আলুৰ ‘দাম কমালে’ মন্ত্ৰী প্ৰশান্তই, নাম সলালে স্মাৰ্ট মিটাৰৰো
‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিনিধি, ১৮ ডিচেম্বৰ : ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে খাটি খোৱা ৰাইজক একপ্ৰকাৰ কোঙা কৰি পেলোৱাৰ সময়তে ধুবুৰীত এইবাৰ অসম চৰকাৰৰ শক্তি, দক্ষতা, নিয়োগ, উদ্যমিতা, স্বাস্থ্য, শিক্ষা, গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কৰা মন্তব্যই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কংগ্ৰেছ চৰকাৰৰ আমোলত বিৰোধীৰ আসনত থকাৰ সময়ত ডিব্ৰুগড় সমষ্টিৰ বিধায়কজনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সততে সৰৱ হৈ আছিল৷ আনকি সময়ে সময়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁ ৰাজপথত অভিনৱ প্ৰতিবাদো সাব্যস্ত কৰিছিল৷ কিন্তু নিজৰ দল শাসনলৈ অহাৰ পাছত হঠাৎ যেন মূল্যবৃদ্ধিক লৈ নিমাত হৈ পৰে প্ৰশান্ত ফুকন৷ আনকি এতিয়া মন্ত্ৰী হোৱাৰ পাছত আলুৰ দামো বজাৰমূল্যতকৈ বহু কমাই দিলে প্ৰশান্ত ফুকনে৷ যি সময়ত বজাৰত কেজিত ৪০-৫০ টকাকৈ আলু বিক্ৰী হৈ আছে, সেই সময়ত মন্ত্ৰী ফুকনে দাবী কৰিছে যে অসমত এতিয়া প্ৰতিকেজি আলুৰ দাম হেনো ২৭ টকাহে৷ উল্লেখ্য যে আজি ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীৰ মাজত ঋণমুক্ত প্ৰমাণ-পত্ৰ বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী প্ৰশান্ত ফুকনে কয়– অসমত নতুন আলুৰ দাম প্ৰতি কিলোগ্ৰামত ২৭ টকাহে৷
গতিকে খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা নাই৷ আজিৰ তাৰিখত অসমত মূল্যবৃদ্ধিৰ কোনো প্ৰাসংগিকতাই নাই৷ মন্ত্ৰী প্ৰশান্ত ফুকনে সাংবাদিকৰ আগত স্মাৰ্ট মিটাৰক লৈও বিভ্ৰান্তিকৰ মন্তব্য কৰা দেখা যায়৷ মন্ত্ৰীজনে স্মাৰ্ট মিটাৰৰ নাম সলনি কৰি কয়– এয়া স্মাৰ্ট মিটাৰ নহয়; ছেঞ্চেটিভ মিটাৰ হে৷ ৰিম’ৰ্টেৰে টিভিটো বন্ধ কৰিলেই নহ’ব, ছুইটছ টিপিও টিভি বন্ধ কৰিব লাগিব৷ এক দেশ এক নিৰ্বাচনক লৈও মন্তব্য কৰে মন্ত্ৰীজনে৷ কেন্দ্ৰীয় চৰকাৰৰ এয়া এক ভাল সিদ্ধান্ত বুলিও তেওঁ কয়৷ তেওঁৰ মতে, অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে বিকাশৰ ১২দিন কাৰ্যসূচীয়ে বুজাইছে অসমৰ উন্নতি৷ ইপিনে ধুবুৰীতো সেই বিকাশৰ ১২দিন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দে্যশ্যে আজিৰ বিতৰণ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে বুলি কয়৷ আজি ধুবুৰীত অসম মাইক্ৰ’ ফাইনেন্সৰ অধীনত জ্ঝটা শাখাৰ ৪১০৪জন হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ঋণমুক্ত প্ৰমাণ-পত্ৰৰ বিতৰণ কৰে মন্ত্ৰীজনে৷ আনপিনে, ২০২৪চনত হৈ যোৱা বান, ধুমুহা-বতাহৰ লগতে প্ৰাকৃতিক দুৰ্যোগত ধুবুৰী জিলাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতিপথাৰ, মীন পালন, ৰেশম শিল্প, কাপোৰ আৰু বাচন-বৰ্তনকে ধৰি বিভিন্ন দিশত ক্ষতিগ্ৰস্ত হোৱা লোকলৈ ৬ কোটি ৩১ লাখ ৫২ হাজাৰ ৭৬৫ টকাৰ সাহায্য প্ৰদান কৰাৰ অৰ্থে অসম চৰকাৰে সাহায্য পুঁজি মোকলাই দিয়াৰ কথাও তেওঁ কয়৷ তদুপৰি, জিলাখনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ২৭০টাকৈ আত্মসহায়ক গোটৰ মহিলাসকললৈ মুঠ ১ কোটি ৭৭ হাজাৰ টকাৰ চেক আজি বিতৰণ কৰে মন্ত্ৰীজনে৷ আজিৰ কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে ধুবুৰী জিলাৰ গোলকগঞ্জ, চাপৰ আৰু ধুবুৰীৰ সাতজন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে৷ বাকী হিতাধীকাৰীসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা পৰ্যায়ক্ৰমে চেকসমূহ বিতৰণ কৰিব বুলি জানিব পৰা গৈছে৷ এই উপলক্ষে আজি ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজন কৰা এক অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক হিতাধিকাৰী উপস্থিত থাকে৷ অনুষ্ঠানটোত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্নাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেন জিৎ দত্তকে ধৰি ধুবুৰী জিলা বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে৷