Logo
image

এবছৰতে ৰাজ্যই সুদ ভৰিলে ৮,৮১৫ কোটি টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ ডিচেম্বৰ : ‘যাবৎ জীবেৎ সুখং জীবেৎ, ঋণং কৃত্বা ঘৃতং পিবেৎ!’–অৰ্থাৎ ধাৰ-ঋণ কৰি হ’লেও ঘিউ-মৌ খাই বাচি থকা দিনকেইটা সুখেৰে থাকিব লাগে৷ –চাৰ্বাকৰ এই দৰ্শনৰ দৰেই এতিয়া যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ঋণলৈ ৰাজ্যবাসীক ‘অমৃত’ৰ সোৱাদ দিছে৷ এক কথাত আজিৰ তাৰিখত টেঁটুলৈকে ঋণত পোত গৈ কক্‌বকাবলগীয়া হৈছে অসম চৰকাৰে৷ অসমৰ ৰাজকোষৰ শোচনীয় অৱস্থাৰ প্ৰকৃত ছবিখন উন্মোচন হৈছে ৰিৰ্জাভ বেংক অৱ ইণ্ডিয়াৰ বাৰ্ষিক প্ৰতিবেদনত৷ সোমবাৰে ৰিৰ্জাভ বেংকে ৰাজহুৱা কৰা ‘ভাৰতৰ ৰাজ্যসমূহৰ পৰিসংখ্যাগত হাতপুথি ২০২৩-২৪’ শীৰ্ষক প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই অসমৰ বিত্তীয় অৱস্থাৰ বাস্তৱ অৱস্থাৰ প্ৰতিফলন ঘটিছে৷ ৰিৰ্জাভ বেংকৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অন্তত অৰ্থাৎ চলিত বৰ্ষৰ বিগত ৩১ মাৰ্চ পৰ্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা৷ অৰ্থাৎ অসমৰ ধাৰৰ বোজাই এতিয়া ডেৰ লাভ কোটি টকা অতিক্ৰম কৰিলে৷


ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০১৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা৷ আনহাতে ২০২১ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ কাৰ্যকালত অসমৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ৮৯,৭০৯ কোটি টকা৷ অৰ্থাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰত বিভিন্ন উৎসৰ পৰা ঋণ লয় ৪৮,৮০১ কোটি টকা৷ ইয়াৰ বিপৰীতে ২০২১ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা চলিত বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণে স্পৰ্শ কৰে ১,৫০,৯০০ কোটি টকা৷ নক’লেও হ’ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তিনিবছৰে ঋণ লয় ৬১,১৯১ কোটি টকা৷ চলিত বৰ্ষৰ প্ৰতিটো মাহতে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে গড়ে প্ৰায় ১,০০০-১,৫০০ কোটি টকাকৈ ঋণ লোৱা পৰিলক্ষিত হৈছে৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে অসম চৰকাৰৰ আৰ বি আইৰ জৰিয়তে ষ্টক নিলাম কৰি ৰাজ্যিক উন্নয়ন ঋণ শিতানতে সৰ্বাধিক ৯৭,৮৬৯ কোটি টকা ধাৰ লৈছে৷ তদুপৰি নাবাৰ্ডৰ পৰাও ৮,৯৮৬ কোটি টকা ঋণ গ্ৰহণ কৰিছে৷ ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ১২,৪৯৯ কোটি টকা, ভৱিষ্যনিধিৰ পৰা ১৪,৬৯৮ কোটি টকা আৰু অন্যান্য বেংকৰ পৰাও ৮,৯৯৭ কোটি টকা ঋণ লৈছে৷ লক্ষণীয় বিষয়টো হৈছে এই বৃহৎ অংকৰ ঋণৰ বাবদ মাত্ৰ এবছৰতে অসম চৰকাৰে ৰাজকোষৰ পৰা সুদ পৰিশোধ কৰিবলগীয়া হ’ল ৮,৮১৫ কোটি টকা৷ ৰাজ্যত এতিয়া প্ৰতিবছৰে ঋণৰ বিপৰীতে সুদৰ পৰিমাণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ বিগত ৮ বছৰীয়া কাৰ্যকালত ধাৰ-ঋণৰ বাবদ ৰাজকোষৰ পৰা সুদ পৰিশোধ কৰিলে ৪২,০৬১ কোটি টকা৷ ইয়াৰ ভিতৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ১৯,৬৫১ কোটি টকা সুদ ভৰিবলগীয়া হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বাকী ২২,৪১০ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হয়৷ স্বাভাৱিকতেই বছৰি বৃহৎ ধনৰাশি সুদৰ নামৰ পৰিশোধ কৰিবলগীয়া হোৱাত অসম চৰকাৰে এতিয়া সুদ আদায় দিয়াৰ বাবেও ঋণ লোৱা বুলি সমালোচনা কৰা দেখা গৈছে বিৰোধী ৰাজনৈতিক দলসমূহক৷