Logo
image

নলা-নৰ্দমা দখল কৰা ‘ডাঙৰ মানুহ’ক মন্ত্ৰী জয়ন্তমল্লৰ হুমকি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ডিচেম্বৰ : গৃহ (আৱাস) আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দায়িত্বলৈয়ে গুৱাহাটীৰ নলা-নৰ্দমাৰ ভূমি দখল কৰা লোকক হুমকি দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ শনিবাৰৰ পৰা তিনি মাহলৈ নিৰন্তৰভাৱে হ’বলগীয়া গুৱাহাটী স্বচ্ছতা অভিযানৰ উদ্বোধন কৰি মন্ত্ৰী বৰুৱাই এনেদৰে কয়–‘এতিয়াৰে পৰা কোনেও গুৱাহাটীৰ নলা-নৰ্দমাৰ ভূমি দখল কৰিব নোৱাৰিব৷ নলা বন্ধ কৰা লোকৰ বিষয়ে মই যুঁজিবলৈ সাজু আছো৷ ডাঙৰ মানুহৰ সৈতে যুঁজি মই ভালপাও৷ নলা দখল কৰি ঘৰ বনোৱা গুৱাহাটীৰ প্ৰতিণত্তিশীল লোকৰ বিৰুদ্ধে যুঁজ দিবলৈকে মুখ্যমন্ত্ৰীয়ে মোক গুৱাহাটী মহানগৰীৰ দায়িত্ব দিছে৷ কৃত্ৰিম বানপানী অহাৰ পূৰ্বেই গুৱাহাটীৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰা হ’ব৷


উল্লেখ্য অহা ১৫ মাৰ্চলৈ চলিব গুৱাহাটীৰ স্বচ্ছতা অভিযান৷ ‘গুৱাহাটী আমাৰ, দায়িত্ব আমাৰ’ শ্লোগানেৰে এই স্বচ্ছতা অভিযান আৰম্ভ কৰা হৈছে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি আনুষ্ঠানিকভাৱে স্বচ্ছতা অভিযানৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত উপস্থিত থাকে জি এম চিৰ আয়ুক্ত মেঘনিধি দাহাল, মেয়ৰ মৃগেণ শৰণীয়া, উপ পৌৰপতি স্মিতা ৰয়, জি এম ডিৰ অধ্যক্ষ মুকুতা ডেকাৰ লগতে বিভাগৰ আন কেইবাগৰাকীও বিষয়া৷ ৩৬ টা টীমে  সোমবাৰৰ পৰা শনিবাৰলৈ মহানগৰীৰ প্ৰতিটো স্থানত পৰিষ্কাৰ কৰিব৷ পৌৰ নিগমৰ অধীনত থকা এন জি অ’ সমূহে ঘৰে ঘৰে গৈ জাৱৰ সমূহ সংগ্ৰহ কৰিব৷ এই কাৰ্যসূচীতে নলা বন্ধ কৰা লোকৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলি ঘোষণা কৰে জয়ন্ত মল্ল বৰুৱাই৷