Logo
image

বিপজ্জনকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ প্ৰতিদিনে ডেৰ ফুট জলস্তৰ হ্ৰাস

মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম), ৯ ডিচেম্বৰ : বিপজ্জনকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ৷ প্ৰতিদিনে গড়ে ডেৰ ফুট হ্ৰাস পাইছে বুঢ়ালুইতৰ জলস্তৰ৷ সোৱণশিৰি নৈৰ জলস্তৰো দ্ৰুতগতিত হ্ৰাস পাইছে৷ অসমীয়া জাতিৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱা ঘটনাই নৈপৰীয়া ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নমাই আনিছে৷ প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক ভাৱে হ্ৰাস পাই অহাত মাজুলী আৰু নিমাতী সংযোগী জলপথত সৃষ্টি হৈছে সমস্যাৰ৷ জীয়া নদীৰ মৃত্যু কাতৰতাত হেৰাই যাব নেকি সমগ্ৰ উত্তৰ অসমৰ সভ্যতা-সংস্কৃতি? সুজলা-সুফলা, শস্য-শ্যামলা অসমৰ বক্ষ যেন ক্ৰমাৎ শুকাই গৈছে৷ অতি বিপজ্জনক হাৰত হ্ৰাস পাব ধৰিছে অসমৰ ভূগৰ্ভস্থৰ জলস্তৰ৷ বিগত মাত্ৰ ১০টা বছৰ অৰ্থাৎ এটা দশকৰ ব্যৱধানতে অসমৰ ভূগৰ্ভৰ ৮০০ কোটি ঘন মিটাৰ পানী হ্ৰাস পাইছে৷ তৰাং হৈ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে এতিয়া চলিছে অল্ট, চুম’, চাফাৰী, বাইক ইত্যাদি বাহন৷ যি পথেৰে ব্ৰহ্মপুত্ৰ বৈ গৈছিল, সেই গৰ্ভ এতিয়া শুকান মৰুলৈ পৰ্যবসিত হৈছে৷ ব্ৰহ্মপুত্ৰৰ বুকুত বাঢ়ি অহা মৰুময় অৱস্থাই ঢাকি ধৰিছে নৈৰ দুয়ো পাৰৰ বিশাল অঞ্চল৷


ব্ৰহ্মপুত্ৰ অস্বাভাৱিক পৰিবৰ্তন, নদীৰ বুকু তৰাং হৈ পৰা অৱস্থাই চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে মাজুলীবাসীক৷ নৈপৰীয়া জনসাধাৰণৰে মতে, কোনো কালে আঘোণ মাহত এনেকৈ কমা নাছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ৷ যি হাৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিছে সেয়া কোনোকালে নেদেখা দৃশ্য বুলিও মত পোষণ কৰিছে৷ যাৰ বাবে দশক দশক জুৰি দক্ষিণ পাৰে মাজুলীলৈ যাতায়াতৰ অন্যতম পুৰণি পাৰঘাট ৰূপে পৰিচিত কমলাবাৰী পাৰঘাটৰ ফেৰী সেৱা এইবৰ্ষত মাজুলীৰ ৰাস উৎসৱৰ পূৰ্বেই বন্ধ হৈ পৰিছিল কেৱল ব্ৰহ্মপুত্ৰৰ পানী কমি যোৱাৰ বাবে৷  যাৰ বাবে পাৰ ঘাটটো বন্ধ কৰি দক্ষিণপাটৰ পুৰণা পাৰঘাটৰ স্থানৰ পৰা কমলাবাৰী ফেৰী চলাচল কৰাব লগা হৈছে৷ অৱশ্যে ইয়াৰ পূৰ্বৰ বছৰো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহু পৰিমাণে কমিছিল যদিও এই বৰ্ষৰ দৰে অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল৷  সম্প্ৰতি বাৰিষাৰ সময়ৰ ব্ৰহ্মপুত্ৰৰ যি মূল সুঁতি, সেই সুঁতিত এতিয়া দুচকীয়া, চাৰি চকীয়া বাহন চলিছে৷ তিনিমাহ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুৰ যি স্থানত প্ৰবল বানৰ বাবেই ফেৰী চলাচল বন্ধ কৰিব লগা হৈছিল সেই একেই স্থানতেই মাত্ৰ তিনিমাহ পিছত গাড়ী চলাব পৰাকৈ শুকান পৰিৱেশ৷ উল্লেখ্য, ২০১৩ চনত অসমৰ ভূগৰ্ভৰ জলস্তৰৰ পৰিমাণ আছিল ২৮.৯ বিলিয়ন কিউবিক মিটাৰ৷ এই জলধাৰা প্ৰতিবছৰে হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে৷ সেই অনুসৰি ২০১৭ চনত ভূগৰ্ভৰ জলৰ পৰিমাণ ২৪.২৬ বিলিয়ন কিউবিক মিটাৰলৈ হ্ৰাস পোৱাৰ বিপৰীতে ২০২২ চনত ২১.৪ বি চি এমলৈ নিম্নগামী হয়৷ কেন্দ্ৰীয় ভূগৰ্ভস্থ জল ব’ৰ্ডৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা মতে ১০ বছৰৰ ব্যৱধানত অৰ্থাৎ ২০২৩ চনত অসমৰ ভূগৰ্ভৰ জলৰাশি ২০.৯৩ বিলিয়ন কিউবিক মিটাৰলৈ হ্ৰাস পায়৷ অৰ্থাৎ সাধাৰণ ভাষাত ক’বলৈ হ’লে ২০১৩ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মাত্ৰ এটা দশকৰ ভিতৰতে অসমৰ ভূগৰ্ভৰ প্ৰায় ৮০০ কোটি ঘনমিটাৰ পানী হ্ৰাস পাইছে৷ ১০ বছৰতে উদ্বেগজনক হাৰত ভূগৰ্ভৰ জলৰাশি হ্ৰাস পোৱা কাৰ্যই অসমলৈ যেন অশনি সংকেত কঢ়িয়াই আনিছে৷ বাৰিষা বানৰ মহাপ্ৰলয়ৰ সৈতে প্ৰতি বছৰে সহাৱস্থান কৰি অহা অসমে অচিৰেই ভয়ংকৰ জল সংকটৰ সন্মুখীন হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিততেই ভূগৰ্ভস্থ জলৰাশি বিপজ্জনক হাৰত হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে৷ বাৰিষা নদ-নদী, জান-জুৰিসমূহত পানীয়ে উপচি পৰি সাগৰৰ সৃষ্টি কৰি আহিছে যদিও ব্ৰহ্মপুত্ৰৰ লগতে আন আন নৈসমূহৰ উৎসস্থলীত চীন, ভূটান আৰু অৰুণাচলত শক্তি উৎপাদনৰ বাবে বৃহৎ বৃহৎ বান্ধ নিৰ্মাণ কৰাৰ ফলত খৰালি ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহত অভাৱনীয় হাৰত পানী শুকাই গৈছে৷ ব্ৰহ্মপুত্ৰত পানী শুকাই বালি ওলাই পৰাত মাজুলীত ফেৰী চলাচলত জটিলতা আহি পৰিছে৷