![image](https://aamarasom.com/uploads/posts/dsfdsf.jpg1735649492.jpg)
৩১ ডিচেম্বৰৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিলে ক্ল’জ বাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ ডিচেম্বৰঃ সময় গতিশীল৷ এতিয়া পূৰণিক বিদায় দি নতুনক আদৰণি জনোৱাৰ সময়৷ ২০২৪ বৰ্ষৰ শেষ দিনটোত নৱবৰ্ষক আদৰাৰ বাবে ৰাজ্যবাসীৰ যেন প্ৰস্তুতিৰ অন্ত নাই৷ বছৰৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰত বিভিন্নজনে পৰিয়াল তথা বন্ধু-বান্ধৱৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে৷ বিভিন্নজনৰ বনভোজৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে গুৱাহাটীকে ধৰি প্ৰতিখন চহৰৰে বাৰ-পাব তথা বিলাসী হোটেলসমূহে নৱবৰ্ষৰ বিশেষ আয়োজন কৰিছে৷
কিন্তু নৱবৰ্ষক আদৰাৰ নামত বাৰ-পাব সমূহে ডিস্ক’ নাইট, স্বল্পবসনা যুৱতীৰ নৃত্যানুষ্ঠানৰ পাৰ্টী আয়োজন কৰিলেও সুৰাপান কৰি বাহন চলোৱাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে অসম আৰক্ষীয়ে৷ ৩১ ডিচেম্বৰৰ উপভোগৰ নামত টেটুলৈকে সুৰাপান কৰি বাহন চলোৱা চালকৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে ‘ক্ল’জ বাৰ’৷ যিসকল ব্যক্তিয়ে নৱবৰ্ষক আদৰাৰ অচিলাৰে সুৰাপান কৰি বাহন চলাব, তেওঁলোকক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰা হ’ব বুলি সকীয়াই দিছে অসম আৰক্ষীয়ে৷
সামাজিক মাধ্যমযোগে অসম আৰক্ষীয়ে সুৰাপায়ী চালকক বন্দী কৰি ৰখাৰ বাবে ৩১ ডিচেম্বৰৰ থানাৰ লকআপক ‘ক্ল’জ বাৰ’ নামেৰে বিশেষ নামাকৰণ কৰিছে৷ অসম আৰক্ষীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত সুৰাপায়ী চালকক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ হৈ পৰিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ইতিমধ্যে ৰাজপথত তালাচী বৃদ্ধি কৰিছে৷ এই তালাচীত সুৰাপান কৰি বাহন চলোৱা ব্যক্তিক জৰিমনাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৩১ ডিচেম্বৰত ৰাজ্য চৰকাৰে ৱাইন শ্বপ-বাৰ আদি খোলা ৰাখিলেও কোনো ব্যক্তিয়ে যাতে সুৰাপান কৰি বাহন চলোৱাৰ চেষ্টা নকৰে, তাৰ বাবেই এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে৷ কিয়নো বিগত সময়ছোৱাত সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই অধিকাংশ দুৰ্ঘটনা সংঘটিত হৈছিল৷ অৱশ্যে, সুৰাপায়ীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰ হ’লেও কাইলৈ নিশা কিমান বজালৈ হোটেল-ৰেস্তোঁৰা খোলা ৰাখিব পাৰিব তাৰ সময় নিৰ্ধাৰণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷