Logo
image

আঞ্চলিক দলৰ ভিৰত হেৰাব নেকি অগপ

অসমৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক গণভিত্তি আৰু প্ৰভাৱশালী আঞ্চলিক দল হিচাপে পৰিগণিত অসম গণ পৰিষদৰ বৰ্তমানৰ স্থিতিয়ে সকলোৰে মনত দলটোৰ ভৱিষ্যত সম্পৰ্কে শংকা আৰু সন্দেহৰ সৃষ্টি কৰিছে৷ বিশেষকৈ দিল্লীৰ দ্বাৰা নিয়ন্ত্ৰিত ৰাজনৈতিক দলৰ প্ৰতি অনাস্থা প্ৰকাশ কৰা অসমৰ জাতীয়তাবাদী শিবিৰৰ পৰাই বিগত সময়ছোৱাত মাহেকে-পষেকে একোটাকৈ আঞ্চলিক দলৰ আত্মপ্ৰকাশৰ পাছত জাতীয়তাবাদী চিন্তাৰ লোকসকলো বিভিন্ন শিবিৰত বিভক্ত হৈ পৰিছে৷ এতিয়া প্ৰতিদিনেই নতুন নতুন দল গঠনৰ চৰ্চাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ কোনোবাই এটা দল, এখন পতাকাৰ পোষকতা কৰাৰ সময়তে আন কোনোবাই সকলোৱে স্বকীয়তা বৰ্তাই ৰাখি বুজাবুজিৰে এক হোৱাৰ সপক্ষে মত প্ৰকাশ কৰিছে৷ মূলতঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সংগঠিত হ’বলৈ চেষ্টা চলোৱা সত্ত্বেও এই দল আৰু গোটসমূহৰ বিচাৰ-বিবেচনাৰ কেতবোৰ স্পষ্ট মত-পাৰ্থক্যই ঐক্যবদ্ধ হোৱাত বাধাৰ সৃষ্টি কৰিছে৷

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ নেতৃবৃন্দই অসম আৰু অসমীয়াৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ সৈতে সমদূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত দৃঢ় মত প্ৰকাশ কৰিছে যদিও এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হোৱা অজিত ভূঞাৰ নেতৃত্বাধীন দলটোৱে স্বাভাৱিকভাৱেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷ ছাত্ৰ সন্থাই অসমৰ ভাষা-সাহিত্য, সংস্কৃতিৰ প্ৰতি ভাবুকি অনা ‘কা’ বলৱৎকাৰী বিজেপিৰ লগতে পূৰ্বৰ অসম বিৰোধী কাৰ্যকলাপ আৰু ‘কা’ সম্পৰ্কত দুমুখীয়া স্থিতি লোৱা কংগ্ৰেছ আৰু সাম্প্ৰদায়িক এ আই ইউ ডি এফকো অসমীয়াৰ শত্ৰু বুলি চিহ্নিত কৰাৰ বিপৰীতে অজিত ভূঞাৰ দলে পূৰ্বৰ দায়-দোষ স্বীকাৰ কৰিও বিজেপিৰ সৈতে ক্ষমতাৰ যুঁজত কংগ্ৰেছ-এ আই ইউ ডি এফৰে মিত্ৰতা অপৰিহাৰ্য বুলি স্পষ্ট মত প্ৰকাশ কৰিছে৷ এই দুৰ্বলতাৰ বাবেই আছু, যুৱছাত্ৰ, কৃষক মুক্তি আৰু অৰূপ বৰবৰা নেতৃত্বাধীন দলটোৰ লগতে জাতীয়তাবাদী শিবিৰৰ প্ৰায় সকলোৱেই অজিত ভূঞাৰ দলৰ পৰা নিজকে নিলগাই ৰখাৰ ফলত নৱগঠিত দলটোৰ বাবে এতিয়া কংগ্ৰেছ-এ আই ইউ ডি এফৰ বাদে আন সংগী নোহোৱা হৈছে৷ আজিৰ পৰিস্থিতিত কংগ্ৰেছৰ শিবিৰত এ আই ইউ ডি এফ আৰু অজিত ভূঞাৰ দল থকাটো স্পষ্ট হোৱাৰ বিপৰীতে শাসনাধিষ্ঠিত বিজেপিৰ সৈতে আছে অগপ আৰু এন ডি এৰ সহযোগী দলসমূহ৷ নৱগঠিত আন দলসমূহে সকলো সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰা আঁতৰি স্বকীয়তা ৰক্ষাৰ স্থিতিত দৃঢ় হৈ আছে৷ অৱশ্যে দল গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত নিৰ্বাচনী ৰাজনীতিৰ সময়তহে প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰকৃত ৰূপ আৰু চৰিত্ৰ স্পষ্ট হ’ব৷

‘কা’বিৰোধী আৰু আঞ্চলিকতাবাদী চিন্তা-চৰ্চাৰে নতুন নতুন দল গঠনক লৈ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখন চঞ্চল হৈ উঠাৰ সময়তো আ(ৰ্যজনকভাৱে চৰ্চাৰ বাহিৰত ৰৈছে অগপৰ ভূমিকা৷ ‘কা’ৰ প্ৰৱৰ্তক বিজেপিৰ সংগ ত্যাগ নকৰা বাবেই আনুষ্ঠানিকভাৱে বিতৰ্কিত আইনখনৰ বিৰোধ কৰি উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা সত্ত্বেও অগপ দলৰ ‘কা’ বিৰোধিতাক কোনেও স্বীকৃতি দিব বিচৰা নাই৷ ফলত জনমানসত অগপ যেন এতিয়াও ‘কা’ৰ সমৰ্থক হিচাপেই চিহ্নিত হৈ ৰৈছে৷ আনকি সৰ্বাধিক সাংগঠনিক বিস্তৃতি থকা আঞ্চলিক ৰাজনৈতিক দল অগপক আঞ্চলিক দলৰ তালিকাতেই স্থান দিব বিচৰা নাই নতুন উদ্যমৰে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ অগ্ৰসৰ হোৱাসকলে৷ এনে ৰাজনৈতিক জটিলতাই অগপৰ বাবে বৃহৎ প্ৰত্যাহ৩ানৰ সৃষ্টি কৰিছে৷ বিজেপিৰ সংগ ত্যাগ নকৰা বাবেই দলটোৰ ভিতৰ চ’ৰাতো তুমুল সংঘাতৰ সৃষ্টি হৈছে যদিও সমাগত বিধানসভা নিৰ্বাচনৰ আগতে দলটোৰ বাবে বিকল্পৰ সন্ধানো অসম্ভৱ প্ৰায় হৈ পৰিছে৷ আঞ্চলিকতাবাদী শিবিৰৰ আন সকলো দলৰে উপেক্ষাৰ পাছত বিজেপিৰ সৈতে মিত্ৰতাৰে সমাগত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাহিৰে দলটোৰ বাবে আন সহজ পথ নোহোৱা হৈ আহিছে৷ আনহাতে বিজেপিৰে মিত্ৰতাই অদূৰ ভৱিষ্যতে দলটোৰ স্বকীয় চৰিত্ৰ আৰু পৰিচয় বিলুপ্ত কৰাৰ আশংকাও নোহোৱা নহয়৷ অৱশ্যে এই সকলো বহুলাংশে নিৰ্ভৰ কৰিব নৱগঠিত আৰু নতুনকৈ গঠন হ’বলগীয়া আঞ্চলিক দলসমূহৰ নেতৃবৃন্দৰ ৰাজনৈতিক বিচক্ষণতা, প্ৰভাৱ আৰু স্থায়িত্বৰ ওপৰতো৷ বৰ্তমান পৰিস্থিতিত ৰাজ্যখনত প্ৰায় পিচিঅ’ৰ আৰ্হিত সঘনাই আবিৰ্ভাৱ ঘটা দলসমূহৰ ভৱিষ্যত সম্পৰ্কে আজিয়েই নিশ্চিত হোৱাটোও অসম্ভৱ৷ নিৰ্বাচনৰ ফলাফলেহে নিৰূপণ কৰিব প্ৰকৃততে কাৰ ৰাজনৈতিক অংক কিমান শুদ্ধ৷