’২৬ত অসমত তিনিবছৰীয়া চৰকাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকে আজি ২০২৯ ৰ পৰা দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে বিধেয়কত অনুমোদন জনোৱা তথা সংসদৰ চলিত শীতকালীন অধিৱেশনতে বিধেয়কখন আইনত পৰিণত কৰিবলৈ মোদী চৰকাৰে লোৱা উদ্যোগক অন্তঃকৰণেৰে আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বৃহস্পতিবাৰে ওড়িশাত প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে কয়–‘যদিহে দেশত এক দেশ, এক নিৰ্বাচন বলবৎ হয় তেন্তে অসমত ২০২৬ ত বিধানসভাৰ নিৰ্বাচনত অনুষ্ঠিত হ’লেও ২০২৯ ত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ’২৬ ৰ নতুন চৰকাৰখনৰ কাৰ্যকাল তিনিবছৰীয়া হ’ব৷ ওড়িশাত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ল৷ ফলত বাৰে বাৰে আৰু নিৰ্বাচন পাতিব নালাগে৷ কিন্তু আমাৰ ৰাজ্যত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ল পুনৰ ’২৬ ত বিধানসভাৰ নিৰ্বাচন পাতিব লাগিব৷
সাধাৰণতে দেখা যায় যে যি বছৰত বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়, সেই বছৰটোত কোনো উন্নয়নৰ কাম নহয়৷ সেয়েহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে ‘এক দেশ, এক নিৰ্বাচন’৷ আমি ইয়াৰ পূৰ্ণ সমৰ্থন কৰো৷ মোৰ বিশ্বাস যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যসভা আৰু লোকসভাত দুই তৃতীয়াংশ সমৰ্থনত আজি কেবিনেটত অনুমোদন দিয়া এক দেশ, এক নিৰ্বাচন’ বিধেয়কখন গৃহীত কৰাব৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৰামনাথ কোবিন্দৰ প্ৰতিবেদনখন যোৱা ছেপ্টেম্বৰ মাহতে গ্ৰহণ কৰিছে৷ যদি দেশত এক দেশ, এক নিৰ্বাচন গৃহীত হয় তেন্তে ’চ্ছ ৰ চৰকাৰখন মাত্ৰ তিনিবছৰীয়া হ’ব৷ ২০২৯ ত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ইয়াৰ পাছত পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হ’ব৷’ উল্লেখ্য, যোৱা ১৪ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা উচ্ছ পৰ্যায়ৰ এক দেশ এক নিৰ্বাচনৰ কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰিছে৷ কোবিন্দ কমিটীয়ে সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত ১০০ দিনৰ ভিতৰত স্থানীয় নিকায় নিগম আৰু পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে৷ আজি সেই কোবিন্দ প্ৰতিবেদনৰ ভিত্তিত মোদী চৰকাৰে দুখনকৈ বিধেয়কত অনুমোদন জনায়৷ ২০ ডিচেম্বৰত সমাপ্ত হ’বলগীয়া সংসদৰ চলিত শীতকালীন অধিৱেশনতে এই বিধেয়ক দুখন উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ কেবিনেটে অনুমোদন দিয়াৰ পাছত বিধেয়ক দুখন পৰৱৰ্তী আনুষ্ঠানিকতাৰ বাবে জৰুৰীভাৱে সংসদীয় কমিটীলৈ প্ৰেৰণ কৰা হৈছে৷