ষ্টাৰ্কৰ গতি-ছুইঙত ধৰাশায়ী ভাৰতীয় বেটাৰ
এডিলেইড, ৭ ডিচেম্বৰ : পাৰ্থৰ প্ৰথম টেষ্টৰ দৰে দিবা-নৈশ দ্বিতীয় টেষ্টতো টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতে৷ কিন্তু দেখা গ’ল পাৰ্থ টেষ্টৰ পুনৰাবৃত্তি৷ ভাৰতৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তৰ সুযোগ ল’লে অষ্ট্ৰেলিয়াইহে৷ অষ্ট্ৰেলিয়াৰ বলাৰৰ গতি আৰু ছুইঙত আকৌ এবাৰ বিপৰ্যস্ত হ’ল ভাৰতীয় বেটাৰ৷ ৪৪.১ অভাৰত ১৮০ ৰানতে অলআউট হ’ল টীম ইণ্ডিয়া৷ ভাৰতীয় বেটাৰৰ এই দুৰ্দশাৰ মূলতে আছিল ৯১ সংখ্যক টেষ্টত অৱতীৰ্ণ হোৱা মিচেল ষ্টাৰ্ক৷ কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰৰ্শনেৰে ৪৮ ৰানত তেওঁ দখল কৰিলে ছটা উইকেট৷ প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত ১৬১ ৰানৰ অনবদ্য ইনিংছটোৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যশস্বী জয়ছোৱালে ষ্টাৰ্কক শ্লেজিং কৰিছিল এইবুলি–‘বল ভবাতকৈ অধিক মন্থৰ হৈছে৷’ সেই ষ্টাৰ্কে শুকুৰবাৰে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টৰ প্ৰথমদিনাৰ প্ৰথমটো বলতে আউট কৰি জয়ছোৱালক তাৰ প্ৰত্যুত্তৰ দিলে৷ টেষ্ট ক্ৰিকেটত দ্বিতীয়জন বলাৰ হিচাপে তিনিবাৰকৈ প্ৰথম বলতে উইকেট দখল কৰাৰ কৃতিত্বৰো অধিকাৰী হ’ল ষ্টাৰ্ক৷
জয়ছোৱালৰ উইকেট পতনৰ পাছত লোকেশ ৰাহুল আৰু আঘাত উপশমৰ পাছত দললৈ উভতি অহা শুভমন গীলে দলৰ ইনিংছ চম্ভালি লোৱাৰ চেষ্টা চলাই দ্বিতীয় উইকেটত যোগ দিছিল ৬৯ ৰান৷ কিন্তু ৰাহুলক আউট কৰি সেই যুটি ভংগ কৰিছিল গুলপীয়া ৰঙৰ বলৰ ক্ৰিকেটৰ বিশেষজ্ঞ বলাৰ ষ্টাৰ্কে৷ ৰাহুলে ৬৪টা বলত ছটা ‘চাৰি’ৰে ৩৭ আৰু গীলে ৫১টা বলত পাঁচটা ‘চাৰি’ৰে ৩১ ৰান সংগ্ৰহ কৰে৷ প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিৰাট কোহলিও (৭) ষ্টাৰ্কৰে চিকাৰ হয়৷ আনহাতে, লোকেশ ৰাহুলক ইনিংছ মুকলি কৰাৰ সুযোগ দিয়াৰ বাবে নিজৰ বেটিং ক্ৰম সলনি কৰা ৰোহিত শৰ্মা ব্যক্তিগত ৩ ৰানত আউট হয় স্কট ব’লাণ্ডৰ বলত৷ বেটিং ক্ৰমৰ সাত নম্বৰত ক্ৰীজলৈ অহা নীতীশ কুমাৰ ৰেড্ডীয়ে আক্ৰমণাত্মক বেটিঙেৰে ৫৪টা বলত তিনিটা ‘ছয়’, তিনিটা ‘চাৰি’ৰে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে৷ তেওঁৰ উপৰি ঋষভ পণ্ট আৰু ৰবিচন্দ্ৰন অশ্বিনৰ বেটৰ পৰা আহে ক্ৰমে ২১ আৰু ২২ ৰান৷ ভাৰতৰ প্ৰথম ইনিংছত ষ্টাৰ্কৰ উপৰি অষ্টে˜লিয়াৰ পেট কামিন্ছে ৪১ ৰানত দুটা আৰু স্কট ব’লাণ্ডে ৫৪ ৰানত দুটা উইকেট লাভ কৰে৷ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছ আৰম্ভ কৰি ২৪ ৰানত উছমান খাৱাজাৰ (১৩) উইকেট হেৰুৱালেও নাথান মেক্ছুইনী আৰু মাৰ্নাছ লাবুচেনে পৰৱৰ্তী সময়ত ভাৰতীয় বলাৰক আৰু সুযোগ নিদিলে৷ প্ৰথম দিনৰ অন্তত এটা উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰি সন্তোষজনক স্থিতিত আছে অষ্টে˜লিয়া৷ ভাৰতৰ প্ৰথম ইনিংছৰ স্ক’ৰতকৈ দলটো পিছ পৰি আছে কেৱল ৯৪ ৰানত৷ মেক্ছুইনী ৯৭টা বলত ছটা ‘চাৰি’ৰে ৩৮ আৰু লাবুচেন ২০ ৰানত অপৰাজিত থাকে৷ খাৱাজাৰ উইকেটটো দখল কৰে যশপ্ৰীত বুমৰাই৷