কহিনুৰৰ ‘টাইটানিক’ ডুবিল নেকি?
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰৰঃ টাইটানিক আটলাণ্টিক মহাসাগৰৰ আইচবাৰ্গত খুন্দা খাই ডুব গৈছিল৷ এই ঘটনা সংঘটিত হৈছিল ১৯১২ চনত৷ এই ঘটনাৰ আলম লৈ প্ৰসিদ্ধ ছবি নিৰ্মাতা জেমছ কেমেৰনে প্ৰস্তুত কৰিছিল ‘টাইটানিক’ নামৰ ব্যয়বহুল ছবিখন৷ চেলুলইউৰ পৰ্দাত টাইটানিকৰ ডুবন্ত মুহূৰ্তত চাই সিঁহৰিত হৈ পৰিছিল লাখ লাখ দৰ্শক৷ ১৯৯৮ চনত উক্ত ছবিৰ আধাৰত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিছিল ‘টাইটানিক’ নামৰ নাটখন যিখনৰ নাট্যৰূপ আৰু পৰিচালনা আছিল নাট্যকাৰ হেমন্ত দত্তৰ৷ টাইটানিক নাটকেৰে দৰ্শকৰ মাজত সোমাই পৰিছিল কহিনুৰ থিয়েটাৰ৷ প্ৰায় ২৭ বছৰ পাছত পুনৰ একেখন নাটক মঞ্চস্থ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে৷ অভিনব কৌশলেৰে মঞ্চত টাইটানিক ডুবাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল লহকৰে৷ কিন্তু এতিয়া নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ‘টাইটানিক’ ডুবিল নেকি তাক লৈ চৰ্চা হৈছে নাট্যপ্ৰেমী, নাট সমালোচকৰ মাজত৷ প্ৰযোজক-পৰিচালকৰ মাজত তুমুল সংঘাতৰ পৰিপ্ৰেক্ষিতত এনে চৰ্চা হৈছে৷
ইতিমধ্যে পূৰ্বৰ নাট্যকাৰ হেমন্ত দত্তই প্ৰত্যাহাৰ কৰিছে টাইটানিকৰ পাণ্ডুলিপি৷ ইয়াৰ পাছতে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে সংবাদ মাধ্যমৰ আগত কয়–হেমন্ত দত্তৰ পৰা যিদিনাখন নাটক আনিবলৈ গৈছিলোঁ তেখেতৰ পৰা সন্মান সহকাৰে নাটকখন গ্ৰহণ কৰিছোঁ৷ সেই সময়ত তেখেতৰ চকুপানী ওলাইছিল, মোৰো চকুপানী ওলাইছিল৷ নাটকখন অনাৰ অসময়ত দত্ত খুড়াই এটা কথা কৈছিল যে তেখেতৰ পুত্ৰই নাটকখনত সহযোগিতা কৰিব, পৰিচালনা কৰিব বুলি স্পষ্টভাৱে কোৱা নাছিল৷ মই সন্মতি দিছিলো যে আমি এটা টীম ৱৰ্ক হিচাপে কাম কৰিম৷ মই এই কথা অস্বীকাৰ নকৰো৷ পৰ্যায়ক্ৰমে আগবাঢ়িল৷ মই যোৱা ২২ টা বছৰে প্ৰযোজক হিচাপে নাটকৰ প্ৰচাৰ, প্ৰযোজনা আদিৰ কাম কৰি আহিছোঁ৷ সেইমতে এইবাৰো কামখিনি কৰি গৈছোঁ৷ প্ৰযোজক হিচাপে কৰিবলগীয়া কামৰ বাহিৰে বেলেগ একো কাম কৰা নাই৷ পৰিচালনাৰ কাম আৰম্ভ কৰা হয় জুলাই মাহত৷ কিবা যদি সাল-সলনি কৰিবলগীয়া আছে তেতিয়াও কৰিব পাৰি৷ হেমন্ত দত্তৰ পুত্ৰ অনিৰ্বান দত্তক টাইটানিক নাটকৰ পৰিচালক হিচাপে নিযুক্তি দিয়াটো মোৰ কাৰণে মস্কিল৷ ২২ বছৰে ভ্ৰাম্যমানৰ কাম কৰাৰ পাছতো মোৰেই যথেষ্ট শিকিবলগীয়া আছে৷ নাটকৰ পৰিচালনাৰ ক্ষেত্ৰত আভ্যন্তৰীণ দিশসমূহৰ ওপৰত অনিৰ্বাণ দত্তৰ অভিজ্ঞতা যথেষ্ট কম৷ তথাপি বন্ধুত্বৰ খাতিৰত তেওঁৰ জড়িতকৰণ বিচাৰিছো৷ মই নাটকখনৰ প্ৰমোচনৰ কামখিনি মুম্বাইলৈ পঠাইছো, এক-ডেৰ লাখ টকা খৰচ কৰিছো দত্ত খুড়াৰ নাটকখন বেয়া হোৱাৰ কাৰণে কৰিছো নেকি? মই নাটকখনৰ নাম ঘোষণা কৰাৰ পাছত পৰিচালক হিচাপে অনিৰ্বাণ দত্তৰ নাম নোকোৱা বাবে তেওঁ মোক ভয়ছ মেছেজযোগে অশ্লীল ভাষাৰে গালি পাৰিছে৷ তেওঁক এটা পৰিচয় লাগে কাৰণে ‘টাইটানিক’ নাটকৰ পৰিচালক হিচাপে নামটো বিচাৰিছে৷ কিন্তু তেওঁৰ নেতৃত্বত নাটকখন আগবঢ়াই নিব নোৱাৰোঁ৷ তেখেত যিহেতু নাটকখন ঘূৰাই বিচাৰিছে আৰু এইখন জেমছ কেমেৰণৰ৷ তাৰ নাট্যৰূপহে হেমন্ত দত্তৰ৷ ১৯৯৮ চনত কহিনুৰত প্ৰযোজনা, কৌশলৰ আধাৰত নতুন নাট্যৰূপেৰে পৰিৱেশন কৰা হ’ব৷ কোন নাট্যকাৰৰ দ্বাৰা এয়া কৰিব পাৰো তাৰ বাবে চিন্তা চৰ্চা কৰি আছো৷
উল্লেখ্য, শুকুৰবাৰে মঙলদৈৰ ভেবাৰঘাটস্থিত বাসগৃহত হেমন্ত দত্ত আৰু অনিৰ্বান দত্তই এক সংবাদ মেল সম্বোধন কৰি কয় যে নাট্যকাৰক নোসোধাকৈ নাটকৰ চুটিং কৰি থকাটো তেওঁলোকে বিচৰা নাই৷ নাট্যকাৰ হেমন্ত দত্তই এইবাৰ নাটখন পৰিচালনাৰ বাবে পুত্ৰ অনিৰ্বানক দায়িত্ব দিছিল যদিও সেই কথা প্ৰযোজকে অমান্য কৰি নিজাববীয়াকৈ পৰিচালনা কৰিবলৈ লোৱাত অসন্তুষ্ট হৈ পৰে পিতা-পুত্ৰ৷ সেয়েহে তেওঁলোকে নাটকখন কহিনুৰ থিয়েটাৰৰ পৰা ওভতাই অনাৰ সিদ্ধান্ত সাংবাদিকৰ আগত ব্যক্ত কৰে৷