Logo
image

গুণোৎসৱ-২০২৫

বিদ্যালয় শিক্ষাৰ গুণগত মানৰ বিকাশ সাধনৰ উদ্দেশ্য আগত ৰাখি ২০১৭ চনৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱৰ ষষ্ঠ সংস্কৰণ এই বৰ্ষৰ ৭ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছে৷ ইয়াৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ইতিমধ্যে আৰম্ভ হৈছে৷ ৰাজ্যখনৰ আটাইকেইখন জিলাতে অনুষ্ঠিত হ’বলগীয়া এই বৰ্ষৰ গুণোৎসৱত সৰ্বমুঠ ৪৪ হাজাৰ ৪৪খন বিদ্যালয়ৰ লগতে প্ৰায় ৪০ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব৷ ক’ভিড বৰ্ষসমূহক বাদ দি ২০১৭ চনৰ পৰা অবিৰতভাবে অনুষ্ঠিত হৈ থকা গুণোৎসৱত বৰ্তমানলৈকে প্ৰায় দুই কোটি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে৷

অসমৰ বিদ্যালয় শিক্ষাৰ আধুনিকীকৰণ, ছাত্ৰ-ছাত্ৰীৰ শিকন মান নিৰ্ণয় আৰু বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত গুণোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ যিহেতু গুণোৎসৱৰ মূল্যায়নৰ ক্ষেত্ৰত বিদ্যায়তনিক ক্ষেত্ৰতেই সৰ্বোচ্ছ নম্বৰ থাকে, গতিকে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যায়তনিক ক্ষেত্ৰত দেখুওৱা ফলাফলৰ ওপৰতেই বিদ্যালয় এখনৰ গ্ৰেডিং নিৰ্ভৰ কৰে৷ যদিহে পৰিসংখ্যাৰ দিশৰ পৰা চোৱা যায়, তেতিয়া হ’লে দেখা যাব যে, ২০১৭ চনত মুঠ ১১.৫৬ শতাংশ বিদ্যালয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে ২০২৪ চনত ৩৫.৭৬ শতাংশ বিদ্যালয়ে A+ গ্ৰেড পাবলৈ সক্ষম হয়৷ ঠিক সেইদৰে, ২০১৭ চনত ১৪.৫৪ শতাংশ বিদ্যালয়ে D গ্ৰেড পোৱাৰ বিপৰীতে এই সংখ্যা ২০২৪ চনলৈ ব্যাপক পৰিমাণে হ্ৰাস পাই  শতাংশলৈ নামি আহে৷ ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে, গুণোৎসৱৰ যোগেদি বিদ্যালসয়সমূহত অবিৰতভাৱে কৰি অহা মূল্যায়নে বিদ্যায়তনিক দিশত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷ তদুপৰি, ই বিদ্যালয়সমূহৰ মাজত বিদ্যায়তনিক আৰু উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ ক্ষেত্ৰতো এক সুস্থ প্ৰতিযোগিতামূলক বাতাৱৰণৰ সৃষ্টি কৰিছে৷ গুণোৎসৱৰ সময়ত প্ৰতিখন বিদ্যালয়ে নিজৰ সৰ্বোচ্ছ উজাৰি দিয়াৰ মানসিকতাও এনে সুস্থ প্ৰতিযোগিতাৰেই ইতিবাচক প্ৰতিফলন৷

তদুপৰি, গুণোৎসৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে৷ গুণোৎসৱৰ সময়ত বহিঃমূল্যায়কসকলে দিয়া প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰখনে আৰআইডিএফ শিতানৰ অধীনত ২০১৭ চনৰ পৰা এতিয়ালৈকে মুঠ ৯৬২ কোটি টকা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ব্যয় কৰিছে৷ এই বৃহৎ ব্যয়ৰ দ্বাৰা ৰাজ্যখনৰ ৯,৯৬০খন বিদ্যালয়ত শ্ৰেণীকোঠা নিৰ্মাণ; ৩৫,৩১৪খন বিদ্যালয়ত বৈদ্যুতিকৰণ ৭,৮৫৮খন বিদ্যালয়ত শ্ৰেণীকোঠাৰ মাজত বেৰ নিৰ্মাণ আৰু ৭৮৪খন বিদ্যালয়ত ছাত্ৰৰ প্ৰস্ৰাৱাগাৰ নিৰ্মাণ কৰা হৈছে৷ তদুপৰি শিক্ষণ ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলাৰ স্বাৰ্থত শিক্ষকসকলক শিক্ষাদানৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক কৌশল অৱলম্বনৰ বাবে বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে৷ এনেবোৰ ব্যৱস্থাই কণ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ গুণোৎসৱৰ ফলতেই সমাজ আৰু বিদ্যালয়সমূহৰ মাজৰ সম্বন্ধও অধিক নিকট হৈ পৰিছে৷ সামাজিক অনুষ্ঠান হিচাপে বিদ্যালয়সমূহৰ লগত সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ শক্তিশালী যোগসূত্ৰ স্থাপন হোৱাটো নিতান্তই আৱশ্যকীয়৷ বিগত সময়ত গুণোৎসৱৰ বাবেই বিদ্যালয়সমূহৰ লগত মাতৃগোট, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ বা অন্যান্য সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি বা বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ সুযোগ পাইছে বা বিদ্যালয়সমূহেও এনে সুযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাটো পৰিলক্ষিত হৈছে৷

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ বিদ্যালয়সমূহৰ বাবে যদিও গুণোৎসৱ এক আশাৰ ৰেঙণি হিচাপে পৰিগণিত হৈছে, এতিয়াও এনে কিছুমান ক্ষেত্ৰ আছে, যিবোৰত অধিক মনোযোগ প্ৰদান কৰাৰ আৱশ্যকতা আছে৷ বছৰটোৰ কেৱল তিনিটা দিনত গুণোৎসৱ অনুষ্ঠিত কৰি বিদ্যালয়ৰ শিক্ষা উন্নত কৰাৰ ঈপ্সিত লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হৈ উঠাৰ সম্ভাৱনা ক্ষীণ৷ এতিয়াও যিসমূহ সমস্যা মূলতঃ বিদ্যালয়সমূহত দেখিবলৈ পোৱা যায়, সেইসমূহৰ ভিতৰত শ্ৰেণীকোঠাৰ অভাৱ, শিক্ষক-ছাত্ৰৰ মাজত সঠিক অনুপাতৰ অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ, মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানৰ ক্ষেত্ৰত অভাৱ, ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত থাকিব লগা ব্যৱস্থাৱলীৰ অভাৱ, প্ৰস্ৰাৱাগাৰ, উপযুক্ত আচবাব আদিৰ অভাৱ ইত্যাদি৷ তদুপৰি বিদ্যালয়ৰ শিক্ষক সমাজক বিভিন্ন অনা-শৈক্ষিক কাম-কাজত নিয়োগৰ ফলতো বিদ্যালয়সমূহৰ পাঠদানত ব্যাপক সমস্যাৰ সৃষ্টি হয়৷ একেদৰে, মধ্যাহ্ন ভোজনৰ লগত জড়িত ৰান্ধনি বা অন্যান্যসকলক অতি নূ্যনতম পাৰিতোষিকৰ বিনিময়ত শ্ৰম কৰিবলৈ বাধ্য কৰোৱাৰ ফলতো সময়ে সময়ে বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে৷ তদুপৰি, দেশৰ শিক্ষা মন্ত্ৰণালয়ে ‘Unified District Information System for Education [UDISE] ২০২৩-২৪’ৰ প্ৰকাশিত তথ্য অনুসৰি অসমত প্ৰাথমিক পৰ্যায়ত আধাতে শিক্ষা সামৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬.২ শতাংশ, মজলীয়া পৰ্যায়ত ২ শতাংশ আৰু মাধ্যমিক পৰ্যায়ত ২৫.১ শতাংশ৷ এই তিনিওটা পৰ্যায়তে অসমৰ স্থান ৰাষ্ট্ৰীয় পৰ্যায়ৰ গড়তকৈ অধিক৷ যিটো সময়ত NEP-২০২০ বহনক্ষম উন্নয়ন লক্ষ্যৰ এটা মূল লক্ষ্য হ’ল ২০৩০ৰ ভিতৰত সকলো শিশুৰ বাবে সাৰ্বজনীন শিক্ষা সুনিশ্চিত কৰা, তেনে সময়তে গুণোৎসৱৰ দৰে কাৰ্যসূচী গ্ৰহণৰ পাছতো শিক্ষাখণ্ডৰ এনে হতাশাজনক ছবিয়ে সকলোকে উদ্বিগ্ন কৰিছে৷ যদিও এই সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰাটো সম্ভৱপৰ নহয়, তথাপি এইসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰে কিছুমান হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিলেহে মানৱ সম্পদ গঢ়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোক সবল কৰিব পাৰিব৷