Logo
image

গুগ্‌লৰ নতুন চিপ ‘উইলো’

নিউয়ৰ্ক, ১১ ডিচেম্বৰ : মাত্ৰ পাঁচ মিনিট৷ পাঁচ মিনিটতে কোটি কোটি বছৰৰ কাম কৰি দিব পৰাকৈ এক যুগান্তকাৰী কোৱাণ্টাম চিপ উদ্ভাৱন কৰি উলিয়ালে গুগলে৷ আমেৰিকাৰ তথ্য প্ৰযুক্তি সংস্থা গুগলৰ এই নতুন উদ্ভাৱনক কেন্দ্ৰ কৰি স্বাভাৱিকতে তথ্য প্ৰযুক্তিৰ জগতখনত সৃষ্টি হৈছে আলোড়নৰ৷ নতুন এই চিপৰ নাম ‘উইলো  চিপ’ (Willow)৷ কেলিফৰ্ণিয়াৰ ছাণ্টা বাৰবাৰাস্থিত গুগলৰ কোৱাণ্টাম লেবৰেটৰীত এই উইলো চিপ প্ৰস্তুত কৰা বুলি সদৰি কৰিছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছায়ে৷ তেওঁ নিজৰ এক্স হেণ্ডেলত এই বুলি উল্লেখ কৰিছে যে – ‘আহক উইল’ৰ সৈতে চিনাকি কৰি দিওঁ৷ আমাৰ নতুন অত্যাধুনিক কোৱাণ্টাম কম্পিউটিং চিপ উইল’৷


এইবিধ চিপে সাফল্যৰ লগতে তড়িৎ গতিত বিভিন্ন ত্ৰুটিৰ সমাধান কৰিব পাৰে৷... এটা পৰীক্ষাত উইলোৱে পাঁচ মিনিটৰো কম সময়ৰ ভিতৰত এনেকুৱা এটা গণনা কৰিবলৈ সক্ষম হৈছে যে যিটো ছুপাৰ কম্পিউটাৰে কৰিবলৈ হ’লে যিমান সময়ৰ প্ৰয়োজন হ’ব, সেয়া বিশ্ব ব্ৰহ্মাণ্ডৰ বয়সতকৈও বেছি হ’ব৷’ এক্স হেণ্ডেলত সুন্দৰ পিছাইৰ এই পোষ্টটো প্ৰত্যক্ষ কৰাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ধন কুবেৰ এল’ন মাস্কে৷ তেওঁ সুন্দৰ পিছাইৰ পোষ্টটোৰ ৰিপোষ্ট কৰি মাত্ৰ এটাই শব্দ উল্লেখ কৰে– ‘ওৱাও’৷ অৰ্থাৎ বুজাইছে যে, তেওঁ এই খবৰ পাই উৎফুল্লিত৷ ইপিনে ইয়াৰ উত্তৰত সুন্দৰ পিছায়ে এই বুলি উল্লেখ কৰে– ‘আমি মহাকাশলৈ গৈ ষ্টাৰশ্বিপ [এল’নৰ সংস্থা স্পেচ এক্সৰ মহাকাশ যান]ৰ সহায়ত কোৱাণ্টাম ক্লাষ্টাৰ কৰা উচিত৷ এইবাৰ এল’নে আকৌ লিখে– ‘সম্ভৱতঃ এদিন সেয়া কৰা হ’ব৷’ ইয়াৰ পাছত সুন্দৰ পিছাই আৰু এল’ন মাস্কৰ মাজত এক্স হেণ্ডেলত মহাজাগতিক দৰ্শনক লৈ আলোচনা কৰা দেখা যায়৷ এল’ন আৰু পিছাইৰ কথোপকথনে নেট নাগৰিকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ তদুপৰি তেওঁলোকৰ কথোপকথন আৰু গুগলৰ নতুন উদ্ভাৱন উইলো চিপ সামাজিক মাধ্যমৰ আলোচনাৰ বিষয় হৈ পৰিছে৷ ইপিনে উইলো চিপৰ উদ্ভাৱনৰ বিষয়ে গুগলৰ মুৰব্বী সুন্দৰ পিছায়ে ৰাজহুৱা কৰাৰ পাছত বিশেষজ্ঞসকলে এই নতুন প্ৰযুক্তিবিধে বিশ্বজুৰি প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে৷ কিয়নো ইয়াৰ ফলত একেকোবে প্ৰযুক্তিৰ ভৱিষ্যৎ বহু আগুৱাই যাব৷ আনহাতে নতুন এই উইলো চিপৰ ব্যৱহাৰেৰে অধিক শক্তিশালী ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিব পৰা যাব বুলি ধাৰণা কৰিছে প্ৰযুক্তি বিশেষজ্ঞসকলে৷