Logo
image

অহা বছৰৰ প্ৰথম ভাগত ভাৰতত ভেক্‌চিন

আমাৰ দেশৰ জনতাই অহা বছৰৰ প্ৰথম ভাগত ক’ভিড অতিমাৰীৰ প্ৰতিষেধক লাভ কৰিব৷ ২০২১ চনৰ প্ৰথম ত্ৰিমাসিকৰ ভিতৰত ভাৰতবাসীয়ে ক’ভিড-১৯ৰ প্ৰতিষেধক ব্যৱহাৰ কৰিবলৈ পাব বুলি মই সকলোকে আশ্বস্ত কৰিব পাৰো৷ সমগ্ৰ বিশ্বই এই অতিমাৰীৰ সংহাৰৰ পৰা ৰক্ষা পৰিবৰ বাবে সৰ্বতোপ্ৰকাৰে এটা প্ৰতিষেধক উদ্ভাবন কৰিবলৈ চেষ্টা চলাই আছে৷ সম্প্ৰতি বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ একাধিক গৱেষণা প্ৰতিষ্ঠানে এই দিশত অগ্ৰগতি লাভ কৰিছে৷ 

সমগ্ৰ বিশ্বৰ নাগৰিকৰ দৰে ভাৰতবাসীয়েও তেনে গৱেষণা প্ৰতিষ্ঠানৰ সাফল্যৰ বাবে অপেক্ষা কৰি আছে আৰু চৰকাৰৰ মুখলৈ চাই আছে৷ এয়া কোনো অস্বাভাৱিক ঘটনা নহয়৷ সমগ্ৰ বিশ্বত ৯ মাহৰ ভিতৰত ৩ কোটিৰো অধিক নাগৰিক আক্ৰান্ত হোৱা আৰু এই সময়চোৱাৰ ভিতৰত ১০ লাখৰো অধিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা এই মাৰাত্মক ভাইৰাছক লৈ বিশ্ববাসী আতংকিত হোৱা আচৰিত নহয়৷ এই পৰ্যন্ত ৬০ লাখ লোক আক্ৰান্ত হোৱাৰ পাছত ভাৰতবাসীও ক’ভিড-১৯ সংহাৰক লৈ ভীতিবিহ্বল৷ এনে পৰিস্থিতিত এখন সক্ৰিয় আৰু সংবেদনশীল চৰকাৰে যিদৰে দায়িত্ব পালন কৰিব লাগে আমি তেনেদৰেই দায়িত্ব পালনৰ বাবে পাৰ্যমানে চেষ্টা চলাইছো৷

এনে আতংকময় পৰিৱেশৰ মাজত মই সমগ্ৰ দেশবাসীক নিৰ্ভৰযোগ্য সংবাদ দি জনাব বিচাৰো যে, ক’ভিড-১৯ৰ প্ৰতিষেধক উদ্ভাবনৰ ক্ষেত্ৰত ভাৰতেও উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে৷ এটা নহয়, আমাৰ দেশৰ পৃথক পৃথক প্ৰতিষ্ঠানে মুঠতে তিনিটা পৃথক প্ৰতিষেধক উদ্ভাবনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে৷ সেই গৱেষণাৰ অগ্ৰগতি দেখিয়েই মই দেশবাসীক আশ্বস্ত কৰিব পাৰিছো, অহা বছৰৰ প্ৰথম ভাগতে আমি ক’ভিডৰ প্ৰতিষেধক দিব পাৰিম৷ এই তিনিবিধ প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল অৰ্থাৎ মানৱ দেহত প্ৰয়োগ সফলভাৱে চলি আছে৷ এই পৰ্যন্ত কোনো বিসংগতিৰ খবৰ নাই৷ সেয়ে সম্পূৰ্ণ পৰীক্ষাৰ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন হ’ব বুলি মই আশাবাদী৷

প্ৰতিষেধক উদ্ভাবন আৰু মুকলি নোহোৱা পৰ্যন্ত মই সকলো দেশবাসীকে পূৰ্বৰ দৰে অতিশয় সাৱধানে থাকিবলৈ অনুৰোধ জনাইছো৷ সংক্ৰমিত হোৱাৰ পাছত চিকিৎসা কৰাতকৈ পূৰ্বেই প্ৰতিৰোধ কৰাতো উত্তম পন্থা৷