Logo
image

আৰম্ভ হ’ল সুমথিৰা উৎসৱ

‘আমাৰ অসম’ৰ সোণাপুৰৰ প্ৰতিবেদক, ৮ ডিচেম্বৰ : গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ মেঘালয় সীমান্তৰ দন্দৰাইত মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অৰেঞ্জ ফেষ্টিভেল (সুমথিৰা উৎসৱ)৷ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে সোণবৰণীয়া ৰসাল সোণবৰণীয়া কমলাই আকৃষ্ট কৰিছে সকলোকে৷ আম্প্ৰী উপত্যকা কৃষি পৰ্যটন আৰু গ্ৰাম্য সংযোগৰ লগতে কমলা উৎসৱ উদ্‌যাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মহোৎসৱ৷ এই উপলক্ষে পুৱা ৮ বজাত ৰাজহুৱা আগমন, ৮.৩০ বজাত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, ৯ বজাত পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি কাতি ৰংহাঙে ৯.৩০ বজাত বৃক্ষৰোপণ কৰে- কৃষক সমীৰ বৰদলৈয়ে, ১০.৩০বজাত কাৰ্যসূচী উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত ভিচি ড॰ কে এম বুজাৰবৰুৱাই, বিপণীৰ গৃহ উদ্বোধনৰ পাছতে ১২বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিচিচি, এনএছএছ, ডিএছডব্লিউ ড॰ ৰঞ্জন কাকতিয়ে৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া কলেজৰ অধ্যক্ষ মানৱজ্যোতি বৰকটকী,  সোণাপুৰ কলেজৰ অধ্যক্ষ ড॰ দেৱব্ৰত খনিকৰে৷ তাৰ পাছতে বিশিষ্ট কৃষকসকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷


অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা কমলা খেতিৰ ওপৰত কৃষকৰ সৈতে প্ৰশিক্ষণসহ পাৰস্পৰিক ক্ৰিয়া-কলাপ৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অধ্যক্ষ, বিজ্ঞানী আৰু মুৰব্বী কে ভি কে কামৰূপৰ ড॰ ধীৰেন্দ্ৰ নাথ কলিতা, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব এ এ ইউৰ উপাচাৰ্য ডাঃ বিদু্যৎ চন্দ্ৰ ডেকা৷ ১২বজাত মুকলি অধিৱেশন অনুষ্ঠিত হ’ব৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জিলা আয়ুক্ত সুমিত সত্তৱন৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কৃষি সঞ্চালক ভাস্কৰ পেগু৷ আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান বিশেষ শাখাৰ হীৰেন নাথৰ লগতে কেইবাজনো বিশেষ অতিথি উপস্থিত থাকিব৷ উল্লেখ্য সোণাপুৰৰ সোণবৰণীয়া কমলাই উত্তৰ পূৰ্বাঞ্চলত এক সুকীয়া স্থান দখল কৰি আহিছে৷ সোণাপুৰৰ কমলা ৰসাল আৰু সোৱাদযুক্ত৷  কিন্তু এই ৰসাল আৰু সোৱাদযুক্ত সোণাপুৰৰ কমলা কেইবা বছৰৰ আগৰ পৰা ইয়াৰ উৎপাদনৰ পৰিমাণ দিনকদিনে হ্ৰাস পাব ধৰিছে৷ বৰ্তমান ডিমৰীয়াত প্ৰায় ৯৩.৩ হেক্টৰ ভূমিত ৫০০জন খেতিয়কে কমলা খেতি কৰি বছৰি প্ৰায় ৫০লাখ টকা ধন উপাৰ্জন কৰে৷  কিন্তু এই উৎপাদনৰ পৰিমাণ আগৰ তুলনাত বহুগুণে কমি আহিছে৷ সেয়েহে কৃষকসকলক যাতে পুনৰ কমলা কৃষিৰ ক্ষেত্ৰত উৎসাহিত কৰি উৎপাদনৰ পৰিমাণ আগৰ তুলনাত দুগুণে বৃদ্ধি কৰিব পাৰে সেই উদ্দেশ্যেৰে এই কমলা উৎসৱৰ আয়োজন কৰা হৈছে৷