২৪ ঘণ্টাই বিজুলী যোগান ধৰিব শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰ : ৰাজ্যৰ নতুন শক্তিমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই বিজুলী ভৱনত উপস্থিত হ’ল প্ৰশান্ত ফুকন৷ মন্ত্ৰী প্ৰশান্ত ফুকনে শক্তি বিভাগৰ তিনিজনকৈ এমডিৰ লগত আলোচনাত বহে৷ শক্তি বিভাগৰ প্ৰতিটো বিষয়ৰ ওপৰত তেওঁ তন্ন তন্নকৈ আলোচনা কৰে৷ ইফালে, আজি দিছপুৰৰ জনতা ভৱনৰ ডি ব্লকৰ দ্বিতীয় মহলাত নতুন মন্ত্ৰীৰ চকীত বহিয়েই শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে ঘোষণা কৰে যে ৰাজ্যবাসীক ২৪ ঘণ্টাই বিজুলী যোগান ধৰাই তেওঁৰ মূল লক্ষ্য৷ বৰ্ধিত বিদ্যুৎ মাচুলৰ পৰা ৰাইজক সকাহ দিয়াৰো আশ্বাস দিয়ে ফুকনে৷ তেওঁ কয়– স্মাৰ্ট মিটাৰৰ প্ৰসংগতো হ’ব বিতং আলোচনা৷ ‘ৰোটি, কপৰা ঔৰ মকান’ৰ দৰে বিজুলীও ২৪ ঘণ্টাই পাব লাগে ৰাইজে৷ কেবিনেট মন্ত্ৰী হিচাপে মোক দায়িত্ব দিয়া বাবে মুখ্যমন্ত্ৰীক পুনৰ ধন্যবাদ জনাইছোঁ’ বুলি মন্তব্য কৰি ফুকনে কয়– ‘আজি কেইবাজনো বিষয়াৰ লগত কথা পাতিলোঁ৷ শক্তি বিভাগক যদি কিবা কাৰণত নতুনকৈ মডেলিং কৰিব লাগে, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি কৰিম৷ দক্ষতা বিকাশৰ প্ৰশিক্ষণ সুন্দৰ কৰিব লাগিব৷ তাৰ পাছত চাব লাগিব কিমান নিযুক্তি হ’ল৷ প্ৰশিক্ষণৰ নাম প্ৰশিক্ষণ হ’ব নালাগে, প্ৰশিক্ষণৰ যোগেদি আমি নিয়োগৰ ব্যৱস্থা কৰিব লাগিব৷
প্ৰশিক্ষণ দিয়াৰ পাছতে যাতে কাম পাই সেই ধৰণে কাম কৰিব লাগিব৷ ক্ষীপ্ৰতাৰে কাম কৰা মুখ্যমন্ত্ৰীৰ লগত কাম কৰিবলৈ ডেৰ বছৰ সময়েই যথেষ্ট সময়৷ সময়ৰ বালিত খোজ থৈ যোৱাৰ প্ৰয়াস কৰিম মই৷ জনতা ভৱনতে শক্তি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীৰ লগতো তেওঁ আলোচনাত বহে৷ ইফালে, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈয়ে মন্ত্ৰী কৌশিক ৰায়ে বিভাগটোৰ বিষয়াবৰ্গৰে প্ৰথমখন বৈঠকত বহে৷ এই বৈঠকৰ অন্তত তেওঁ কয়– ভুৱা ৰেচন কাৰ্ড বন্ধ কৰা হ’ব৷ ৰেচন দিয়াৰ প্ৰক্ৰিয়া ১৫ তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ আজি মোৰ ৰাজনৈতিক জীৱনৰ এটা বিশেষ দিন৷ মন্ত্ৰী হোৱাৰ সৌভাগ্য হ’ল৷ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ৷ তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ৰেচন কাৰ্ডত নাম নথকা সকলৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব৷’ উল্লেখ্য, পুৱাই মাংগলিক পৰ্বৰে কাৰ্যালয়ত প্ৰৱেশ কৰে নৱ নিযুক্তি মন্ত্ৰী কৌশিক ৰায়ে৷ জনতা ভৱনৰ ই ব্লকৰ প্ৰথম মহলা হ’ল মন্ত্ৰী কৌশিক ৰায়ৰ নতুন ঠিকনা৷ মীন আৰু পি এম জি এছ ৱাই বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে মন্ত্ৰীৰ চকীত বহাৰ পাছতেই কয় – এতিয়াৰে পৰা গৃহ নিৰ্মাণৰ নামত কোনেও টকা ল’ব নোৱাৰিব৷ কোনোবাই কেলেংকাৰি কৰিলে জেইলত যাব লাগিব৷ ইফালে, তেওঁ মীন বিভাগৰ বিষয়াবৰ্গৰেও আলোচনাত বহে৷ এই আলোচনাৰ অন্তত পালে কয়– ২০৩০ চনৰ ভিতৰত ৭ লাখ মেট্ৰিকটন মাছ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ চাহ জনগোষ্ঠীয় এলেকাসমূহৰ লগত ৰাজ্যৰ বিভিন্ন অঞ্চলত থকা বিল জলাশয়সমূহত মৎস্য উৎপাদনৰ বিষয়ে আলোচনা কৰা হৈছে৷