কেমেৰাৰ আগত মিত্ৰতাৰ কথা নহয়! ভূপেনক কটাক্ষ গৌৰৱৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,১০ জানুৱাৰীঃ মুখত বিৰোধী ঐক্যৰ শেষ গান আওৰাই থাকিলেও এইপৰ্যন্ত অসমত বিজেপিৰ বিৰুদ্ধে দেখা নগ’ল বিৰোধী শিবিৰৰ ঐক্যবদ্ধ যুঁজ৷ লোকসভাৰ বিগত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিধানসভাৰ শেহতীয়া উপ-নিৰ্বাচন পৰ্যন্ত, ক’তোৱে দেখা নগ’ল বিৰোধীৰ ঐক্য৷ পঞ্চায়ত নিৰ্বাচন সমাগত৷ তাৰ পাছতে বিধানসভাৰ নিৰ্বাচন৷ কিন্তু ইতিমধ্যে কৃষি যন্ত্ৰ-পাতি বিতৰণকে ধৰি কেইবাটাও পদক্ষেপৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ মাৰ্চ মাহত যোৰহাটৰ পৰা ৫,৫৫,৫৫৫ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসগৃহ ৰাজ্যখনৰ গৃহহীন পৰিয়ালৰ সেৱাত উৎসৰ্গা কৰিছিল৷ সেই ঐতিহাসিক দিনটোৰ পিছত ৰাজ্য চৰকাৰে আৰু কেইবা লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে৷ আজি ভাৰতবৰ্ষৰ গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ আৰু ৫০ হাজাৰ হিতাধিকাৰীক গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে আৱাসগৃহ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ উন্ননৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰন্তৰ কৰ্মযজ্ঞত ব্ৰতী হৈ থকাৰ লগতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ গ্ৰামান্নোয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যবাসীৰ কল্যাণৰ হকে কাম কৰি আছে৷ অসমৰ যিসমূহ দুখীয়া পৰিয়ালে এতিয়াও গৃহ লাভ কৰা নাই তেওঁলোকৰ কাৰণে যাতে একোটাকৈ নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ অনুমোদন কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ ২০,৯১,৮৮ প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ আৱাসগৃহৰ আবণ্টন দিছিল আৰু ৰাজ্যখনত ইয়াৰে ১৯,৫৭,৭৭৭ টা আৱাসগৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷
কিছু আৱাস গৃহ নিৰ্মাণ কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি তেওঁ কয় যে জিঅ’ টেগিঙৰ পিছত ৰাজ্যখনত এতিয়াও ১ লাখ হিতাধিকাৰীৰ নাম আছে, যিসকলক এতিয়াও আৱাসগৃহ দিবলৈ বাকী আছে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে ৰাজ্যখনত ৰ লাখ ৭৩ হাজাৰ নতুন আৱাসগৃহ আবণ্টন প্ৰদান কৰিছিল বুলি উনুকিয়াই মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আৱাস যোজনাৰ অধীনত জিঅ’ টেগিং হোৱা প্ৰথম পৰ্যায়ৰ বাকী থকা গৃহসমূহ অনুমোদন কৰি প্ৰতিগৰাকী আবেদনকাৰীক একোটাকৈ গৃহ প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায়৷ মহিলা আত্মসহায়ক গোটৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ জিঅ’ টেগিং ব্যৱস্থা সম্পন্ন কৰোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে আঁচনিখনৰ ৰূপায়ণ সন্দৰ্ভত অধিক স্বচ্চতা অনা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী ফচলবীমা যোজনাৰ জৰিয়তে ৰাজ্যখনৰ বানপীড়িত কৃষকসকল যথেষ্ট উপকৃত হৈছে৷ হাতী আৰু বান্দৰৰ দ্বাৰা যিসমূহ কৃষি বিনষ্ট হৈছে সেই কৃষিভূমিৰ কৃষকসকলকো প্ৰধানমন্ত্ৰী ফচলবীমা যোজনাৰ অধীনত সামৰি ল’বলৈ আহ্বান জনাই তেওঁ কয় যে ইয়াৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকল যথেষ্ট উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ কৃষকে কিষাণ সন্মান নিধি, ধান আৰু সৰিয়হত নূ্যনতম সমৰ্থম মূল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ যদি অন্যান্য কৃষিতো নূ্যনতম সমৰ্থন লাভ কৰা যায় তেনেহ’লে ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ বিকাশৰ বাবে এই ক্ষেত্ৰত কৃষকসকলক অনুপ্ৰাণিত কৰিব৷ পাৱাৰ টিলাৰ ট্ৰেক্টৰ আদি বিভিন্ন আধুনিক কৃষি সজুঁলি ক্ৰয়ৰ বাবে অধিক ধনৰ আবণ্টন দি কৃষিখণ্ডক বিকশিত কৰাত সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত আজি নতুনকৈ ৫০ হাজাৰ মানুহে আৱাসগৃহ লাভ কৰিছে৷ যাৰ ঘৰৰ ওপৰত এখনো চালি নাছিল আজি তেওঁলোকে শৌচাগাৰৰ লগতে এমজি এনৰেগাৰ জৰিয়তে নিজে কাম কৰি গৃহ নিৰ্মাণৰ সুযোগ লাভ কৰিছে৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এতিয়ালৈ অসমৰ ২০ লাখ মানুহে আৱাসগৃহ পাইছে৷ কেৱল গৃহ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে অসমৰ মানুহৰ বাবে ২৮ হাজাৰ কোটি টকাৰ অধিক পুঁজি আগবঢ়াইছে৷ আজিৰ অনুষ্ঠানত সম্বদ্ধৰ্না আগবঢ়োৱা ২১ গৰাকী লাখপতি বাইদেউৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১০ লাখ টকাতকৈ অধিক টকা উপাৰ্জনৰে আত্মসহায়ক গোটৰ এই লাখপতি বাইদেউসকল আজি মহালাখপতি বাইদেউলৈ ৰূপান্তৰিত হৈছে৷ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিষয়েও আভাস দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সভাত সাৰুৱা ভাষণ আগবঢ়ায়৷ আজিৰ এই সভাত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত অসমে আজি বিকাশৰ দিশত দূৰন্ত গতিৰে আগবাঢ়িছে বুলি উল্লেখ কৰে৷ সভাত মুখ্যমন্ত্ৰীৰ আহ্বানত সহাঁৰি জনাই কেন্দ্ৰীয় মন্ত্ৰী চৌহানে অসমৰ বাবে চলিত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখ ৮৮ হাজাৰ গৃহ অনুমোদন জনোৱাৰ লগতে অহা বিত্তীয় বৰ্ষত নতুনকৈ আৰু ৩ লাখ ৮৮ হাজাৰ গৃহ অনুমোদনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ তেওঁ কয় যে এই আঁচনিৰ অধীনত হিতাধিকাৰী পৰিয়ালৰ বাৰ্ষিক আয়ৰ সীমা ১০ হাজাৰ টকাৰ পৰিৱৰ্তে ১৫ হাজাৰ টকা ধাৰ্য্য কৰা হৈছে৷ তদুপৰি বন্যপ্ৰাণীৰ দ্বাৰা বিনষ্ট কৃষি ভূমিৰ খেতিয়কসকলক প্ৰধানমন্ত্ৰী ফচলবীমা যোজনাৰ অধীনত সামৰি লোৱা হ’ব বুলি তেওঁ কয়৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলে মোবাইলৰ জৰিয়তে নিজে জিঅ’ টেগিং কৰাৰ উপৰি এই জিঅ’ টেগিঙৰ পুনৰীক্ষণৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক অনুমতি প্ৰদান কৰা হ’ব বুলি তেওঁ কয়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগক কৃষিখণ্ডত বিকশাই তোলাৰ বাবে আৰু ৩৬৫ কোটি টকা অনুমোদন কৰা হ’ব৷ অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধীৰ উপৰি মুখ্য সচিব ড॰ ৰবি কোটা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, আয়ুক্ত সচিব অৰুণা ৰাজৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী উচ্ছপদস্থ বিষয়া তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷