Logo
image

বসুন্ধৰা ৩.০ বাতিলৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : ৰাজ্য চৰকাৰে বসুন্ধৰা ৩.০  সফল কৰি তোলাৰ বাবে ৰাজ্যবাসীৰ সহযোগ বিচাৰি কোটি কোটি টকা ব্যয়েৰে বিজ্ঞাপন প্ৰকাশ কৰি থকাৰ সময়ত দুই এক সংগঠনে বসুন্ধৰা ৩.০ বাতিলৰ দাবী জনাইছে৷ বসুন্ধৰা ৩.০ বাতিলৰ দাবীত সোমবাৰে দিছপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে৷ আসোঁৱাহপূৰ্ণ হোৱাৰ অভিযোগ তুলি বসুন্ধৰা ৩.০ বাতিলৰ দাবী জনাইছে সংগঠনটোৱে৷ বসুন্ধৰা ২.০ পুনৰীক্ষন কৰাৰ দাবী জনোৱাৰ উপৰি জৰীপ নকৰা স্থানত জৰীপ কৰি ভূমি পট্টা প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে৷  ৮৫ হাজাৰ খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ দাবীত ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ কেইবাশ লোক চামিল হয়৷


প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দি ভূমি অধিকাৰ  সংগ্ৰাম সমিতিৰ নেতা প্ৰবীন কলিতাই কয়– বসুন্ধৰা ৩.০১ জৰিয়তে ভূমি পট্টা প্ৰদানৰ বাবে যি নীতি নিৰ্দেশনা প্ৰস্তুতি কৰিছে সেয়া আসোঁৱাপূৰ্ণ৷ গুৱাহাটীৰ পাহাৰ ভৈয়ামে বাস কৰি থকা গৰীব মানুহখিনিৰ মতামত নোলোৱাকৈ, মাত্ৰ কেইটামান জনগোষ্ঠীৰ লোকক মাটি পট্টা প্ৰদানৰ লক্ষ্য লৈ বসুন্ধৰা ৩.০ হাতত লৈছে চৰকাৰখনে৷ চৰকাৰে প্ৰস্তুত কৰা নীতি নিৰ্দেশনা অনুমতি মাটিৰ পট্টা প্ৰদান কৰিলে গুৱাহাটীৰ ১৮খন পাহাৰত বাস কৰা মানুহে মাটিৰ পট্টা নাপায়৷ জৰীপ নোহোৱা মাটিত যদি মাটিৰ পট্টা নিদিয়ে, ৰাজহ বিভাগৰ মাটিত যদি মাটিৰ পট্টা নিদিয়ে, চৰকাৰী মাটিত যদি মাটিৰ পট্টা নিদিয়ে মাটিৰ পট্টা পাব কোনে?