Logo
image

মন্দিৰ-মছজিদৰ গোচৰ ল’ব নোৱাৰিব আদালতে

নতুন দিল্লী, ১৩ ডিচেম্বৰ : এতিয়াৰে পৰা মন্দিৰ বা মছজিদ সন্দৰ্ভত আদালতসমূহে নতুনকৈ কোনো গোচৰ ল’ব নোৱাৰিব৷ দেশৰ উচ্ছতম ন্যায়ালয়ে আজি নিম্ন আদালত সমূহক এই নিৰ্দেশ দিয়ে৷ তদুপৰি শীৰ্ষ আদালতখনে দেশৰ সকলোবোৰ মন্দিৰ, মছজিদ আৰু গীৰ্জাৰ সমীক্ষাৰ ক্ষেত্ৰতো আজি স্থগিতাদেশ দিয়ে৷ শীৰ্ষ আদালতখনে আজি উল্লেখ কৰে যে বিচাৰাধীন হৈ থকা মন্দিৰ-মছজিদ সম্পৰ্কীয় গোচৰসমূহৰ মীমাংসা নোহোৱালৈকে কোনো আদালতে এতিয়াৰে পৰা নতুনকৈ গোচৰ ল’ব নোৱাৰিব৷ উল্লেখ্য যে উপাসনাস্থলী আইন গোচৰৰ শুনানিকালত শীৰ্ষ আদালতখনে আজি  নিৰ্দেশ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰে৷ উল্লেখ্য যে ১৯৯১ চনৰ উপাসনাস্থলী আইনৰ সংশোধনী বিচাৰি দেশৰ সৰ্বোচ্ছ ন্যায়ালয়খনত একাধিক গোচৰ ৰুজু হৈছিল৷


বিগত ৩ বছৰৰো অধিক কাল ধৰি উক্ত গোচৰসমূহৰ কোনো শুনানিয়েই হোৱা নাছিল৷ আজি উক্ত গোচৰ সমূহৰ শুনানিৰ দিন আছিল৷ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথৰ বিচাৰপীঠত হোৱা শুনানি কালত সৰ্বোচ্ছ আদালতখনে কয়–‘এই মুহূৰ্তত সমগ্ৰ দেশত মন্দিৰ-মছজিদক লৈ যিবোৰ সমীক্ষা চলি আছে, সেইবোৰ আপাততঃ স্থগিত থাকিব৷ তদুপৰি নিম্ন আদালত আৰু আনকি উচ্ছ ন্যায়ালয়সমূহকো এনে গোচৰৰ কোনো তাৎপৰ্যপূৰ্ণ ৰায়দান কৰাৰ পৰা বিৰত থাকিবলৈ শীৰ্ষ আদালতখনে নিৰ্দেশ দিয়ে৷ একেদৰে উচ্ছতম ন্যায়ালয়ত উপাসনাস্থলী আইন গোচৰ নিষ্পত্তি নোহোৱালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব বুলি স্পষ্ট কৰি দিয়ে সৰ্বোচ্ছ ন্যায়ালয়খনে৷