৬ জানুৱাৰীৰ পৰা গুণোৎসৱ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰ : ৬ জানুৱাৰীৰ পৰা ৰাজ্যত ষষ্ঠবাৰলৈ আৰম্ভ হ’ব গুণোৎসৱ৷ ৩টা পৰ্যায়ত মুঠ ৩৫খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ৷ ৬ জানুৱাৰীৰ পৰা ১১খন জিলাত প্ৰথম পৰ্যায়ৰ, ১৭ জানুৱাৰীৰ পৰা ১৪খন জিলাত দ্বিতীয় পৰ্যায়ৰ আৰু ৬ ফেব্ৰুৱাৰীৰ পৰা ১০খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেলযোগে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ গুণোৎসৱৰ বাবে সমগ্ৰ শিক্ষা অভিযানে প্ৰস্তুত কৰি উলিওৱা এপ্ছ মুকলি কৰাৰ পাছত মন্ত্ৰী পেগুৱে কয়– ৰাজ্যৰ ৪,০৯৪খন বিদ্যালয়ত অনুষ্ঠিত কৰা হ’ব গুণোৎসৱ৷ গুণোৎসৱত ভাগ ল’ব ৩৯ লাখ ৬৫ হাজাৰ ৮১গৰাকী শিক্ষাৰ্থীয়ে৷ কেউটা পৰ্যায়ৰ গুণোৎসৱত মূল্যায়নৰ বাবে ১৭,৯৩২জন বৰ্হিমূল্যায়ক (এক্সটাৰ্নেল ইভালুৱেটৰ) নিযুক্তি দিয়া হৈছে৷ গুণোৎসৱৰ প্ৰথমটো দিনত বিদ্যালয়ে নিজাববীয়াকৈ মূল্যায়ন কৰিব৷
বাকী তিনিদিন এক্সটাৰ্নেল ইভালুৱেটৰে মূল্যায়ন কৰিব৷ গুণোৎসৱত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে নম্বৰ নাপাব৷ বিদ্যালয়গৃহ ভাল হ’লে বিদ্যালয়ৰ মান ভাল হ’ব নোৱাৰে৷ গুণোৎসৱত ইউনিফৰ্মৰ ওপৰত নম্বৰৰ ব্যৱস্থা থাকিব৷ ইউনিফৰ্ম স্বাস্থ্যসন্মত হ’ব লাগিব৷ ইউনিফৰ্মৰ মান ঠিকে আছে নে নাই সেই সন্দৰ্ভত জিলাই জিলাই পৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে দুযোৰকৈ ইউনিফৰ্ম সঠিকভাৱে পাই আছে নে নাই তাৰ ওপৰত সংবাদ মাধ্যমেও যাতে তীক্ষ্ণ নজৰ ৰাখে৷ প্ৰথম পৰ্যায়ত ৬, ৭, ৮ আৰু ৯ জানুৱাৰীত বৰপেটা, বজালী, কামৰূপ, কৰিমগঞ্জ, কাৰ্বি আংলং, কোক্ৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাচৰ আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব গুণোৎসৱ৷ দ্বিতীয় পৰ্যায়ত ১৭, ২০, ২১ আৰু ২২ জানুৱাৰীত বাগ্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ তৃতীয় তথা অন্তিম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৪, ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত৷ বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও আৰু মাজুলী জিলাৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব তৃতীয় পৰ্যায়ত৷