'আমাক ন্যায় লাগে', মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে ন্যায় বিচাৰি বানত ক্ষতিগ্ৰস্তৰ চিৎকাৰ
ডিজিটেল সংবাদ, গোলাঘাট, ১৪ ডিচেম্বৰঃ বিকাশৰ ১২ দিনৰ কাৰ্যসূচীক লৈ শনিবাৰে গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত আয়োজিত বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে 'আমাক ন্যায় লাগে', 'আমাক ন্যায় লাগে' বুলি একাংশ পুৰুষ-মহিলাই চিৎকাৰ আৰম্ভ কৰে। আচম্বিত এই প্ৰতিবাদত হতচকিত হৈ মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ ৰখাই প্ৰতিবাদকাৰীসকলক বুজনি দিয়া পৰিস্থিতিয়ে সভাত মুহূৰ্ততে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে।
মঞ্চৰ ওপৰৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি কয়, "আপোনালোকে ধৈৰ্য ধৰক, ভাষণৰ পিছতে মই আপোনালোকৰ লগত কথা পাতিম।" লগতে তেওঁ পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ এই আহ্বানত প্ৰতিবাদকাৰীসকল নিস্তব্ধ হৈ হাতে হাতে প্লে-কাৰ্ড লৈ সভাগৃহতে অৱস্থান কৰে। মুহূৰ্ততে এই লৈ জিলা প্ৰশাসনৰ মাজত থৰ-কাছুটি হেৰুৱা পৰিস্থিতিৰ উদ্ভৱ হয়।
উল্লেখ্য যে আজিৰ মুখ্যমন্ত্ৰীৰ সভালৈ অহা ৰাইজক প্ৰৱেশদ্বাৰত কোনেও যাতে হাতত কোনো বস্তু লৈ সভাস্থলীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰক্ষীয়ে তন্নতন্নকৈ তালাচী লয়। তাৰ মাজতো হাতত প্লে-কাৰ্ড, স্মাৰক পত্ৰ আদি লৈ কেনেকৈ এই প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল, সেই লৈ প্ৰশাসনৰ অসহায় অৱস্থা প্ৰকট হয়। প্ৰতিবাদকাৰীসকলে সাংবাদিকক জানিবলৈ দিয়ে যে তেওঁলোক যোৱাটো বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বংকোৱাল অঞ্চলৰ। কিন্তু আজিৰ এই সভাত বান ক্ষতিগ্ৰস্তক সাহাৰ্য প্ৰদানৰ তালিকাত তেওঁলোকৰ নাম নথকাৰ বাবে এই বঞ্চনাৰ বিৰুদ্ধে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰতিবাদ পৰিদৰ্শন কৰে। সভাত নিজৰ ভাষণ সামৰিয়েই মুখ্যমন্ত্ৰী মঞ্চৰ পৰা নামি পোনে পোনে প্ৰতিবাদী পুৰুষ-মহিলাসকলৰ ওচৰলৈ যায় আৰু তেওঁলোকৰ সৈতে সভাগৃহৰ কাষতে আলোচনাত মিলিত হয়। প্ৰতিবাদকাৰীসকলে দাখিল কৰা আৰু বঞ্চিত হোৱা বান ক্ষতিগ্ৰস্তৰ তালিকা মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰাত মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।