২৫ ফেব্ৰুৱাৰীত ‘এডভাণ্টেজ আছাম’, জাপানলৈ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জানুৱাৰীঃ এডভাণ্টেজ আসাম-২.০১ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে ১৮ জানুৱাৰীত সদলবলে জাপানত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীৰ এই জাপান ভ্ৰমণৰ অন্যতম সংগী হ’ব বিধায়ক বলীন চেতিয়া৷ বিধায়ক চেতিয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্য চৰকাৰৰ আমোলা-বিষয়াৰ দল এটাও জাপানলৈ যাব৷ এই দলটোত আছে পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড॰ জে বি এক্কা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব ড॰ পি উদয় প্ৰৱীণ, মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব প্ৰশান্ত প্ৰতীম কাঠকটীয়া, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক সঞ্জীৱ ঘোষ৷ ফিকিৰ জ্যেষ্ঠ প্ৰতিনিধিও মুখ্যমন্ত্ৰীৰ এই দলটোত থাকিব৷ ১৯ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মা জাপানত বিনিয়োগকাৰীৰ সন্ধানত ব্যস্ত থাকিব৷ ১৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ লৈ জাপান চৰকাৰৰ প্ৰতিনিধি আৰু বিভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীক আমন্ত্ৰণ জনাব মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য যে এডভাণ্টেজ আসাম ২.০ ৰ প্ৰথমটো ৰোডশ্ব বিগত মাহত ভূটানত অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ জাপানতো এনে ৰোডশ্ব অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে নতুন দিল্লীত ৩৬ খন দেশৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি অসমত বিনিয়োগৰ দিশসমূহ দাঙি ধৰিছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ শুকুৰবাৰে সমগ্ৰ দিনটো দলীয় আৰু চৰকাৰী কামত ব্যস্ত থকাৰ পাছত নিশা প্ৰায় ১০ বজাত মুখ্যমন্ত্ৰী ড॰ শৰ্মা দিল্লী অভিমুখে ৰাওনা হয়৷ শনিবাৰে নতুন দিল্লীৰ পৰা তেওঁ জাপান অভিমুখে ৰাওনা হ’ব৷ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সৈতে সংগতি ৰাখি জাপানস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ে ‘অসম সপ্তাহ’ৰ আয়োজন কৰিছে৷ অসমৰ ঐতিহ্য, বিভিন্ন খণ্ড যেনে শিক্ষা, উদ্যোগ, নিৰাপত্তা আৰু কৃষিত ৰাজ্যখনৰ দ্ৰুত উন্নয়ন আদি দিশসমূহ ‘অসম সপ্তাহ’ত প্ৰদৰ্শন কৰা হয়৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা ‘অসম সপ্তাহ’ৰ প্ৰথম দিনা ‘ইলেকট্ৰনিকছ আৰু ছেমিকণ্ডাক্টৰ খণ্ড বিশেষভাৱে উপস্থাপন কৰা হয়৷ আজি অসমৰ প্ৰতিৰক্ষা খণ্ড প্ৰদৰ্শন কৰা হয়৷ জাপানত এডভাণ্টেজ আসাম ০.২ ৰ ৰোডশ্বত অংশ ল’ব মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ আনহাতে এডভাণ্টেজ আসাম ২.০ লৈ আমন্ত্ৰণ জনোৱাৰ লগতে বিনিয়োগকাৰীৰ সন্ধানত সম্প্ৰতি লণ্ডনত আছে মন্ত্ৰী বিমল বৰা৷ লণ্ডনত উপস্থিত হোৱাৰ পাছতে মন্ত্ৰী বৰাই দেশখনৰ ইণ্ডো-পেচিফিক বিভাগৰ মন্ত্ৰী কেথেৰিন ৱেষ্টক সাক্ষাত কৰি এডভাণ্টেজ আসাম ২.০ সন্দৰ্ভত আলোচনা কৰে৷ ইয়াৰ পূৰ্বে মন্ত্ৰী বৰাই ডুৱাই ভ্ৰমণ কৰি এক ৰোড শ্বত অংশ লৈ বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ কৰে৷ ডুবাইৰ প্ৰশাসন, প্ৰবাসী ভাৰতীয় আৰু প্ৰবাসী অসমীয়া সমাজকো সাক্ষাৎ কৰি অসমৰ উন্নয়নৰ অংশ ল’বলৈ আহ৩ান জনায়৷ মন্ত্ৰী বিমল বৰাৰ সমান্তৰালভাৱে মন্ত্ৰী কেশৱ মহন্তও বিনিয়োগকাৰীৰ সন্ধানত ইতিমধ্যে সদলবলে মালয়েছিয়া, থাইলেণ্ড ভ্ৰমণ কৰে৷
এডভাণ্টেজ আছাম ২.০ ৰ প্ৰস্তুতি সন্দৰ্ভত কেবিনেট মন্ত্ৰী, উচ্ছপদস্থ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
জাপান অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি দিছপুৰস্থিত জনতা ভৱনত আগন্তুক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী আৰু উচ্ছপদস্থ চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ ৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়৷ বুজন সংখ্যক আগশাৰীৰ উদ্যোগপতিয়ে অংশগ্ৰহণ নিশ্চিত কৰা এই অনুষ্ঠানটোৰ বাবে বাজেটকে ধৰি প্ৰচাৰ আৰু প্ৰসাৰ, মহানগৰীৰ সৌন্দৰ্যবদ্ধৰ্ন, আলোকসজ্জা, ৰাস্তা-ঘাটৰ উন্নয়ন, পৰ্যটন, আৰু অন্যান্য মূল বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্য প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ পৰা মুখ্যমন্ত্ৰীয়ে বিতং খতিয়ান লয়৷






