৯ জানুৱাৰীত নেটফ্লি’ত পুষ্পা-২
বক্স অফিচত আল্লুৰ দাদাগিৰি৷ প্ৰতিনিয়ত নতুন নতুন নজিৰ সৃষ্টি কৰিছে আল্লু অৰ্জুন অভিনীত সুকুমাৰ পৰিচালিত একচন থ্ৰিলাৰ পুষ্পাঃ দ্য ৰুল-এ৷ একাধিক ভাষাত নিৰ্মিত ছবিখনে চিত্ৰগৃহত একপ্ৰকাৰে মেজিক সৃষ্টি কৰিছে৷ মুক্তিৰ পাছত ছবিখনৰ হিন্দী ভাষাৰ সংস্কৰণে ৭০০ কোটি টকা আয় কৰি অভিলেখ গঢ়িছে৷ ছবিখনে বৰ্তমানলৈকে প্ৰায় ১৬,০০০ কোটি টকা আয় কৰিছে৷
শেহতীয়া খবৰ মতে ‘পুষ্পা-২’ ৯ জানুৱাৰীত নেটফ্লিক্সত আহি আছে৷ তেলেগু সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে পুষ্পা-২ মুক্তিৰ এমাহ নৌহওঁতেই অটিটি প্লেটফৰ্মত ছবিখন মুক্তি দিয়াৰ কথা গুণা-গঁথা চলিছে৷ ছবিখনৰ প্ৰযোজকে বিচাৰিছে যে চিনেমা হলৰ লগতে অটিটি প্লেটফৰ্মটো ছবিখন দৰ্শকে উপভোগ কৰক৷ ২০ দিনত ছবিখনে ১৫২৬.৯৫ কোটি টকা আয় কৰিছে৷ ছবিখনৰ বাজেট ৪৫০ কোটি টকা৷ বক্স অফিচত আলোড়ন সৃষ্টি কৰা ছবিখন উত্তৰ ভাৰতৰ পি ভি আৰ, আইনক্স প্ৰেক্ষাগৃহৰ পৰা শুকুৰবাৰে আঁতৰোৱাৰ কথা কোৱা হৈছিল যদিও ছ’চিয়েল মিডিয়া এই ক্ষেত্ৰত সৰৱ হৈপৰে ছবিখন আঁতৰোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে৷ যাৰ বাবে ছবিখন আঁতৰ কৰাৰ কথা চিনে বিশেষজ্ঞজনে উঠাই লয়৷