Logo
image

৬০ কিলোমিটাৰত ৩খন! গোসাঁইগাঁৱত নতুন টোলগেট মুকলি

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধি, ৯ ডিচেম্বৰ : গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেলিপৰাত নতুনকৈ নিৰ্মাণ কৰা টোলগেট আজি মুকলি কৰা হয়৷ আজি পুৱা টোলগেটখন মুকলি কৰাৰ পিছত স্থানীয় দল-সংগঠন ক্ষুব্ধ হৈ পৰিছে৷ একেটা পথত ৬০ কিলোমিটাৰ ব্যৱধানৰ ভিতৰত ৩খন টোলগেট৷ গোসাঁইগাঁৱৰ পৰা ১০ কিলোমিটাৰ দূৰৈত বংগৰ কামাখ্যাগুৰিত এখন, ৪০ কিলোমিটাৰ দূৰৈত কাৰীগাঁৱত এখন আৰু আনখন গোসাঁইগাঁৱৰ তেলিপাৰাত৷ একেটা পথত তিনিখন টোলগেট হোৱাত এক ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে৷ ইয়াৰ পৰাই দ্ৰব্য মূল্য বৃদ্ধি হ’ব বুলি ছাত্ৰ নেতাৰ অভিযোগ৷ তেলিপাৰাত নতুনকৈ টোলগেট স্থাপন কৰিছে যদিও ইয়াৰ বাবে থাকিব লগা পৰিকাঠামো নাই৷ এই অভিযোগ আক্ৰাছুৰ সাধাৰণ সম্পাদক সুনধৰ ৰায়ৰ৷ ছাত্ৰ নেতাগৰাকী কয়– ‘ৰাষ্ট্ৰীয় পথৰ বিভিন্ন স্থানত থকা টোলগেটবোৰ দ্ৰব্য-মূল্য বৃদ্ধি হোৱাৰ আন এটা কাৰণ৷


গোসাঁইগাঁৱত নতুনকৈ মুকলি কৰা টোলগেটখনত নাই কোনো ব্যৱস্থা৷ যাত্ৰীৰ বাবে যি সমূহ সুবিধা আৰু বিশুদ্ধ খোৱাপানী থাকিব লাগিছিল সেয়া নাই৷ এখন টোলগেট মুকলি কৰাৰ পূৰ্বে স্থানীয় দল-সংগঠনক অৱগত নকৰাকৈ গোপনে মুকলি কৰিছে৷ এয়া বিজেপি চৰকাৰৰ ছিণ্ডিকেটৰাজ৷ এতিয়া টোলটেক্সৰ নামত চলিছে ছিণ্ডিকেট৷ চৰকাৰে টোল টেক্স গ্ৰহণ কৰক, আমাৰ কোনো আপত্তি নাই– কিন্তু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে একো হোৱা নাই৷ ৬০ কিলোমিটাৰত নহয়, ৪০ কিলোমিটাৰতে দুখন টোলগেট৷ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলগেট মুকলি কৰিছে৷ এয়া অতি দুখৰ কথা৷ একেটা পথতে তিনিখনকৈ টোলগেট৷ আৰ্থিক অনাটনত ভুগি থকা চৰকাৰখনে ৰাইজৰ পৰা টোল টেক্স লৈ জোৰা মাৰিব বিচাৰিছে৷ সাধাৰণ জনতাক মাধমাৰ শোধোৱাৰ বাহিৰে এয়া একো নহয়৷ চৰকাৰৰ এনে দুমুখীয়া নীতিক ধিক্কাৰ দিছোঁ৷’ উল্লেখ্য, অসমৰ ৰাজপথত মুঠ ২৭খন টোলগেট স্থাপন কৰাৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰে৷ বৰ্তমানে চলি আছে ৯ খনকৈ টোলগেট৷ এই টোলগেটসমূহ পৰিচালনা কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই৷ ইতিমধ্যে অসমত পাঁচখন নতুন টোলগেট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ সেইকেইখনত শীঘ্ৰে টোলকৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিব চৰকাৰে৷ নতুনকৈ ৯ খন টোলগেট নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷