দেশত প্ৰথমগৰাকী এইচএমপিভিত আক্ৰান্তৰ মৃত্যু
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ জানুৱাৰীঃ চুবুৰীয়া ৰঙা চীনৰ পাছতেই এইবাৰ হিউমেন মেটানিউমোভাইৰাছ চমুকৈ এইছ এম পি ভিয়ে ক্ৰমাত যেন ভাৰতত সংক্ৰামক ৰূপ লোৱাৰ দিশে গতি কৰিছে৷ এইচ এম পি ভিত আক্ৰান্ত দেশৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু নিশ্চিত কৰিছে চিকিৎসকে৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বলৰামপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এইচ পি ভিত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ মৃত্যু হৈছে৷ জ্বৰ-কাহ ইত্যাদি।
উপসৰ্গই দেখা দিয়া ৬০ বছৰীয়া বৃদ্ধাগৰাকীক বিগত ২২ নৱেম্বৰত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল চিকিৎসাধীন অৱস্থাতে ৰোগীগৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰাত বিগত ৯ জানুৱাৰীত এইচ এম পি ভি পজিটিভ ধৰা পৰিছিল৷ আশা শৰ্মা নামৰ বৃদ্ধাগৰাকীৰ দুবাৰকৈ তেজৰ নমুনা পৰীক্ষাত এইচ এম পি ভি পজিটিভ ধৰা পৰিছিল যদিও পৰৱৰ্তী সময়ত নমুনা পৰীক্ষাত নিগেটিভ ৰিপ’ৰ্ট আহিছিল৷ কিন্তু সোমবাৰে স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত মঙলবাৰে পুৱা ১১ বজাত বলৰামপুৰ চিকিৎসালয়ৰ আই চি ইউত বৃদ্ধাগৰাকীৰ মৃত্যু হয়৷ চীনৰ দ্ৰুত গতিত বিয়পি পৰা ইউমেন মেটানিউমোভাইৰাছবিধ ভাৰততো ব্যাপক সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত মৃত্যুক আঁকোৱালি লোৱা প্ৰথমগৰাকী ৰোগী হিচাপে চিহ্নিত হৈছে আদ্য শৰ্মা৷ বলৰামপুৰ হাস্পতালৰ অধীক্ষক ডাঃ হিমাংশু চতুৰ্বেদীয়ে সদৰী কৰা মতে এইচ এম পি ভিপজিটিভ বৃদ্ধা ৰোগীগৰাকী যক্ষ্মা, বৃক্ক, উচ্ছ ৰক্তচাপ, হৃদযন্ত্ৰ আৰু অন্যান্য ৰোগতো আক্ৰান্ত হৈ আছিল৷ উল্লেখ্য, এইচ এম পি ভিত অসমতো এটি ১০ মহীয়া শিশু ইতিমধ্যে আক্ৰান্ত হৈছে৷ অসমকে ধৰি দেশৰ প্ৰায় সংখ্যক ৰাজ্যত এইচ এম পি ভিৰ সংক্ৰমণ আৰম্ভ হৈছে৷ বৃহস্পতিবাৰে বাংলাদেশতো এগৰাকী ৩০ বছৰীয়া যুৱতী এইছএমপিভিত আক্ৰান্ত হৈ মৃত্যু হয়৷ ঢাকাৰ মহখালী হাস্পতালত চিকিৎসাধীন হৈ আছিল সঞ্জিদা আখতাৰ নামৰ যুৱতীগৰাকী৷