Logo
image

তিনিটা প্ৰজন্মৰ প্ৰমাণ নিদিয়াকৈয়ে গোৰ্খাই পাব ভূমিস্বত্ব

সৰুপথাৰৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্ৰৰ পৰা তুলসী চুতীয়া (আমাৰ অসম) : গোৰ্খাসকল অসমৰ জাতীয় জীৱনৰ অংগ৷ তেওঁলোকে মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ মিছন বসুন্ধৰা ৩.০ত তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিদিয়াকৈ পাব ভূমিস্বত্ব৷ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে সৰুপথাৰৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্ৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাগ লৈ তেওঁ এই ঘোষণা কৰে৷ সভাত মুখ্যমন্ত্ৰীয়ে কয়– অসমৰ গোৰ্খাসকলে অসমভূমিত জন্ম গ্ৰহণ কৰি অসমীয়া মাধ্যমত অধ্যয়ন কৰি অসমীয়াৰ সমান্তৰালকৈ নেপালী ভাষা-সাহিত্যৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ অসমৰ গোৰ্খাসকলৰ মাতৃভাষা দুটা৷ এটা নিজা ভাষা আৰু আনটো অসমীয়া ভাষা৷ গোৰ্খা জনগোষ্ঠীয়ে নিজ মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰি সমন্বয়ৰ নতুন সাকো গঢ়ি বৃহত্তৰ অসমীয়া সমাজখন সমৃদ্ধ কৰিছে৷ প্ৰাচীন অসম আৰু নেপালৰ ৰাজকীয় পৰিয়ালবৰ্গৰ মাজত বৈবাহিক সম্পৰ্ক আছিল৷ বৰ্মন বংশৰ ৰাজত্ব কালত তেতিয়াৰ কামৰূপ তথা পুৰণি অসমৰ ভিতৰুৱা অঞ্চললৈ কম-বেছি পৰিমাণে গোৰ্খাসকলৰ জনবসতি আৰম্ভ হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়তো অসমৰ সত্ৰসমূহত গোৰ্খালী বংশোদ্ভৱ লোক থকাৰ তথ্য পোৱা যায়৷


১৮১৬ চনত সম্পাদিত চুগৌলী সন্ধিৰ পিছত ৰাজ্যত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা গোৰ্খাসকলে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছিল আৰু সময়ৰ গতিত গোৰ্খাসকল অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগত পৰিণত হৈছে৷ অসমত নেপালী আৰু অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ অন্যতম বাটকটীয়া হৈছে হৰিপ্ৰসাদ গোৰ্খা ৰাই৷ আৱাহন যুগৰ বিশিষ্ট লেখক হিচাপে পৰিচিত গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোৱিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি অসমীয়া সাহিত্য চৰ্চাত আত্মনিয়োগ কৰিছিল৷ এই ত্ৰিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰি অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল৷  অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ  সান্নিধ্যত সাহিত্য জগতত খোজ পেলোৱা গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সোনাৰ তথা গোবিন্দ চন্দ্ৰ পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰিছিল৷ তেওঁ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰো সদস্য আছিল৷ তেওঁ অসমীয়াৰ লগতে নেপালী ভাষাতো পুথি ৰচনা কৰিছিল৷ হৰি প্ৰসাদ গোৰ্খা ৰাই, ধনবাহাদুৰ সোনাৰ, গোৱিন্দচন্দ্ৰ পৈৰাই বিগত শতিকাৰ তৃতীয় দশকতে অসমীয়া আৰু নেপালী সাহিত্যিকৰ মাজত গঢ়া সমন্বয়ৰ সেতু পৰৱৰ্তী সাহিত্যিকসকলে অধিক শক্তিশালী কৰিব৷ লীলবাহাদুৰ ছেত্ৰীয়ে পদ্মশ্ৰী লাভ কৰাৰ লগতে কেইবাগৰাকী সাহিত্যিকে সাহিত্য অকাডেমী, অনুবাদ আৰু যুৱ পুৰস্কাৰ লাভ কৰাৰ উপৰি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন আৰু বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে৷ স্বাধীনতাৰ যুঁজত অসমৰ সংগ্ৰামীসকলক বৃটিছৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰাতঃস্মৰণীয় ব্যক্তি ছবিলাল উপাধ্যায়৷

নিৰ্ভীক দেশপ্ৰেমিক আৰু সমাজ সংস্কাৰক হিচাপে অসমৰ ইতিহাসত সদায় জিলিকি থকা বাবু ছবিলাল উপাধ্যায়ে অসমৰ গোপালকৰ বিভিন্ন সমস্যাৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈকে ভ্ৰমণ কৰিছিল৷ আনন্দ বজাৰ পত্ৰিকাৰ নিয়মিত খবৰবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি স্বাধীনতা সংগ্ৰামৰ বিষে¸য় অসমীয়া সমাজত প্ৰচাৰ কৰিছিল আৰু কালক্ৰমত সমাজ জীৱনৰ এক বলিষ্ঠ ভূমিকাত তেখেত অৱতীৰ্ণ হৈছিল৷ স্বাধীনতাৰ পৰৱৰ্তী কালত অসমত ৰাজ্য ভাষাৰ সংকটৰ সময়ত বাবু ছবিলাল উপাধ্যায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ভ্ৰমণ কৰি চৰ-চাপৰিত থকা গোপালক গোৰ্খাসকলক লোকপিয়লত মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আহ৩ান জনাইছিল৷ অসমক পূৰ্ব বংগৰ সৈতে চামিল কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে বাবু ছবিলাল উপাধ্যায়ে গোপীনাথ বৰদলৈৰ কাষত থিয় দিছিল৷ সৰুপথাৰ নগৰৰ লগতে থকা নগাজৰী খনিকৰ গাঁৱত আৱিষ্কৃত হোৱা চতুৰ্থ শতিকাৰ শিলালিপিখনে উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ  পুৰণি লিপিৰ প্ৰমাণ দিয়ে৷ বৰপথাৰৰ দেৱৰণিত আৱিষ্কৃত আন এখন শিলালিপিৰ সময়ো চতুৰ্থ শতিকাৰ বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে৷ সেই শিলালিপিত থকা ভাষা আছিল অসমীয়া৷ অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতিত এই দুয়োখন শিলালিপিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ভাৰত নেপাল চুক্তি বিশ্লেষণ কৰিলে গোৰ্খালোকসকলক ভাৰতত বিদেশী আখ্যা দিব পৰা নাযায়৷ ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ ফলত আজি গোৰ্খাসকলে ডি ভোটাৰৰ কলংকৰ পৰাও মুক্ত হ’বলৈ সক্ষম হৈছে৷ ট্রাইবেল্ট বেল্ট এণ্ড ব্লকত গোৰ্খাসকলক প্ৰটেক্টটেড ক্লাচ হিচাপে ঘোষণা কৰা হৈছে৷ বসুন্ধৰাতো গোৰ্খাসকলে তিনিটা প্ৰজন্মৰ কোনো কাগজ-পত্ৰ দিব নালাগে৷ অনুষ্ঠানত কৃষি আৰু পশু পালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়কসকল বিশ্বজিৎ ফুকন, গণেশ লিম্বু, ভাস্কৰ শৰ্মা, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খতিওৱাৰ, কাৰ্যকৰী সভাপতি চিন্তামণি শৰ্মা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাক্তন অধ্যক্ষ অশোক ভট্টৰায়ৰ উপৰি নেপালী সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন নেপালী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷

এশখন বিছনাযুক্ত চিকিৎসালয় উদ্বোধন

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ১০০ খন বিচনাযুক্ত সমজিলা অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়ৱদ্ধতা পুঁজি শিতানেৰে নিৰ্মাণ কৰা অক্সিজেন প্লান্ট ৰাইজৰ সেৱাত উৎসৰ্গিত কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে সৰুপথাৰ সমষ্টিত পূৰ্বে ২০ হাজাৰ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে আৰু সমষ্টিটোত আৰু ১০ হাজাৰ মহিলাক এই আঁচনিখনৰ জৰিয়তে সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন ইনড’ৰ ষ্টেডিয়াম শুভ উদ্বোধন কৰাৰ লগতে ছুইমিং পুলৰো আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানত তেওঁ কয় যে এই ইনড’ৰ ষ্টেডিয়ামখন নিৰ্মাণত ২ কোটি টকা ব্যয় কৰা হৈছে আৰু ইয়াত দুখন ছিনথেটিক বেডমিণ্টন কৰ্ট, ২খন টেবুল টেনিচ কৰ্টৰ সুবিধা থাকিব৷ সৰুপথাৰৰ ছুইমিং পুল নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ বাবে ৭৫ লাখ টকা ব্যয় হ’ব৷ সৰুপথাৰত ৰাজ্য চৰকাৰৰ দ্বাৰা ইতিমধ্যে লাভলীনা বৰগোহাঞি ক্ৰীড়া প্ৰকল্পৰ কাম ইতিমধ্যে চলি আছে৷ মাদক দ্ৰৱ্য সেৱনে যুৱ প্ৰজন্মক পথভ্ৰষ্ট কৰে৷ ক্ৰীড়াৰ সৈতে জড়িত হৈ থাকিলে নেতিবাচক চিন্তাৰ পৰা ল’ৰা ছোৱালী মুক্ত হৈ থাকিব পাৰে৷ ক্ৰীড়াৰ মাধ্যমেৰে জীৱিকাৰ পথো মুকলি হয়৷ দেশত সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী, আৰক্ষী সেৱাত যোগদান কৰিবৰ বাবে এটা সুন্দৰ শৰীৰৰ প্ৰয়োজন আৰু এই সুন্দৰ শৰীৰ খেলৰ জৰিয়তে লাভ কৰিব পৰা যায়৷ খেলৰ পৰিৱেশ যিমানেই ভাল হ’ব সমাজখন সিমানেই সুন্দৰ হৈ পৰে আৰু ক্ৰীড়াৰ জৰিয়তে প্ৰতিযোগিতামুখী মনোভাৱ বিকশাই তোলটো সম্ভৱ৷ অহা ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে গাঁওসভাসমূহ অনুষ্ঠত হ’ব আৰু এই গাঁওসভাসমূহত অৰুণোদয়ৰ নতুন নতুন হিতাধিকাৰী নিৰ্বাচন কৰা হ’ব৷ হিতাধিকাৰী নিৰ্বাচন কৰাৰ সময়ত সমষ্টিটোত যিমান সংখ্যক ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা হ’ব৷ যিসকলে অৰুণোদয়ৰ লাভ কৰি আছে তেওঁলোকেও নিজৰ নাম অন্তৰ্ভূক্ত কৰিব লাগিব৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডত এম জি এনৰেগাৰ বিত্তীয় সাহায্যৰে সৰুপথাৰত  প্ৰায় ২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা গ্ৰাম্য ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে ২০২২ চনত আধাৰশিলা স্থাপন হোৱা এই ষ্টেডিয়ামখন ৰাইজৰ সেৱাৰ বাবে আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰে আৰু এই ষ্টেডিয়ামখনত ৪ হাজাৰ আসন উপলব্ধ থাকিব৷