‘ইমাৰ্জেঞ্চী’ চাবলৈ প্ৰিয়ংকাক আহ্বান কংগনাৰ
মুম্বাই, ১০ জানুৱাৰী: ‘বলীউড কুইন’ খ্যাত অভিনেত্ৰী-সাংসদ কংগনা ৰানাৱটৰ ‘ইমাৰ্জেন্সী’ নামৰ ছবিখনে আইনী মেৰপেছৰ পৰা মুক্ত হৈ অৱশেষত ছবিগৃহত মুক্তি লাভ কৰিবলৈ ওলাইছে৷ সেই অনুসৰি অহা ১৭ জানুৱাৰীত ছবিখনে মুক্তি পাব৷ য’ত কংগনাক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব৷ এতিয়া অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনাই প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নাতিনীয়েক কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীক ছবিখন চাবলৈ আমন্ত্ৰণ জনাইছে৷ অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা সদৰী কৰে৷ ইপিনে প্ৰিয়ংকা গান্ধীয়ে তেওঁক ইয়াৰ কি উত্তৰ দিছে সেয়াও বিজেপি সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছে৷ উল্লেখ্য যে অভিনয়ৰ বাবে প্ৰশংসিত হ’লেও বলীউডত সদায় বিতৰ্কৰ আৱৰ্তত থাকি ভাল পায় কংগনা ৰানাৱটে৷ বিজেপিৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰা কংগনা ৰানাৱটে ইতিমধ্যে কংগ্ৰেছকে ধৰি গান্ধী পৰিয়ালক উদ্দেশ্যি একাধিকবাৰ কটু মন্তব্য কৰা দেখা গৈছিল৷ আনকি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক উদ্দেশ্যিও তেওঁ একাধিকবাৰ আক্ৰমণাত্মক মন্তব্য কৰি থৈছে৷ কিন্তু নিজেই অভিনয় কৰা ছবিখন চাবলৈ এইবাৰ তেওঁ প্ৰিয়ংকা গান্ধীক অনুৰোধ জনাইছে৷ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে সংসদত প্ৰিয়ংকা গান্ধীৰ সৈতে মুখামুখি হোৱাত মই তেওঁক ‘ইমাৰ্জেন্সী’ ছবিখন চোৱা উচিত বুলি কওঁ৷ প্ৰিয়ংকাই ‘নিশ্চয়’ বুলি সঁহাৰি দিছে৷
তদুুপৰি গান্ধী পৰিয়ালেও ছবিখন চোৱা উচিত বুলি কয় কংগনাই৷ তেওঁৰ মন্তব্য–মই ভাবো ইন্দিৰা গান্ধীৰ চৰিত্ৰটোত অতি সংবেদনশীলভাৱে আৰু বিচক্ষণতাৰে মই অভিনয় কৰিবলৈ সক্ষম হৈছো৷ প্ৰয়াত গান্ধীৰ মৰ্যাদা আৰু গৰিমাক অক্ষুণ্ণ ৰখাৰ বাবে মই পাৰ্যমানে চেষ্টা চলাইছো৷ ইয়াৰ বাবে যথেষ্ট অধ্যয়ন কৰিবলগা হৈছিল৷ চৰিত্ৰটোক লৈ আনকি গৱেষণাৰ কামো কৰিবলগা হয়৷ তেওঁৰ ব্যক্তিগত জীৱনক লৈ কৰা কঠোৰ পৰিশ্ৰমৰ পাছতহে চৰিত্ৰটোত মই অভিনয় কৰো৷ ইন্দিৰা গান্ধীক লৈ কৰা অধ্যয়ন আৰু গৱেষণাকালত তেওঁক যে বহু মানুহে ভাল পাইছিল, সাধাৰণ জনতাৰ মাজত উদ্দিপনা আছিল সেয়া মই বুজিবলৈ সক্ষম হৈছিলো৷ এখন দেশৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱাটো সহজ কথা নহয় বুলিও স্বীকাৰ কৰে কংগনাই৷ সি যি কি নহওক, ‘ইমাৰ্জেন্সী’ত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক লৈ কংগনাই প্ৰশংসা কৰিলেও ছবিখন চাবলৈ যে প্ৰিয়ংকা গান্ধী আহিব তাক লৈ সন্দেহ ৰাজনৈতিক মহলৰ৷ কিয়নো পূৰ্বেই ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধী সন্দৰ্ভত কংগনাই কৰা কটু মন্তব্য কেতিয়াও পাহৰিব নোৱাৰে প্ৰিয়ংকা গান্ধীয়ে৷