কেবিনেট মিটিঙত মন্ত্ৰীৰ হাতত মোবাইল ফোন নিষিদ্ধ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰ : ‘ৰাজ্যিক কেবিনেটৰ বৈঠকত এতিয়াৰে পৰা মোবাইল লৈ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব৷ মন্ত্ৰীৰ লগতে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া বিভাগীয় সচিবকে ধৰি অন্যান্য উচ্ছ পদস্থ বিষয়াসকলেও হাতত মোবাইল লৈ কেবিনেট বৈঠকত প্ৰৱেশ কৰিব নোৱাৰিব৷’– এই সন্দৰ্ভত আজি ৰাজ্য চৰকাৰৰ ৰাজনৈতিক (কেবিনেট কোষ) বিভাগে জাৰি কৰিছে আনুষ্ঠানিকভাৱে জাননী৷ এই জাননীত উল্লেখ কৰা হৈছে যে কেবিনেট বৈঠকৰ সময়ত যাতে ফকাছ আৰু এটেনশ্বন ভ্ৰষ্ট নহয় ইয়াৰ বাবে বৈঠকৰ সময়ত মোবাইল ফোন ব্যৱহাৰত বাধা দিয়া হৈছে৷ যোৱা ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকতে মোবাইল ফোন নিষিদ্ধকৰণৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি জাননীত উল্লেখ কৰা হৈছে৷ মন্ত্ৰী তথা বিষয়াসকলে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকৰ মোবাইলসমূহ বাহিৰত থৈ আহিব লাগিব৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৬ চনৰ পৰাই কেবিনেট মন্ত্ৰীসকলক বৈঠকত বহাৰ পূৰ্বে ম’বাইলসমূহ বাহিৰত ৰখাৰ ব্যৱস্থা কৰি আহিছে৷ কেবিনেটৰ গুৰুত্বপূৰ্ণ তথ্য বাহিৰলৈ লিক হোৱা তথা চাইবাৰ ভাবুকি প্ৰতিহত কৰিবলৈকে এনে কৰা বুলি কোৱা হৈছিল৷
কাৰ্যতঃ প্ৰধানমন্ত্ৰীৰ পদাংক অনুসৰণ কৰিয়েই ৰাজ্যতো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত মোবাইল ফোন নিষিদ্ধ কৰে৷ দিছপুৰৰ এক উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে কেবিনেট বৈঠকত মোবাইল ফোনত ব্যস্ত থকাৰ বাবে ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে নামনিৰ এজন কেবিনেট মন্ত্ৰীক ধমকো দিছিল৷ তদুপৰি বৈঠক চলি থকাৰ সময়তে কেবিনেটৰ গোপন সিদ্ধান্ত সংবাদ মাধ্যমত ফাদিল হোৱাত খৰ্গহস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অলপতে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই চাৰিজনকৈ নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰে৷ তেওঁলোক ক্ৰমে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৌশিক ৰাই আৰু কৃষ্ণেন্দু পাল৷ লগতে পুৰণি মন্ত্ৰীসকলৰো দপ্তৰ কিছু সালসলনি ঘটাই যোৱা ৯ ডিচেম্বৰত অধিসূচনা জাৰি কৰিছিল৷ এই অধিসূচনাৰ জৰিয়তে পূৰ্বৰ মন্ত্ৰীসকলৰ লগতে নতুন মন্ত্ৰীসকলকো বিভিন্ন বিভাগৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু ইয়াৰ তিনিদিনৰ পাছতে কালি মন্ত্ৰীৰ কাম-কাজক লৈ আন এক অধিসূচনা জাৰি কৰা হৈছে৷ মুখ্য সচিব ৰবি কোটা স্বাক্ষৰিত এই অধিসূচনাখন অতি আশ্চর্যজনক হিচাপে বিবেচিত হৈছে৷ কাৰণ চাৰিজন মন্ত্ৰীক লৈ জাৰি কৰা এই অধিসূচনাখনত মন্ত্ৰীকেইজনৰ কাম-কাজ সীমিত কৰি পেলোৱা হৈছে৷ এই মন্ত্ৰীকেইজন হ’ল লোকনিৰ্মাণৰ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) দায়িত্বত থকা নন্দিতা গাৰ্লোছা, চিকিৎসা শিক্ষা আৰু গৱেষণাৰ দায়িত্বত থকা প্ৰশান্ত ফুকন, লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা কৃষ্ণেন্দু পাল আৰু গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা৷ অধিসূচনাত উল্লেখ কৰা অনুসৰি উক্ত চাৰিজন মন্ত্ৰীক তেওঁলোকৰ কাম-কাজ তথা দায়িত্ব ভগাই দিয়া হৈছে৷ তেওঁলোকে নিজৰ হাতত থকা বিভাগসমূহে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি, কাম-কাজসমূহ পৰ্যালোচনা তথা পৰ্যবেক্ষণ কৰিব পাৰিব৷ ইয়াৰ বাবে প্ৰয়োজনসাপেক্ষে ক্ষেত্ৰভিত্তিক পৰিদৰ্শনো কৰিব পাৰিব৷ বিভাগীয় বিষয়াসকলক বৈঠকৰ বাবে মাতি অনা আৰু যিকোনো ফাইলৰ ওপৰত বিষয়াৰ সৈতে আলোচনাও কৰিব পাৰিব৷ কিন্তু বিভাগটোৰ কোনো কামৰ ওপৰত তেওঁলোকে কোনো সিদ্ধান্ত ল’ব নোৱাৰে৷ ইয়াৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিব৷ কাজেই নিজৰ হাতত থকা বিভাগৰ কাম-কাজ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কতৃৰ্ত্বও নাই এই মন্ত্ৰীসকলৰ৷ মুখ্যমন্ত্ৰীয়েহে তেওঁলোকৰ বিভাগৰ কাম-কাজ সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ অথবা মুখ্যমন্ত্ৰীয়ে দিয়া সিদ্ধান্তহে তেওঁলোকে কাৰ্যকৰী কৰিব পাৰিব৷