‘ফাইল’ খোলাৰ ভাবুকি ৰকিবুলৰ ! মুখ্যমন্ত্ৰীৰো প্রত্যাহ্বান
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰ : ৰাজ্যৰ ৰাজনীতিত পুনৰ ফাইল বিতৰ্ক৷ এইবাৰ কৃষক নেতাৰ পৰা বিধায়ক হোৱা অখিল গগৈ নহয়, বৰং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সুদীৰ্ঘ সময়ৰ ঘনিষ্ঠ ৰাজনৈতিক সতীৰ্থ তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে আৰম্ভ কৰিছে এই ফাইল বিতৰ্ক৷ বৃহস্পতিবাৰে নতুন দিল্লীত এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰি ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত এটা সেউজীয়া ৰঙৰ পাইলৰ প্ৰসংগ উত্থাপন কৰে৷ সাংসদ হুছেইনে সংবাদ মাধ্যমক এই ফাইলটো চাবলৈ নিদিলেও নিজে ফাইলটো খুলি ইয়াত থকা নথি-পত্ৰবিলাক চাই বিভিন্ন মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাক প্ৰত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ হুছেইনে৷ সবিশেষ ৰাজহুৱা নকৰিলেও ফাইলটো যে ড॰ হিমন্ত বিশ্ব শৰ্মাকেন্দ্ৰিক সেই কথা সাংসদজনে স্পষ্টভাৱে উল্লেখ কৰে৷ এই সন্দৰ্ভত তেওঁ কয়– আজি মোৰ মনটো আনদিনতকৈ ভাল৷ ফাইল এটা বহুদিন বিচাৰি পোৱা নাছিলোঁ৷ মুখ্যমন্ত্ৰীয়ে জানিব এই ফাইলটোৰ কথা৷ আজি বিচাৰি পালোঁ ফাইলটো৷ এই ফাইলটোত বিভিন্ন ধৰণৰ মানুহৰ কথা আছে৷ যদি মই বোকাত নামিব লাগে নামিম৷ ফাইলটো দিল্লী আহি পালে৷ যেতিয়া দেখুৱাম ভালকৈ দেখুৱাম৷
তেওঁ দেখিলেই বুজি পাব ফাইলটো৷ ফাইলটো তেওঁ মন্ত্ৰী থকাৰ সময়ৰ৷ অন্য কাগজো আছে৷ ১৯৯৯ৰ কথাও আছে ফাইলটোত৷ হাইক’ৰ্টৰ কথাও আছে৷ ফাইলটো বিচাৰি পোৱা নাছিলোঁ৷ আজি বিচাৰি পালোঁ৷ শুকুৰবাৰে সাংসদজনে এই বিশেষ ফাইলৰ প্ৰসংগ পুনৰ উত্থাপন কৰি কয়– এই ফাইলৰ তথ্য মোৰ নহয়, এই তথ্য এসময়ত এছ পি আছিল, পিছত ডিজিপি হ’ল, তেওঁ কোৱা কথা৷ তেওঁৰ তথ্য যদি ভুল হয় মই নাজানো৷ নতুন চামে নাজানে এই কথা৷ তথ্য যদি ভুল তেন্তে তেওঁ মোৰ বিৰুদ্ধে কেছ কৰিব৷ আৰু তথ্য যদি শুদ্ধ হয়, তেতিয়া সাধাৰণ মানুহে তেওঁৰ বিচাৰ কৰিব৷ তেতিয়াহে ফাইলৰ কথাটো আহিব৷ মুখ্যমন্ত্ৰীয়ে যদি ক’বলৈ বাধ্য কৰায় তেন্তে ফাইলটোৰ কথা লোকসভাত ক’ম৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰকিবুল হুছেইনৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি কয়– ২০০৮-০৯ত অখিল গগৈয়ে ফাইল হাতত লৈছিল৷ অখিল গগৈৰ ভূত যদি ৰকিবুল হুছেইনৰ গাত সোমাল মই কি ক’ম৷ মোৰ ক’বলগীয়া একো নাই৷ এনেকুৱা ফাইল ২০০৮ৰ পৰা ২০১০ চনলৈকে অখিল গগৈয়ে প্ৰত্যেক দিনা দেখুৱাইছিল৷ সংবাদ মাধ্যমে প্ৰচাৰৰ মচলা পাইছে৷ উল্লেখ্য, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি পূৰ্বৰ কৃষক নেতা অখিল গগৈয়ে সংবাদমেলত দুটাকৈ ফাইল প্ৰদৰ্শন কৰিছিল, য’ত এই দুৰ্নীতিৰ সমস্ত তথ্য থকা বুলি তেওঁ দাবী কৰিছিল৷ সেই সময়ৰ কৃষক নেতা অখিল গগৈয়ে অৱশ্যে কোনো কালে সেই বিশেষ ফাইল দুটাত সন্নিবিষ্ট তথ্য ৰাজহুৱা নকৰিলে৷ দুই হাতে দুটা ফাইল লৈ সততে সংবাদমেল সম্বোধন কৰা বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী সময়ত এই ফাইলৰ প্ৰসংগ ৰহস্যজনকভাৱে পাহৰি গ’ল৷ অখিল গগৈৰ এই ফাইলক কেন্দ্ৰ কৰি সেই সময়ত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছিল৷ শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতিত পুনৰ অৰাম্ভ হৈছে ফাইলকেন্দ্ৰিক ৰাজনীতি৷