেণ্ট অৱ এগ্ৰিকালচাৰ, ফৰেইন এগ্ৰিকালচাৰ ছাৰ্ভিচৰ শেহতীয়া সমীক্ষা অনুসৰি  ২০২৩ বৰ্ষত ভাৰতে ১,৪৭৫ হাজাৰ টন গো-মাংস বিভিন্ন ৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছে৷ ভাৰতৰ পাছতহে আছে আমেৰিকা৷ সমীক্ষা অনুসৰি আমেৰিকাই বিগত বৰ্ষত ১,৪২২ হাজাৰ টন গো-মাংস ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ আনহাতে বিশ্বৰ গো-মাংস ৰপ্তানিৰ শীৰ্ষত থকা বাৰ্জিলে বিগত বৰ্ষত ৩,০১২ হাজাৰ টন গো-মাংস ৰপ্তানি কৰিছে৷


ভাৰতে মূলতঃ ছৌদি আৰৱ, ভিয়েটনাম, ইউনাইটেড আৰৱ এমিৰেটছ, হংকং, ইণ্ডোনেচিয়া, ইজিপ্ত, ইৰাক, ফিলিপাইনছ আৰু থাইলেণ্ডলৈ ৮২.৪ শতাংশ গো-মাংস ৰপ্তানি কৰে৷ বিগত ২০২২ বৰ্ষত ভাৰতত গো-মাংস ৰপ্তানিৰ মূল্য ২,৮৫৯ কোটি মাৰ্কিন ডলাৰ আছিল যদিও ২০২৩ বৰ্ষত ৰপ্তানিৰ মূল্য ৩,৪৮০ কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ভাৰতত হিন্দুসকলে গৰুক ‘মাতা’ হিচাপে পূজা কৰিলেও গো-মাংস ৰপ্তানিৰ শীৰ্ষ স্থানীয় আটাইকেইটা ভাৰতীয় কোম্পানীৰ মালিক হৈছে সনাতনী হিন্দুমূলৰ৷ গো-মাংসৰ ৰপ্তানিৰে বছৰি প্ৰায় ৮০০ কোটিৰ ব্যৱসায় কৰা আল কবীৰ এক্সপ’ৰ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে সতীশ সাবেৰলাল৷ ভাৰতৰ দ্বিতীয় শীৰ্ষ স্থানীয় ৰপ্তানিকাৰী কোম্পানী আৰিবিয়ান এক্সপ’ৰ্ট প্ৰাইভেট লিমিটেডৰ মালিক হৈছে সুনীল কাপুৰ৷ আন এটা ৰপ্তানিকাৰী কোম্পানী এ অ’বি এক্সপ’ৰ্টৰ মালিক অ’ পি আৰোৰা, ষ্টেণ্ডাৰ্ড ফ্ৰজেন ফুড লিমিটেডৰ গৰাকী কমল বাৰ্মা আৰু মহাৰাষ্ট্ৰ ফুড প্ৰচেছিং এণ্ড ক’ল্ড ষ্ট’ৰেজৰ স্বত্বাধিকাৰী হৈছে ছানী খাট্টাৰ৷ এই আটাইকেইটা কোম্পানীৰ মালিক হৈছে হিন্দু৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসক দল বিজেপিয়ে গো-ৰপ্তানিকাৰী কোম্পানীৰ পৰা চান্দা লোৱা দেখা গৈছিল৷ ভাৰতৰ গো-মাংস ৰপ্তানিকাৰী অন্যতম বৃহৎ কোম্পানী এল্লানা গ্ৰপৰ পৰা ২০১৯ চন আৰু ২০২০ চনত বিজেপিয়ে ইলেক্টৰেল বণ্ডৰ জৰিয়তে ২ কোটি টকা চান্দা লোৱাৰ তথ্য উচ্ছতম ন্যায়ালয়ত এছ বি আয়ে দাখিল কৰা তথ্যত পোহৰলৈ আহিছিল৷