২০২৬! সুৰক্ষিত সমষ্টিৰ সন্ধানত মন্ত্ৰী-বিধায়ক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰ : ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ১৫ মাহহে বাকী৷ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণত বহু শাসক-বিৰোধী মন্ত্ৰী-বিধায়কৰ সমষ্টি বিলুপ্ত হ’ল বা নতুন সমষ্টি হ’ল৷ গতিকে ’২৬ৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ সুৰক্ষিত সমষ্টিৰ সন্ধানত নামি পৰিছে একাংশ মন্ত্ৰী-বিধায়ক৷ ২০২৬ত বহু মন্ত্ৰী-বিধায়কৰ ঠিকনা সলনি হোৱাটো একপ্ৰকাৰে নিশ্চিত হৈছে৷ দলে দলে মন্ত্ৰী-বিধায়ক সুৰক্ষিত সমষ্টিৰ ঠিকনা সন্ধানত নামি পৰিছে, লাগিছে ৰাজনৈতিক অংকত আউল৷ বিশেষকৈ গুৱাহাটী মহানগৰীৰ পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত হোৱাৰ লগতে সমষ্টিটোৰ গৰিষ্ঠসংখ্যক এলেকা মুখ্যমন্ত্ৰীৰ জালুকবাৰীত অন্তৰ্ভুক্ত হোৱাত সমষ্টিহীন হ’ল অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা৷ অগপ বিধায়কগৰাকীৰ এতিয়া চকু বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পলাশবাৰীত৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও নলবাৰী এৰি মন মেলিছে নতুন সমষ্টি টিহুলৈ৷ যদি সেয়াই হয় তেন্তে ২০২৬ত টিহুত টিকটকেন্দ্ৰিক যুঁজ হ’ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ মাজত৷ হাজো শুৱালকুছি এছ চি সংৰক্ষিত হোৱাত হাজোৰ বিজেপি বিধায়ক সুমন হৰিপ্ৰিয়া ওলাইছে মধ্য গুৱাহাটীলৈ৷ সেয়া হ’লে মধ্য গুৱাহাটীত টিকটৰ যুঁজ হ’ব সুমন হৰিপ্ৰিয়া আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মাজত৷
বটদ্ৰৱা বিলুপ্ত হোৱাত এতিয়া প্ৰাক্তন বিধায়ক আঙুৰলতা ডেকাই মন মেলিছে নগাঁও-বটদ্ৰৱালৈ৷ সেয়া হ’লে নগাঁও-বটদ্ৰৱাত প্ৰতিদ্বন্দ্বিতা হ’ব ৰূপক শৰ্মা আৰু আঙুৰলতাৰ মাজত৷ উজনিৰ দুটা সমষ্টি চাবুৱা আৰু লাহোৱাল মিলি সৃষ্টি হ’ল নতুন সমষ্টি চাবুৱা লাহোৱাল৷ চাবুৱা লাহোৱালত যুঁজ হ’ব দুই বিধায়ক পোনাকন বৰুৱা আৰু বিনোদ হাজৰিকাৰ মাজত৷ শিৱসাগৰৰ থাওৰা সমষ্টি বিলুপ্ত হোৱাত সুশান্ত বৰগোহাঁইৰ চকু নতুন সমষ্টি ডিমৌত৷ সেয়া হ’লে ডিমৌত টিকটৰ যুঁজ হ’ব সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীৰ মাজত৷ কেৱল শাসকৰে নহয় অংক নিমিলা হ’ল একাংশ বিৰোধী কংগ্ৰেছ বিধায়কৰ বাবেও৷ দক্ষিণ আৰু উত্তৰ অভয়াপুৰী বিলুপ্ত হৈ সৃষ্টি হ’ল নতুন সমষ্টি অভয়াপুৰী৷ অভয়াপুৰীত যুঁজ হ’ব প্ৰদীপ চৰকাৰ আৰু আব্দুল বাটেন খণ্ডকাৰৰ মাজত৷ দুই কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাসৰ দুই সমষ্টি বিলুপ্ত হৈ হোৱা বকো-ছয়গাঁও এছটি সংৰক্ষিত সমষ্টি সৃষ্টি হোৱাত নতুন সমষ্টি চমৰিয়াত টিকটৰ যুঁজ হ’ব ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাসৰ মাজত৷ আব্দুৰ ৰহিমৰ বৰপেটা এছচিৰ বাবে সংৰক্ষিত হ’ল৷ বিলুপ্ত হ’ল জাকিৰ হুছেইন শিকদাৰৰ সৰুক্ষেত্ৰী৷ সেয়ে নিশ্চিতভাৱে ২০২৬ত নৱগঠিত পাকা বেতবাৰীত টিকটকেন্দ্ৰিক যুঁজ হ’ব জাকিৰ হুছেইন শিকদাৰ আৰু আব্দুৰ ৰহিম আহমেদৰ মাজত৷ ইফালে, পশ্চিম গোৱালপাৰা এছটিৰ বাবে সংৰক্ষিত হোৱাত বিধায়ক আব্দুল ৰচিদ মণ্ডল ওলাইছে পূব গোৱালপাৰালৈ৷ সেয়া হ’লে পূব গোৱালপাৰাত যুঁজ হ’ব আব্দুৰ ৰচিদ মণ্ডল আৰু আবুল কালাম আলমৰ মাজত৷ নতুনকৈ বিধায়ক হ’লেও এছচি সংৰক্ষিত হোৱাত পুনৰ বিহালিত সুযোগ নাপাব দিগন্ত ঘাটোৱালে৷ ন-বিধায়কৰ মন বিশ্বনাথলৈ৷ সেয়া হ’লে বিশ্বনাথত যুঁজ হ’ব দিগন্ত ঘাটোৱাল আৰু প্ৰমোদ বৰঠাকুৰৰ মাজত৷ একেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৰাজনৈতিক অংক খেলিমেলি হোৱাৰ আশংকাত একাংশ মন্ত্ৰী-বিধায়ক দৌৰিছে কাষৰ সমষ্টিলৈ৷ ইয়াৰে ভিতৰত ৰঙিয়াৰ ভৱেশ কলিতাৰ চকু গোৰেশ্বৰ৷ পানেৰীৰ বিশ্বজিৎ দৈমাৰীৰ মন ভেৰগাঁও৷ বিহপুৰীয়া এৰি ভূপেন বৰাৰ লক্ষ্য ৰঙানদী৷ মন্ত্ৰী ৰঞ্জিত দাসৰ ঠিকনা হ’ব পাৰে বঙাইগাঁও৷ জনীয়াৰ ৰফিকুল ইছলামৰ চকু মন্দিয়াত৷ নাওবৈচা এছটি সংৰক্ষিত হোৱাত ভৰতৰ নৰহৰ চকু ঢকুৱাখনাত৷ আমগুৰি বিলুপ্ত হোৱাত অগপ বিধায়ক প্ৰদীপ হাজৰিকা ওলাইছে শিৱসাগৰলৈ৷ মুঠতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এইসকল মন্ত্ৰী-বিধায়কৰ ঠিকনা সলনি হোৱাটো নিশ্চিত৷ পিছে কাৰ ঠিকনা স্থায়ী হয় সেয়া সময়তহে স্পষ্ট হ’ব৷