Logo
image

হেডৰ শতক, বেকফুটত ভাৰত

এডিলেইড, ৮ ডিচেম্বৰ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অংশ লোৱা দিবা-নৈশ টেষ্টৰ দ্বিতীয় দিনৰ অন্তত ছাপত ভাৰত৷ ট্ৰেভিছ হেডৰ দুৰন্ত  শতকৰ  সহায়ত প্ৰথম ইনিংছত শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় অষ্টে˜লিয়াই৷ গোলাপী বলৰ টেষ্টখনত দ্বিতীয় ইনিংছ আৰম্ভ কৰি শনিবাৰৰ দিনটোৰ শেষলৈ ভাৰেত ১২৮ ৰানৰ বিনিময়ত পাঁচটা উইকেট হেৰুৱাইছে৷ ক’ব পাৰি দ্বিতীয় টেষ্টত জয় অষ্ট্ৰেলিয়াৰ বাবে এতিয়া সময়ৰ অপেক্ষা মাত্ৰ৷ শুকুৰবাৰে  প্ৰথম ইনিংছ আৰম্ভ কৰি  দিনটো শেষলৈকে অষ্ট্ৰেলিয়াই এটা উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰিছিল৷ শনিবাৰে দলটোৰ  প্ৰথম ইনিংছ শেষ হয় ৩৩৭ ৰানত৷ দলটোৱে প্ৰথম ইনিংছত ১৫৭ ৰানৰ অগ্ৰগতি লাভ কৰে৷ শুকুৰবাৰে ৩৮ ৰানত অপৰাজিত থকা নাথান মেক্‌ছুইনীয়ে দলীয় ইনিংছত আৰু মাত্ৰ একৰান যোগ দি শনিবাৰে বিদায় লয়৷ কিন্তু ধৈৰ্যশীল ইনিংছ খেলে শুকুৰবাৰে ২০ ৰানত অপৰাজিত হৈ থকা মাৰ্নাছ লাবুছেনে৷ তেওঁ ১২৬ টা বলৰ সন্মুখীন হৈ ৬৪ ৰানৰ ইনিংছ খেলে৷


যি পিটচত ভাৰতীয় দলে বেটিং কৰাটো কঠিন যেন লাগিছিল, সেই পিটচতে সাৱলীলভাৱে খেলিলে টেভিছ হেডে৷ ভাৰতীয় বলিং আক্ৰমণৰ বিৰুদ্ধে ১৪১ টা বলত ১৪০ ৰানৰ ইনিংছ খেলে হেড৷ তেওঁৰ ইনিংছত আছিল ১৭টা চাৰি আৰু চাৰিটা ছয়৷ হেডক আউট কৰি অপ্ৰয়োজনীয়ভাৱে আক্ৰমণাত্মক মনোভাৱ প্ৰকাশ কৰিলে মহম্মদ ছিৰাজে৷ শনিবাৰে আৰম্ভণিতে যশপ্ৰীত বুমৰাক  মাত্ৰ চাৰি অভাৰ ব্যৱহাৰ কৰে অধিনায়ক ৰোহিত শৰ্মাই৷ আঘাত পোৱাৰ বাবে হয়তো সেই সময়ত বুমৰাক আঁতৰাই ৰাখিছিল অধিনায়কে৷ পাছত অৱশ্যে তেওঁ পৰিচিত ছন্দত বল কৰে৷ ভাৰতৰ হৈ যশপ্ৰীত বুমৰা আৰু মহম্মদ ছিৰাজে চাৰিটাকৈ উইকেট লাভ কৰে৷  দ্বিতীয় ইনিংছ আৰম্ভ কৰি যিধৰণে খেলাৰ প্ৰয়োজন আছিল সেইধৰণে খেলিব নোৱাৰিলে ভাৰতে৷ মাত্ৰ সাত ৰান কৰি আউট হয় লোকেশ ৰাহুল৷ যশস্বী জয়ছোৱালে ২৪ ৰান কৰি বিদায় লয়৷ শুভমন গীলৰ বেটৰ পৰা আহে ২৮১ান৷ মাত্ৰ ১১ ৰান কৰে বিৰাট কোহলিয়ে৷ ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা (৬)৷ দিনান্তত ঋষভ পণ্ট ২৮ আৰু নীতীশ কুমাৰ ৰেড্ডী ১৫ ৰানত অপৰাজিত আছে৷ অষ্ট্ৰেলিয়াৰ হৈ পেট কামিনছ আৰু স্কট ব’লাণ্ডে দুটাকৈ আৰু মিচেল ষ্টাৰ্কে এটা উইকেট লাভ কৰে৷ ইনিংছ পৰাজয়ৰ পৰা হাত সাৰিবলৈ ভাৰতক আৰু ২৯ ৰানৰ প্ৰয়োজন৷