মেঘালয়লৈ আহি গো-মাংস খোৱাৰ আহ্বান মন্ত্ৰীৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰ : অসম চৰকাৰৰ কেবিনেটে ৰাজহুৱা স্থানত গো-মাংসৰ ভক্ষণ নিষিদ্ধ ঘোষণা কৰাক লৈ চুবুৰীয়া মেঘালয়ৰ ৰাজনৈতিক মহলত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো-মাংসৰ ভক্ষণ নিষিদ্ধ কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে মেঘালয়ৰ খোদ বিজেপি বিধায়ক ছানবৰ শ্বুল্লা আৰু এনপিপি দলৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী এমএন মাৰাকে অসন্তুষ্টি ব্যক্ত কৰা দেখা গৈছিল৷ শাসকদলৰ নেতাদ্বয়ে অসম চৰকাৰৰ গৰু মাংস ভক্ষণ বন্ধৰ নিৰ্দেশনা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিও সমালোচনা কৰিছে৷ ৰাজহুৱা স্থানত গো-মাংসৰ নিষিদ্ধকৰণক লৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উভতি ধৰিলে নেডাৰ অংশীদাৰী দল এনপিপিৰ এজন কেবিনেট মন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী কনৰাঙ চাংমাৰ মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰী ৰক্কাম এ চাংমাই অসম চৰকাৰক সমালোচনা কৰি অসমৰ গো-মাংস খাব বিচৰাসকলক মেঘালয়লৈ আহি গ্ৰহণ কৰাৰ বাবে মুকলি আহ্বান জনাইছে৷ ইয়াতে ক্ষান্ত নাথাকি শিক্ষামন্ত্ৰী চাংমায়ে অসম-মেঘালয় সীমান্তৰ খানাপাৰা-বৰ্ণিহাটত নতুন নতুন হোটেল নিমাৰ্ণ কৰি গো-মাংস বিক্ৰী কৰিলে ভাল ব্যৱসায় হ’ব বুলিও পৰামৰ্শ প্ৰদান কৰিছে৷
অসমত গো-মাংস নিষিদ্ধ কৰাৰ বাবে লোকচানৰ সন্মুখীন হোৱা ব্যৱসায়ীসকললৈ মেঘালয় সীমান্তত হোটেল নিমাৰ্ণৰ প্ৰস্তাৱ আগবঢ়াইছে শিক্ষামন্ত্ৰীজনে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনপিপি দলৰ জ্যেষ্ঠ মন্ত্ৰী চাংমায়ে কয়– ‘অসম চৰকাৰে গো-মাংস ভক্ষণত নিষেধাজ্ঞা আৰোপ কৰাত মেঘালয়ৰ ব্যৱসায়ীসকলৰ বাবে ভাল কথা৷ ব্যৱসায়ীসকলে এতিয়া অসম-মেঘালয় সীমান্তৰ খানাপাৰা, বৰ্ণিহাট, পাইখানত পঞ্চতাৰকাযুক্ত নামি-দামী হোটেল নিৰ্মাণ কৰক৷ এই হোটেলসমূহত গো-মাংসৰ সুস্বাদু ব্যঞ্জন পৰিৱেশন কৰিব লাগে৷ যাতে অসমৰ মানুহ মেঘাললৈ আহি সুন্দৰকৈ গো-মাংস খাব পাৰে আৰু অসমলৈ উভতি যাব পাৰে৷’ মেঘালয়ৰ জনগোষ্ঠীসমূহৰ মাজত গো-মাংসৰ প্ৰচলনৰ কথা ব্যক্ত কৰি মন্ত্ৰী ৰক্কাম এ চাংমায়ে লগতে কয়– ‘গাৰো জনগোষ্ঠীয় লোক বা আন বহু জনজাতীয় সম্প্ৰদায়ৰ লোকে আপোনজনৰ মৃত্যুৰ সময়ত গো-মাংস অবিহনে মৃতদেহ সমাধিস্ত নকৰে৷ গো-মাংস অবিহনে আমাৰ উৎসৱবোৰ সম্পন্ন নহয়৷ এনে অনুষ্ঠানত গো-মাংস নাখালেও কাৰোবাৰ আৱেগত আঘাত হানে৷ গো-মাংসই মেঘালয়ৰ আতিথ্য আৰু পৰ্যটনখণ্ডক আগুৱাই নিয়াৰ লগতে সাংস্কৃতিক ঐতিহ্যত সংৰক্ষণ কৰাৰ সুযোগ প্ৰদান কৰিছে৷ সেয়ে অসম চৰকাৰে গো-মাংসৰ ভক্ষণ নিষিদ্ধ কৰাৰ বিষয়টো পুনৰ বিবেচনা কৰিব লাগে, যাতে কোনো ধৰ্ম বা সম্প্ৰদায়ৰ আৱেগ অনুভূতিত আঘাত নকৰে৷