জয় শ্বাহৰ স্থানত বিচিচিআইৰ ভাৰপ্ৰাপ্ত সচিব দেৱজিৎ শইকীয়া
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ডিচেম্বৰ : বিশ্বৰ সবাটোকৈ ধনাঢ্য আৰু দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বাধিত গ্লেমাৰপূৰ্ণ ক্ৰীড়া সংগঠন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ (বিচিচিআই) শীৰ্ষ পদবীত অধিষ্ঠিত হ’ল অসমৰ এসময়ৰ ৰঞ্জী ক্ৰিকেটাৰ দেৱজিত শইকীয়া৷ এসময়ত অসম ক্ৰিকেট সন্থাৰো সম্পাদকৰ দায়িত্ব পালন কৰা দেৱজিত শইকীয়া বিচিচিআইৰ সচিবৰ পদলৈ উন্নীত হোৱাৰ পূৰ্বে একেখন কমিটীৰ যুটীয়া সম্পাদক আছিল৷ বৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নীয়ে বিচিচিআইৰ তেওঁৰ সাংবিধানিক অধিকাৰ ব্যৱহাৰ কৰি দেৱজিত শইকীয়াক ভাৰপ্ৰাপ্ত সচিব হিচাপে নিয়োগ কৰে৷ বৰ্ড সচিব জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কমিটীৰ (আইচিচি) অধ্যক্ষ নিৰ্বাচিত হোৱাত এই পদ খালী হৈ আছিল৷ যোৱা ১ ডিচেম্বৰত জয় শ্বাহে আনুষ্ঠানিকভাৱে আইচিচিৰ অধ্যক্ষৰ দায়িত্ব লয়৷ ফলত অনতিবিলম্বে এই পদ পূৰণ কৰা অপৰিহাৰ্য হৈ পৰে৷বিচিচিআইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে বৰ্ডৰ সংবিধানৰ ৭ (১) ধাৰাৰ অধিকাৰ প্ৰয়োগ কৰি দেৱজিত শইকীয়াক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰে৷
দেৱজিত শইকীয়ালৈ দিয়া পত্ৰত তেওঁ লিখিছে–‘বৰ্ডৰ কোনো গুৰুত্বপূৰ্ণ পদ খালী হৈ থাকিলে বৰ্ডৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে সভাপতিয়ে সেই পদ পূৰণ কৰাৰ সাংবিধানিক দায়িত্ব থাকে৷ সেই অনুসৰি মই আপোনাক বৰ্ডৰ খালী হৈ থকা সচিবৰ পদ পূৰণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিলো৷ মই নিশ্চিত যে, আপুনি দায়িত্ব সহকাৰে আপোনাৰ কৰ্তব্য পালন কৰিব৷’অসমৰ মহাধিবক্তাৰো দায়িত্বত থকা দেৱজিত শইকীয়াই ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ পদ লাভ কৰাটো অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ কিয়নো, টীম ইণ্ডিয়াৰ অধিনায়কৰ দৰে বৰ্ডৰ সচিবৰ পদটোও ‘হট ছিট’ হিচাপে গণ্য কৰা হয়৷ বিশ্ব ক্ৰিকেটৰ সকলোবোৰ দেশৰ বৰ্ডৰ ভিতৰত বিচিচিআই শক্তিশালী আৰু ধনাঢ্য৷ সেয়ে আইচিচিত ভাৰতীয় ভাৰতীয় বৰ্ডৰ্ৰ কতৃৰ্ত্ব বিশাল৷ এনে পৰিপ্ৰেক্ষিততে দেৱজিত শইকীয়াৰ এই পদ লাভ একে সময়তে গৌৰৱ আৰু কতৃৰ্ত্ব অৰ্জনৰো পৰিচায়ক৷ ভাৰপ্ৰাপ্ত হ’লেও এই পদৰ ক্ষেত্ৰত দেশৰ কেইবাজনো ক্ৰিকেট কৰ্মকৰ্তাৰ নাম সমানে উচ্ছাৰিত হৈছিল৷ প্ৰয়াত বিজেপি নেতা অৰুণ জেটলীৰ পুত্ৰ তথা দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলী, গুজৰাট ক্ৰিকেট সন্থাৰ সচিব অনিল পেটেলৰ নামো দেৱজিত শইকীয়াৰ সৈতে উচ্ছাৰিত হৈছিল৷ উল্লেখ্য, নিয়ম অনুসৰি সচিব বা বৰ্ডৰ আন শীৰ্ষ পদ খালী হ’লে ৪৫ দিনৰ ভিতৰত পূৰণ কৰা হয়৷ সেই অনুসৰি দেৱজিত শইকীয়াই অহা ১৪ জানুৱাৰীলৈকে দায়িত্ব লাভ কৰিব৷ কিন্তু তেনেক্ষেত্ৰত সভাপতিয়ে বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰিব সচিব বা খালী পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব৷ অৱশ্যে একে সময়তে বৰ্ডৰ কাৰ্যকাল সম্পূৰ্ণ হোৱালৈও এনে নিৰ্বাচনৰ বাবে অপেক্ষা কৰাৰ সুযোগ আছে৷ বৰ্ডৰ কাৰ্যকালৰ সামৰণি পৰিব অহা ছেপ্টেম্বৰত৷ সেই অনুসৰি দেৱজিত শইকীয়া ছেপ্টেম্বৰ পৰ্যন্ত সচিবৰ পদত থকাৰ পূৰ্ণ সম্ভাৱনা আছে৷ বৰ্ডে এই ক্ষেত্ৰত কোনো তথ্য প্ৰকাশ কৰা নাই৷ আশা কৰা হৈছে, অহা ছেপ্টেম্বৰ পৰ্যন্ত দেৱজিত শইকীয়াই বৰ্ড সচিবৰ দায়িত্ব পালন কৰিব৷