Logo
image

১০০০ কোটি বাজেটেৰে ৰাজামৌলীৰ নতুন ছবি

এছ এছ ৰাজামৌলীৰ ছবি বুলিলেই কোটি কোটি টকাৰ ব্যৱসায়৷ বাহুৱলী, বাহুৱলী-২ বা আৰ আৰ আৰৰ বিশ্বজুৰি প্ৰভাৱ পৰিলক্ষিত হৈছে৷ সম্প্ৰতি ৰাজামৌলী SSMB29 শীৰ্ষক বহু চৰ্চিত ছবিখনক লৈ ব্যস্ত৷ এই ছবিখনক ভাৰতীয় চলচ্ছিত্ৰ শিল্পৰ আটাইতকৈ ব্যয়বহুল চিত্ৰকৰ্ম হিচাপে বিবেচিত৷ যাৰ বাজেট ১০০০ কোটি টকা৷ 



ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মহেশ বাবুৱে৷ ৰাজা মৌলীৰ ছবিৰ বাবে দৰ্শক-অনুৰাগী উৎসুক হৈ থাকে৷ বাহুৱলী পৰিচালকগৰাকীৰ ছবিৰ বাবে ভক্তসকলে আগ্ৰহেৰে বাট চাই থাকে৷ নতুন বছৰৰ আৰম্ভণিতে অৰ্থাৎ ২ জানুৱাৰীত ছবিখনৰ মাংগলিক অনুষ্ঠান হিচাপে এক পূজাও আয়োজন কৰা হয়৷ সেই পূজাৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ য’ত দেখা গৈছে মহেশ বাবু আৰু ৰাজামৌলীক৷ দুয়ো আনুষ্ঠানিকভাৱে বা অফিচিয়েলী কোনো তথ্যা সদৰি কৰা নাই৷ 

পূজা অনুষ্ঠানটো ফুলৰ মালাৰে সজোৱা হৈছে আৰু দুয়োৰে বিলাসী গাড়ী দুখন পাপাৰাজ্জিৰ লেন্সত বন্দী হৈছে৷ এছ এছ ৰাজামৌলী আৰু মহেশ বাবুৰ নতুন ছবি SSMB29ৰ নাম ছবি আৰু ছবিৰ লোকেশ্যন ছবি নিৰ্মাতাই শ্বেয়াৰ কৰা নাই যদিও ছ’চিয়েল মিডিয়াত ছবিখনৰ প্ৰভাৱ বিয়পি পৰিছে৷ সম্প্ৰতি পিংকভিলাৰ এক প্ৰতিবেদনত প্ৰকাশ যে ছবিৰ বাবে ৰাজামৌলী পাব মহেশ বাবুৱে কিমান পাৰিশ্ৰমিক লৈছে সেয়া সদৰি হোৱা নাই যদিও ছবিৰ বাবদ ৪০ শতাংশ মুনাফা ভাগাভাগিৰ প্ৰসংগটো আলোচ্য হৈছে৷ ছবিখন দুটা খণ্ডত মুক্তি পাব৷ প্ৰথম খণ্ডটো মুক্তি পাব ২০২৯ চনত দ্বিতীয় অংশটো ২০২৯ চনত৷ ছবিখনত মহেশ বাবুৰ বিপৰীতে অভিনয় কৰিব দেশী গাৰ্লখ্যাত প্ৰিয়ংকা চোপ্ৰা৷