Logo
image

কুম্ভমেলালৈ দলেবলে ওলাল সত্ৰাধিকাৰ, স্নান ৰাজনাথৰো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জানুৱাৰীঃ  সুদীৰ্ঘ ১২ বছৰৰ মূৰত অনুষ্ঠিত সনাতন শাক্ত ধৰ্মীয় সৰ্ববৃহৎ অধ্যাত্মিক অনুষ্ঠান মহাকুম্ভ মেলাক লৈ এতিয়া উদুলি-মুদুলি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ৷  বিগত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাত ‘অমৃত স্নান’ কৰিবলৈ দেশী-বিদেশী কোটি কোটি ভক্তৰ ভিৰ লাগিছে৷  অহা ২৬ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া ৪৫ দিনীয়া মহাকুম্ভ মেলাত প্ৰথমবাৰলৈ প্ৰতিষ্ঠা হ’ব গুৰুজনাৰ নামঘৰ৷  প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি গুৰু আসন প্ৰতিষ্ঠা কৰাৰ বাবে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ দলে শনিবাৰে গুৱাহাটীৰ পৰা ভাগৱত যাত্ৰা আৰম্ভ কৰিছে৷ শনিবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা গায়ন-বায়নেৰে শোভাযাত্ৰা কৰি অসমৰ সত্ৰাধিকাৰ-ধৰ্মাচাৰ্য তথা ভকত-বৈষ্ণৱৰ দলটোক বিদায় জনোৱা হয়৷  এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মূৰত ভাগৱত লৈ শোভাযাত্ৰাৰে দলটোক আগবঢ়াই দিয়ে৷ ভাগৱত শোভাযাত্ৰাত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ দাসৰ লগতে  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে৷ মহাকুম্ভ মেলাত অসমৰ সত্ৰাধিকাৰ তথা ভকত-বৈষ্ণৱৰ দলটোৱে দেশ-বিদেশৰ সাধু-সন্যাসীৰ সন্মুখত প্ৰাগজ্যোতিষপুৰক উপস্থাপন কৰাৰ লগতে গুৰুজনাৰ ধৰ্মীয় সাংস্কৃতিকো দাঙি ধৰিব৷


ইতিমধ্যে মহাকুম্ভ মেলাস্থলীত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ তত্ত্বাৱধানত শিল্পী ৰাজীৱ কাকতিৰ নেতৃত্বত ৬ জনীয়া বৈষ্ণৱ শিল্পীৰ দলে নামঘৰ, মণিকূট আৰু ৰাঙলী চ’ৰা নিৰ্মাণ কৰি তুলিছে৷ অসমৰ ভকত-বৈষ্ণৱে গুৰু আসন প্ৰতিষ্ঠা কৰি ২১ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ সাত দিনীয়া অখণ্ড ভাগৱত পাঠ কৰিব৷ তদুপৰি কুম্ভমেলাস্থলীত মহাপুৰুষ শংকৰদেৱৰ অংকীয়া ভাওনা ‘ৰাম বিজয়’ প্ৰদৰ্শন কৰাৰ লগতে, সত্ৰীয়া নৃত্য, দশৱতাৰ নৃত্য, গায়ন-বায়ন আৰু নাম-প্ৰসংগ কৰিব বুলিও জানিব পৰা গৈছে৷  আনহাতে অহা ৩০ জানুৱাৰীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত এটা ভকত-বৈষ্ণৱৰ দলেও প্ৰয়াগৰাজলৈ যাত্ৰা কৰিব৷  তদুপৰি মহাকুম্ভ মেলাত মাজুলীৰ  শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ, ভোগপুৰ সত্ৰ আৰু গড়মূৰ সত্ৰৰ পৰাও সত্ৰাধিকাৰ সহিতে ভকত বৈষ্ণৱৰ দলে অংশ ল’ব বুলি জানিব পৰা গৈছে৷  ইফালে প্ৰয়াগৰাজত সুদীৰ্ঘ ১২ বছৰৰ মূৰত অনুষ্ঠিত মহাকুম্ভমেলাত অসমৰ সত্ৰাধিকাৰৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ কোটি কোটি সাধু-সন্যাসী আৰু ভক্তৰ সমান্তৰালভাৱে শনিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ‘অমৃত স্নান’ত অংশ লয়৷