Logo
image

কাইলৈ দপ্তৰৰ ব্যাপক ৰদ-বদল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰ : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত হ’ব দপ্তৰৰ ব্যাপক ৰদ-বদল৷ সোমবাৰে হ’ব এই ৰদ-বদল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে চাৰি নতুন মন্ত্ৰীৰ শপত গ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত দপ্তৰৰ ৰদ-বদলৰ ইংগিত দিয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘নতুন মন্ত্ৰীয়ে দায়িত্ব লোৱাৰ লগে লগে পুৰণি মন্ত্ৰীৰ দপ্তৰ কৰ্তন হোৱাটো স্বাভাৱিক৷ সকলো মন্ত্ৰীৰে দপ্তৰ কৰ্তন নহয়৷ কিন্তু কিছু সংখ্যকৰ ক্ষেত্ৰত মিলাব লাগিব৷ সোমবাৰে দপ্তৰসমূহ বিতৰণ কৰা হ’ব৷ নতুনকৈ মন্ত্ৰীসভাৰ অন্তৰ্ভুক্ত হ’লে মুখ্যমন্ত্ৰীৰো দপ্তৰ কৰ্তন হ’ব, মন্ত্ৰীৰো কৰ্তন হ’ব৷ কিন্তু সকলোৰে দপ্তৰ কৰ্তন কৰিব নালাগে৷ কাৰণ চাৰিজনহে নতুন মন্ত্ৰী আছে৷ বাকী ১৫ জনে চাৰিজনক অলপ অলপ এৰি দিব৷ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই অসম মন্ত্ৰীসভাৰ ক্ষুদ্ৰ ৰদ-বদল হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু শনিবাৰে তেওঁ অসম মন্ত্ৰীসভাৰ ব্যাপক ৰদ-বদল কৰাৰ ইংগিত দিয়ে৷ বিজেপিৰ একেৰাহে পাঁচটা কাৰ্যকালৰ বিধায়ক প্ৰশান্ত ফুকনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰ সময়তে মন্ত্ৰিত্ব লাভ কৰিব বুলি আশা কৰিছিল৷


কিন্তু ফুকনে বাৰে বাৰে বঞ্চিত হৈছিল মন্ত্ৰিত্ব লাভৰ পৰা৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হেঁচাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত প্ৰশান্ত ফুকনৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বিজেপিৰ এটা শীৰ্ষ সূত্ৰত প্ৰকাশ৷ চাৰি নতুন মন্ত্ৰী অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত দ৫১ কৰ্তন হ’ব পাৰে উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ৷ তেওঁৰ পৰা উদ্যোগ আৰু বাণিজ্য দপ্তৰ কৰ্তন হোৱাৰ সম্ভাৱনা আছে৷ দপ্তৰ কৰ্তন হ’ব পাৰে মন্ত্ৰী কেশৱ মহন্তৰ৷ মহন্তৰ হাতত থকা আবকাৰী বিভাগ দিয়াৰ সম্ভাৱনা আছে বৰাকৰ দুই মন্ত্ৰীৰ কোনোবা এজনক৷ মন্ত্ৰী ৰঞ্জিত দাসৰ হাতত থকা খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ ভাগত পৰিব পাৰে প্ৰশান্ত ফুকনৰ হাতত৷ সদ্য অনুষ্ঠিত উপ-নিৰ্বাচন আৰু বিগত লোকসভা নিৰ্বাচনৰ সময়ত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিজেপি প্ৰত্যাহ৩ানৰ সন্মুখীন হোৱাৰ বাবে যে মুখ্যমন্ত্ৰী শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰি ক্ষোভ-অসন্তুষ্টি নিৰাময় কৰিবলৈ চেষ্টা কৰিছে সেই কথা স্পষ্ট৷