সতীৰ্থৰ ‘ত্যাগ’ত আৱেগিক হিমন্তবিশ্ব
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জানুৱাৰীঃ ‘আজিৰ দিনটোত ভৱেশ কলিতাই ত্যাগ কৰি সভাপতিৰ দায়িত্বভাৰ নতুন সভাপতি দিলীপ শইকীয়াৰ হাতত অৰ্পন কৰিছে৷ মোৰ ক্ষেত্ৰতো একেই হৈছিল৷ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ আসনখন মোক এৰি দিছিল৷ কংগ্ৰেছত এনে হ’লে খণ্ড বিখণ্ড হ’লহেঁতেন৷ আমাৰ দলত ত্যাগেই মেইন৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বিজেপিৰ নতুন সভাপতি দিলীপ শইকীয়াৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি কয়–‘শইকীয়া মানে ১০০ জনৰ অধিকাৰী৷ দিলীপ শইকীয়াই দায়িত্ব লোৱা মানে ২০২৬ ত মিত্ৰদলৰ সৈতে আমাৰ ১০০ খন আসন থাকিব৷ নিজাববীয়াকৈ আমি ৭৫ খন আসনৰ দেওনা পাৰ হ’ব পাৰিম৷ সুদীৰ্ঘ ভাষণ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তুলাধুনা দি কয়–‘কুকুৰক বিস্কুট এখন দিলে যেনেকৈ নেজ জোকাৰি আহে, তেনেদৰে ব্লু ব্লাড আৰু ৰজাঘৰ পালে কংগ্ৰেছীয়ে জপিয়াবলৈ ধৰে৷
বিজেপিত এজন সাধাৰণ কাৰ্যকৰ্তাও নিজৰ কৰ্তব্যনিষ্ঠাৰ দ্বাৰা অসাধাৰণ হ’ব পাৰে৷ দিলীপ শইকীয়া, ভৱেশ কলিতাই ইয়াৰ উদাহৰণ৷ বিজেপিৰ কোনো এজন ৰাষ্ট্ৰীয় বা ৰাজ্যিক সভাপতি দেউতাকৰ পৰিচয় লৈ নহয়৷ আজি আমাৰ পিচলৈ ঘূৰি চোৱাৰ সময়৷ ভৱেশ কলিতাৰ পিতৃৰ পৰিচয় নোলোৱাকৈ সভাপতি পাতিছিল৷ তেওঁৰ নেতৃত্বত পাঁচটা উপ-নিৰ্বাচনত জয় লাভ কৰিবলৈ সক্ষম হ’ল৷ তেওঁৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু ডিমাহচাও স্বায়ত্বশাসিত পৰিষদ আৰু কংগ্ৰেছৰ দখলত থকা চামগুৰিত সমষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম হ’লো৷ ভৱেশ কলিতাৰ নেতৃত্বত ৬৫ লাখ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হ’ল৷ ভৱেশ কলিতাৰ কাৰ্যকালত মণ্ডল সভাপতি জিলা সভাপতি নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ প্ৰতিবাদ নহ’ল৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সভাপতিৰ আসন এৰিছে ভৱেশ কলিতাই৷’






