আজি ৪ মন্ত্ৰীৰ শপত, ৰদ-বদল হ’ব একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰ : ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল ডেৰ বছৰতকৈ কম সময় থকাৰ পাছতো মন্ত্ৰীসভাত চাৰিজনকৈ নতুন মুখৰ অন্তৰ্ভুক্তিৰ সিদ্ধান্ত একাংশৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে৷ ড॰ শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বা ৰদ-বদলক কেন্দ্ৰ কৰি দীৰ্ঘ সময় ধৰি বাজপেয়ী ভৱনৰ বাহিৰে-ভিতৰে ব্যাপক জল্পনা-কল্পনা চলি আছিল৷ বহুজনে মন্ত্ৰিত্বৰ বাবে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছিল লবীকেন্দ্ৰিক ৰাজনীতি৷ বৃহস্পতিবাৰে এই সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই মুখ্যমন্ত্ৰীয়ে চাৰিজন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰে৷ শনিবাৰে দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিজন নৱনিৰ্বাচিত মন্ত্ৰীক শপতবাক্য পাঠ কৰোৱাব৷ নতুনকৈ চাৰিজন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ পাছতো ড॰ শৰ্মা মন্ত্ৰীসভাত আৰু এটা মন্ত্ৰীপদ খালী থাকি গ’ল৷ নতুনকৈ মন্ত্ৰীপদ লাভ কৰি চাৰি বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰাই উৎফুল্লিত হৈ পৰিছে যদিও বৰ্তমানৰ একাংশ মন্ত্ৰীয়ে এই সম্প্ৰসাৰণক লৈ শংকিত হৈ পৰিছে৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছতে বৰ্তমানৰ মন্ত্ৰীসকলৰ ওচৰত থকা দপ্তৰ সাল-সলনি প্ৰায় নিশ্চিত হৈ পৰিল৷
এইক্ষেত্ৰত মন্ত্ৰীসকলৰ পাৰ্ফমেঞ্চক মাপকাঠি হিচাপে ধৰি লৈ দপ্তৰ সাল-সলনি কৰা হ’ব বুলি বাজপেয়ী ভৱনৰ সূত্ৰত প্ৰকাশ৷ বৰ্তমানে অধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা একাংশ মন্ত্ৰীৰ দপ্তৰ কৰ্তন হোৱাটো নিশ্চিত৷ ইয়াৰ পৰিৱৰ্তে বিগত সময়ছোৱাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰা মন্ত্ৰীক দিয়া হ’ব তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ দপ্তৰ বা বিভাগ৷ বৰ্তমান একোজন মন্ত্ৰীৰ ওচৰত একাধিক গুৰুত্বপূৰ্ণ বিভাগ থকাৰ ফলত চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত যথেষ্ঠ প্ৰশাসনীয় জটিলতাৰ সৃষ্টি হৈছে৷ বহু মন্ত্ৰীয়ে নিজৰ ওচৰত থকা গুৰুত্বপূৰ্ণ বিভাগসমূহত সমানে গুৰুত্ব দিব পৰা নাই৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ওপৰত৷ বৰ্তমান মুখ্যমন্ত্ৰীৰ ওচৰত বহু গুৰুত্বপূৰ্ণ বিভাগ বিতৰণ নকৰাকৈ আছে৷ হয়তো মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলৰ মাজত ইয়াৰে বহুকেইটা বিভাগ বিতৰণ কৰাৰ সম্ভাৱনা আছে৷ যিহেতু বিধানসভাৰ নিৰ্বাচন সমাগত সেয়ে বৰ্তমানৰ বহুকেইজন মন্ত্ৰীৰ বৰ্তমানৰ বিভাগ সাল-সলনি কৰি চৰকাৰী কাম-কাজত নতুন গতি দিয়াৰো পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ কেৱল সঞ্জয় কিষাণে নহয়, মন্ত্ৰীসভাৰ পৰা আৰু দুই-এজন মন্ত্ৰীয়ে মন্ত্ৰীপদ হেৰুৱাটো প্ৰায় নিশ্চিত আছিল যদিও ৰাজনৈতিক বাধ্য-বাধকতাৰ বাবে মুখ্যমন্ত্ৰীয়ে এনে সিদ্ধান্ত গ্ৰহণ নকৰিলে৷ বিশেষকৈ বৰ্তমানৰ বহুকেইজন মন্ত্ৰীৰ কাম-কাজক লৈ মুঠেই সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ আনকি বাজপেয়ী ভৱনো এইসকল মন্ত্ৰীৰ ব্যৰ্থতাক লৈ ক্ষুব্ধ হৈ আছে৷ নিৰ্বাচনী যুঁজতে হওক বা বিভাগীয় কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰতে হওক, বহুকেইজন মন্ত্ৰী ব্যৰ্থ হোৱা বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ এনে মন্ত্ৰীসকলৰ দপ্তৰ সাল-সলনি প্ৰায় নিশ্চিত৷