Logo
image

কংগ্ৰেছত ব্লু -ব্লাড আছে গাড্ডাৰ নাইঃ দেৱব্ৰত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জানুৱাৰীঃ  বিজেপি চৰকাৰৰ সহযোগিতাত আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমত অবৈধ কয়লাখনন চলি আছে৷ নহ’লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে কিমান গাত আছে, তাত কিমান লিটাৰ পানী আছে, কংগ্ৰেছৰ বুথ লেভেলৰ পৰা শীৰ্ষ নেতৃত্বলৈ সকলো ব্লু ব্লাডেদ আৰু সকলোৰে তেজত স্বাধীনতা আন্দোলনৰ ত্যাগ আছে, অৱদান আছে৷ এনে ত্যাগ আৰু অৱদান বিজেপি-আৰ এছ এছত নাই৷  এই ভাষ্য অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বিৰোধী দলপতিজনে এই মন্তব্য কৰে৷ তেওঁ আৰু কয়– মুক্তি যুঁজাৰুসকলৰ সতি সন্ততিয়ে কংগ্ৰেছ কৰি আছে৷ কিন্তু বিজেপি আৰ এছ এছত এনে সংস্কৃতি নাই৷ আনটো বাদেই অটল বিহাৰী বাজপেয়ীও মুক্তি যুঁজাৰু হ’ব নোৱাৰিলে৷ স্বাধীনতা আন্দোলৰ সময়ত চিমলাত যেতিয়া বন বিভাগৰ কাৰ্যালয় জ্বলাই দিয়া হৈছিল তেতিয়া তেওঁয়ো উপস্থিত আছিল৷ তাৰ পাছত উক্ত ঘটনা সন্দৰ্ভত হোৱা বিচাৰত ৰাজসাক্ষী হৈ বাজপেয়ীয়ে ক’লে যে তেওঁ তালৈ চাবলৈহে গৈছে৷ সেইবাবে তেওঁ মুক্তি যুঁজাৰু হ’ব নোৱাৰিলে৷


আৰক্ষীক ভয় নকৰি তেওঁ যদি ক’লেহেঁতেন হয় ময়ো জ্বলাইছিলো তেওঁ মুক্তি যুঁজাৰু স্বীকৃতি হ’লহেঁতেন৷ কংগ্ৰেছত ব্লু ব্লাড থকাটো সঁচা কিন্তু গাড্ডাৰ নাই৷ প্ৰতিগৰাকী কংগ্ৰেছীৰ গাত ব্লু ব্লাড আছে৷ মুক্তিযোদ্ধা  সকলৰ পৰিয়ালে বৰ্তমান কংগ্ৰেছ কৰি আছে৷ মতিলাল নেহৰুয়ে কংগ্ৰেছৰ কাৰ্যালয় খুলিবলৈ নিজৰ ঘৰটো দিছিল৷ কিন্তু বিজেপিৰ কোনো ব্যক্তিৰ অৱদান নাই দেশৰ স্বাধীনতাত৷ বিজেপিৰ আদৰ্শ ভাৰতীয় মানুহৰ সৈতে নিমিলে৷ সেইবাবে বিজেপি শাসনলৈ আহিবলৈ ১০৫ বছৰ লাগিল৷ বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিহে নিৰ্বাচনত জিকিছে৷ পূৰ্বতকৈ কংগ্ৰেছৰ ভোট বাঢ়িছে৷ অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালকহে মুখ্যমন্ত্ৰী পাতিবলৈ ভোট দিছিল৷ সংখ্যা গৰিষ্ঠতা থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সময় লাগিছিল বিজেপিৰ৷ ভবেশ কলিতাৰ যিমান গুণানুকীৰ্তন কৰা হৈছে, তেওঁক উপ মুখ্যমন্ত্ৰী পাতিব লাগে৷ দলটোৰ কাৰণে তেওঁ যিহেতু বহু কৰিলে তেওঁক উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ক৷ তেওঁ আৰু কয়–অসমত অবৈধ কয়লা খনি চৰকাৰৰ জ্ঞাত সাৰে চলি আছে৷ সেয়ে মুখ্যমন্ত্ৰীয়ে ক’ব পৰিছে ২০০টা অবৈধ কয়লা খনি চলি থকাৰ কথা৷ কণিকা হোজাই বিজেপিৰ সদস্য নোহোৱা সত্ত্বেও জিন্দাবাদ ধবনি দিলে৷ বিজেপি দলত কোনো অনুশাসন ব্যৱস্থা নাই৷