Logo
image

থাৰ্টী ফাষ্টৰ নিশা ভোজ-ভাত বনাই থকাৰ সময়তে এঘৰত সোমাল চোৰ, তাৰ পিছত...

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ১ জানুৱাৰীঃ থাৰ্টী ফাষ্টৰ নিশা ভোজ-ভাত খাই থকাৰ সুযোগ লৈ এটা পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰা গভাইত চোৰ ৰাইজৰ ৰোষত পৰে। স্থানীয় ৰাইজে চোৰটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই চানমাৰি আৰক্ষীক গতাই দিয়ে। 



এই ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীৰ চানমাৰি থানাৰ অন্তৰ্গত গোস্বামী ছাৰ্ভিচৰ টিউলিপ নামৰ এপাৰ্টমেণ্টত। ধৃত চোৰটো হৈছে মহানগৰীৰ দিছপুৰ থানাৰ অন্তৰ্গত শ্ৰীভূমি নগৰৰ বাসিন্দা ৰোহিত ৰয় (২১)। পূৰ্বতে একেটা গোচৰত ধৃত ৰোহিত ৰয়ে জে'লৰ ভাত খাবলগীয়া হৈছিল। সম্প্ৰতি চানমাৰি থানাৰ লকআপত ধৃত ৰোহিত ৰয়ক মাৰাথন জেৰা চলাই আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।