
কান্দি কান্দি মহাকুম্ভমেলা এৰাৰ ঘোষণা সাধবী হৰ্ষাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জানুৱাৰীঃ আৰম্ভণিৰ পৰা দৈহিক সুষমাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত বিদ্যুতৰ চমকণিৰ সৃষ্টি কৰা সুন্দৰী সাধবী হৰ্ষা ৰিচাৰিয়াই কান্দি-কাটি মহাকুম্ভ মেলাৰ পৰা উভতি যাব বুলি ঘোষণা কৰিছে৷ সম্ভাবীপীঠৰ পীতাধিশ্বৰ আনন্দ স্বৰূপ মহাৰাজৰ আক্ৰামণাত্মক বিবৃতিত মানসিক আঘাত পায়েই ৫ দিন নৌযাওঁতেই মহাকুম্ভ মেলা ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে ছ’চিয়েল মিডিয়াৰ ‘ইনফ্লুৱেন্সাৰ’ৰ পৰা প্ৰয়াগৰাজৰ ‘মহাকুম্ভ ইনফ্লুৱেন্সাৰ’ত পৰিগণিত হোৱা ৰূপৱতী সন্ন্যাসিনীয়ে৷ সুন্দৰী সন্ন্যাসিনী হৰ্ষা ৰিচাৰিয়াই দুচকুৰ লোতক বোৱাই এটা ভিতিঅ’ত কৈছে– ‘আপুনি লাজ পাব লাগে৷ এজনী ছোৱালীয়ে ধাৰ্মিক সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে সনাতন সংস্কৃতি উপলব্ধি কৰিবলৈ আহিছিল৷ কিন্তু আপুনি তাইক মহাকুম্ভত থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিলে৷ এনে কুম্ভ আমাৰ জীৱনকালত এবাৰেই আহে৷ আপুনি তেনে এজনৰ পৰা মহাকুম্ভ আজুৰি ছিঙি নিলে৷ ইয়াৰ পৰিণতি কি হ’ব মই নাজানো৷ কিন্তু আনন্দ স্বৰূপজীৰ এই পাপৰ ফলত যে শাস্তি হ’ব সেয়া ধুৰূপ৷’
পীতবস্ত্ৰ পৰিধান কৰিলেই সন্ন্যাসিনী নহয়, ৰুদ্ৰাক্ষৰ মালা ডিঙিত আঁৰিলেই সাধবী নহয় বুলি এই ৰূপৱতী সন্ন্যাসিনীক স্বৰূপ আনন্দ মহাৰাজে কৰা আক্ৰমণৰ পৰিণতিতে হৰ্ষা ৰিচাৰিয়াৰ মহাকুম্ভ মেলাৰ আধ্যত্মিক অভিযানৰ ‘এণ্টি ক্লাইমেক্স’ ঘটিছে৷ স্বৰূপ আনন্দ মহাৰাজৰ দাবী– ‘এমাহৰ পাছত হৰ্ষা বিবাহ পাশত আৱদ্ধ হ’ব৷ সেয়া তেওঁৰ মাকে প্ৰকাশ কৰিছে৷ সংসাৰ কৰি সন্ন্যাসী হ’ব নোৱৰি৷ তেওঁক মই প্ৰকৃত পথ দেখুৱাইছোঁ৷ এইখন আধ্যাত্মিক ক্ষেত্ৰ৷ মহাকুম্ভ মেলাক কাৰোবাৰ সৌন্দৰ্য, গ্লেমাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি৷ তেওঁ এগৰাকী সাধাৰণ যুৱতীৰ দৰে মহাকুম্ভলৈ আহি কোনো গুৰুৰ আশ্ৰমত থকা হ’লে কোনো আপত্তি নাছিল৷ তেনেদৰে শত-সহস্ৰ যুৱতী আহিছে৷ কিন্তু হৰ্ষা ৰিচাৰিয়াই সন্ন্যাসীৰ ভেশ লৈ মহাকুম্ভৰ ক্ষেত্ৰখন ব্যৱহাৰ কৰিছে৷ সেয়া প্ৰকৃত সত্য৷ তেওঁৰ এই ভুৱা প্ৰচাৰ মই বন্ধ কৰাৰ নিৰ্দেশ দিছোঁ৷ সনাতন ধৰ্মক লৈ তেওঁৰ ল’ৰা ধেমালি সহ্যৰ সীমাৰ বাহিৰত৷’