ৰাজ্য পোহৰ কৰাৰ গুৰুদায়িত্ব প্ৰশান্ত ফুকনক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : ৰাজ্য পোহৰ কৰাৰ দৰে গুৰুদায়িত্ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ন-মন্ত্ৰী প্ৰশান্ত ফুকনৰ ওপৰত ন্যস্ত কৰিলে৷ লক্ষণীয় যে ৰাজ্যৰ শক্তি বিভাগৰ দায়িত্ব আৰু গুৰুত্ব অপৰিসীম৷ বিশেষকৈ উৎকট গৰমৰ দিন আহি পোৱাৰ পাছতে বিভাগটোক লৈ ৰাইজৰ খং-ক্ষোভৰ পাৰাস্তম্ভ উধবৰ্গামী হয়৷ এসময়ত ৰাজ্যৰ শক্তিমন্ত্ৰীগৰাকীয়ে ‘আন্ধাৰৰ ৰজা’ উপমাও পাইছিল৷
চৰকাৰ সলনি হয় যদিও বিভাগটোৰ কাম-কাজৰ কোনো সলনি নহয়৷ উৎকট গৰম সেই একেই লোড শ্বেডিং, বিদ্যুতৰ নাটনি, সঘন বিদ্যুৎ কৰ্তন, লুকাভাকু যেন নতুন বটলত পুৰণা মদ৷ ইয়াৰ লগতে শেহতীয়াকৈ ৰাজ্যত শদিয়াৰ পৰা ধুবুৰীলৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ, পূৰ্বৰ তুলনাত কেইবাগুণো বিদ্যুতৰ বিল অহা অভিযোগ আদি নতুন শক্তিমন্ত্ৰীয়ে কেনেদৰে মোকাবিলা কৰি দক্ষতাৰ পৰিচয় দিয়ে, সেয়াহে লক্ষণীয় হ’ব৷