৭ লাখ নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ ৪৯ টা নতুন বিধান সভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণি কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল বিধান সভা সমষ্টিৰ ৪,৫৩৫টা পৰিয়ালৰ ১৪,৩২৮গৰাকী হিতাধিকাৰী আৰু ৩৭নং জালুকবাৰী বিধান সভা সমষ্টিৰ ৪,৭৫৯টা পৰিয়ালৰ ১৬,৪১১গৰাকী হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দৰিদ্ৰজনে নিয়মীয়াকৈ যাতে চাউল পাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ আজি ৰাজ্যৰ ৪৯টা নতুন বিধানসভা সমষ্টিত ৰেচন কাৰ্ড প্ৰদানৰ শুভাৰম্ভণি কৰা হৈছে৷ তেওঁ কয় যে অসমত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ৰাজ্যৰ ২.৫১ কোটি হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্ন সুৰক্ষা যোজনাৰ দ্বাৰা সুৰক্ষিত হ’ব লাগে৷ তেওঁ লগতে কয় যে সেই অনুসৰি গাঁও অঞ্চলৰ ৮৫ শতাংশ আৰু চহৰ অঞ্চলৰ ৬০ শতাংশ জনসাধাৰণৰ মাজত ৰেচন কাৰ্ড থাকিব লাগে৷ আধাৰৰ সৈতে ৰেচন কাৰ্ড সংলগ্ন কৰাৰ পিছত ৰাজ্যখনত প্ৰায় ৬০ লাখ ৰেচন কাৰ্ড অতিৰিক্ত হৈ পৰে আৰু ইয়াৰ জৰিয়তে চাউল লাভ কৰি আহিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান যিবোৰ পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰি আছে তেওঁলোকে মেচিনত নিজৰ আঙুলীৰ চাপ দি সামগ্ৰী ল’ব লাগে৷
তেওঁ লগতে কয় যে ৱান নেশ্যন ৱান ৰেচন কাৰ্ড যোৱা তিনিটা বছৰত প্ৰৱৰ্তন কৰা হৈছে৷ এই ব্যৱস্থাৰ জৰিয়তে বৰ্তমান সময়ত ৰেচন কাৰ্ডখনৰ জৰিয়তে ভাৰতবৰ্ষ যিকোনো স্থানৰ পৰা সামগ্ৰী ল’ব পৰা যায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতি মাহৰ ৰ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত এই ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰী ল’বপৰাকৈ ব্যৱস্থা লোৱা হৈছে৷ এতিয়া কোনো ভুৱা মানুহৰ হাতত ৰেচন কাৰ্ড নাই বুলি উল্লেখ কৰি তেওঁ কয় যে যিসমূহ পৰিয়ালৰ তাত ৰেচন কাৰ্ড নাছিল সেইসমূহ দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০২৩-২৪ বৰ্ষত অসমত ৪২,৮৫,৭৪৫ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লগতে জানুৱাৰী মাহত ১০,৭৩,৪৮৯ টা নতুন পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰাৰ ফলত ৰাজ্যখনত নতুনকৈ ৫২ লাখতকৈ অধিক লোকক ৰেচন কাৰ্ড দিয়াৰ কথা ব্যক্ত কৰি ভাষণ প্ৰসংগত তেওঁ কয় যে নতুনকৈ ২০ লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই ২০ লাখ ৰেচন কাৰ্ড অসমৰ প্ৰতিটো সমষ্টিতে সমভাৱে বিতৰণ কৰা হৈছিল যাতে কোনো মানুহ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিব নালাগে৷ তেওঁ কয় যে আজিৰে পৰা ৪৯ টা বিধানসভা সমষ্টিত ৭ লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব৷ তেওঁ লগতে কয় যে ইয়াৰ ফলত ৩৫ লাখ কেজি চাউল দুখীয়া মানুহে নতুনকৈ লাভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে বাকী থকা ৭৬ টা সমষ্টিটো ডিচেম্বৰ মাহৰ ভিতৰত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ নতুনকৈ প্ৰদান কৰা ১৯,৯২,১৬৭ গৰাকী লোকে এইমাহৰ ভিতৰতে ৰেচন কাৰ্ড লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ কংগ্ৰেছৰ শাসন কালত ৬০ লাখ পৰিয়ালৰ পৰা পাবলগীয়া চাউল দুখীয়া মানুহৰ মুখৰ পৰা কাঢ়ি লৈ গৈছিল৷ বৰ্তমানৰ চৰকাৰ সদিচ্ছাৰ বাবে দুখীয়া আৰু দৰিদ্ৰজনেও এই ৬০ লাখ ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ অধীনত চৰকাৰী চিকিৎসালয়ত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা কাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ড নথকা পৰিয়ালে ৰেচন কাৰ্ড দেখুৱালে চিকিৎসালয়ত এই সুবিধা লাভ কৰিব পাৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰেচন কাৰ্ডৰ জৰিয়তে উজ্জ্বলা আঁচনিৰ অধীনত গেছ লাভ কৰিবলৈও সক্ষম হ’ব৷ আজিৰে পৰা অহা ২৮ ডিচেম্বৰলৈ চলিবলগা অৰুণোদয় পষেক কাৰ্যসূচীৰ জৰিয়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈছে৷ অৰুণোদয়ৰ হিতাধিকাৰীৰ যাতে ভুৱা হ’ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক ৰেচন কাৰ্ডৰ সৈতে সংলগ্ন কৰা হৈছে৷ আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া গাঁও সভাৰ জৰিয়তে এই হিতাধিকাৰী নিৰ্বাচন কৰা হ’ব বুলিও তেওঁ কয়৷ যিসকল হিতাধিকাৰীয়ে আগতেও এই সুবিধা লাভ কৰি আছিল তেওঁলোকেও নিজৰ নাম এই গাঁও সভাত অন্তৰ্ভুক্ত কৰিব লাগিব বুলি তেওঁ কয়৷ অৰুণোদয় লাভৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ’ব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে প্ৰতিটো সমষ্টিতে ২২ হাজাৰ হিতাধিকাৰী আছিল আৰু নতুনকৈ প্ৰতিটো সমষ্টিতে ৮ ৰ পৰা ১০ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব৷
পূৰ্বে ২৭ লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰি আছিল৷ এতিয়া প্ৰায় ৪০ লাখ পৰিয়ালে অৰুণোদয় লাভ কৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে গাঁও সভাত অংশগ্ৰহণ কৰি অৰুণোদয়ৰ সুবিধা লাভ কৰিবলৈও অসমৰ ৰাইজক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আগতে মাষ্টাৰ ৰোলত কাম কৰা কৰ্মচাৰী, দৈনিক মজুৰী লাভ কৰা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, ঠিকা ভিত্তিক কৰ্মচাৰীয়ে ৰেচন কাৰ্ড লাভ কৰা নাছিল যদিও বৰ্তমান এই ব্যক্তিসকলকো নতুনকৈ প্ৰদান কৰা ৰেচন কাৰ্ডত সামৰি লোৱাৰ ব্যৱস্থা কৰা হ’ব যাতে বিনামূলীয়া চাউলৰ লগতে তেওঁলোকে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিবলৈ সক্ষম হয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰেচন কাৰ্ডে হওঁক, অৰুণোদয়, আয়ুষ্মান ভাৰত আঁচনি আদি চৰকাৰী আঁচনিৰ সুবিধা বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমত থকা আই-মাতৃ আৰু শিশুসকলকো দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ পূৰ্বেও চৰকাৰ আহিছে, গৈছে কিন্তু দুখীয়া-দৰিদ্ৰ লোকৰ বাবে এনেধৰণৰ আঁচনি লোৱা হোৱা নাছিল৷ তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হোৱাৰ বাবে ১০ হাজাৰ টকাকৈ লাভ কৰিব৷ ইয়াৰ বাবে শেষ পৰ্যায়ৰ পুনৰীক্ষণৰ কাম তীব্ৰ গতিত অব্যাহত আছে আৰু এই কাম ২৮ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউলৰ লগতে বজাৰতকৈ কম দামত দাইল, চেনী দিয়াৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে৷ ইয়াৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ এই বছৰৰ বাজেটত এই বিষয়টো উল্লেখ কৰিব পৰা যাব বুলি তেওঁ কয়৷ অসমৰ দুখীয়া-দৰিদ্ৰ জনৰ বাবে চৰকাৰী চাকৰিয়ে হওঁক, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি হওঁক, আত্মনিৰ্ভৰ অসম আঁচনি হওঁক আদি সেৱাসমূহ উপলব্ধ হ’ব পৰাকৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ দুৰ্নীতি আৰু পক্ষপাতমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অতি স্বচ্ছতাৰে ৰাইজক সেৱা কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁ পূৰ্বে অসম অসমাৰিক সেৱাকে ধৰি বিভিন্ন পৰীক্ষাত কিদৰে অনিয়ম সংঘটিত হৈছিল সেই বিষয়েও ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মনত এক আশাৰ সৃষ্টি হৈছে যে চাকৰি লাভ কৰাৰ বাবে মেধাৰ পৰিচয় দিব লাগিব৷ আজিৰ এই অনুষ্ঠানত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, অতিৰিক্ত মুখ্য সচিব বি আৰু ছামাল, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, জিলা আয়ুক্ত সুমিত সত্তাৱ প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷
শোণিতপুৰত নতুন বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ তেজপুৰ : অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আজি নতুন বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷ আজিৰ এই প্ৰথম পৰ্যায়ত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটা অৰ্থাৎ ৬৬-বৰছলা, ৬৭-তেজপুৰ, ৬৮-ৰঙাপৰা আৰু ৬৯-নদুৱাৰৰ বিধানসভা সমষ্টিৰ বাবেও নিজ নিজ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়৷ সেই অনুসৰি ৬৬ নং - বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা বাপুজী ভৱনত গণেশ কুমাৰ লিম্বুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুন হিতাধীকাৰীসকলৰ মাজত ৰেচন কাৰ্ড সমূহ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে৷ ইয়াৰোপৰি, দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৬৭নং তেজপুৰ বিধানসভা সমষ্টিৰ বাবে আয়োজিত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুন হিতাধীকাৰীসকলৰ মাজত ৰেচন কাৰ্ড সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷
ৰঙাপৰা সমষ্টিৰ ফুলবাৰীত নতুন ৰেচন কাৰ্ড বিতৰণ
‘আমাৰ অসম’ৰ বালিপৰাৰ প্ৰতিবেদনক : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়৷ উক্ত অনুষ্ঠানত উপষ্ঠিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী৷ উল্লেখ্য যে ৰঙাপৰা সমষ্টিৰ প্ৰায় ১৯ হাজাৰ হিতাধিকাৰী সংযোজিত হোৱাৰ লগতে ৪৬৫৩টা পৰিয়াল এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে বুলি বিধায়ক কৃষ্ণকমল তাঁতীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷