আইচিচিৰ ব’ৰ্ড সঞ্চালকৰ দায়িত্বত দেৱজিৎ শইকীয়া
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) সচিব জয় শ্বাহে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণৰ পাছত আন এক গুৰুত্বপূৰ্ণ পদত অধিস্থিত হ’ল অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক আৰু বি চি চি আইৰ বৰ্তমানৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া৷ শুকুৰবাৰে ডুবাইস্থিত আই চি চিৰ মুখ্য কাৰ্যালয়ত শইকীয়াই আই চি চিৰ ব’ৰ্ড সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে৷
এনে দায়িত্ব পোৱা তেওঁ হৈছে প্ৰথম অসমীয়া৷ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ ব’ৰ্ড সঞ্চালকৰ দায়িত্বত আছিল জয় শ্বাহ৷ শ্বাহে ১ ডিচেম্বৰত সংস্থাটোৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ পাছত শইকীয়াক এই দায়িত্বৰ বাবে নিৰ্বাচন কৰা হয়৷ ইয়াৰ অৰ্থ হৈছে যে এতিয়াৰ পৰা শইকীয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক প্ৰতিনিধিত্ব কৰিব৷ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ শইকীয়া গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে৷ আই চি চিৰ ব’ৰ্ড সঞ্চালকৰ দায়িত্ব পোৱাৰ বাবে অসম ক্ৰিকেট সন্থাৰ লগতে অসম অলিম্পিক সন্থাই শইকীয়াক অভিনন্দন জনাইছে৷