পুনৰ আম্বানিৰ চিৰিয়াখানালৈ নিব ৩৩টা হাতী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জানুৱাৰীঃ গুজৰাটৰ জামনগৰৰ আম্বানিৰ চিৰিয়াখানালৈ পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হাতী সৰবৰাহৰ তথ্য পোহৰলৈ আহিছে৷ চুবুৰীয়া অৰুণাচলৰ পৰা ৩৩টাকৈ পোহনীয়া হাতী নিয়াৰ বাবে ইতিমধ্যে গুজৰাটৰ পৰা অসম হৈ অৰুণাচলত উপস্থিত হৈছে । সুৰক্ষা কৰ্মীসহ এনিমেল এম্বুলেন্সৰ বৃহৎ এটা কনভয়৷ জানিব পৰা অনুসৰি গুজৰাট পঞ্জীয়নভুক্ত ট্ৰাকসমূহ ধেমাজি হৈ অৰুণাচলৰ পাচিঘাটত উপস্থিত হৈছে৷ অৰুণাচলৰ লাঠাও বস্তিৰ পৰা পোহনীয়া হাতীকেইটা সৰবৰাহৰ পৰিকল্পনা কৰিছে৷ বন বিভাগৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি অৰুণাচলৰ পৰা মুঠ ৩৩ হাতী গুজৰাটৰ জামনগৰস্থিত আম্বানিৰ ৰিলায়েন্স গ্ৰুপৰ ‘বনতৰা’ চিৰিয়াখানাত থকা ৰাধা-কৃষ্ণ মন্দিৰলৈ নিয়া হ’ব৷ হাতীসমূহক ইতিমধ্যে গৰাকীয়ে মন্দিৰলৈ দান কৰাৰ নথিত স্বাক্ষৰ কৰিছে৷ সৰবৰাহ কৰিবলগীয়া প্ৰতিটো হাতীৰ বিপৰীতে মাইক্ৰ’শ্বীপ নম্বৰ উল্লেখ কৰা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে, আম্বানিৰ চিৰিয়াখানালৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হাতী সৰবৰাহৰ ঘটনা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও বৃহৎসংখ্যক হাতী অসম তথা অৰুণাচলৰ পৰা সৰবৰাহ কৰা দেখা গৈছিল৷ আনকি অসমৰ হাতীও অৰুণাচলৰ দেখুৱাই ভুৱা নথি-পত্ৰৰে গুজৰাটলৈ চালান দিয়াৰ অভিযোগ আছে৷ অৱশ্যে, হাতী বিক্ৰী কৰা কাৰ্য নিষিদ্ধ যদিও কাগজে-পত্ৰই হাতীসমূহ দান দিয়া হিচাপে দেখুৱাই বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে৷ মন্দিৰলৈ দান হিচাপে প্ৰেৰণ কৰা দেখুৱালেও বাস্তৱত ধনৰ বিনিময়ত গৰাকীয়ে বিক্ৰী কৰি আহিছে নিজৰ পোহনীয়া হাতীসমূহ৷ আম্বানি গ্ৰুপক হাতী বিক্ৰী কৰাত মধ্যভোগীৰ ভূমিকা গ্ৰহণ কৰিছে তিনিচুকীয়াৰ ফিৰোজ খান নামৰ এজন ব্যক্তিয়ে৷
মধ্যভোগীটোৱে হাতীৰ গৰাকীৰ সৈতে দৰদাম কৰি গুজৰাটলৈ চালান দিয়াৰ দায়িত্ব পালন কৰা বুলি অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে ২০২৩ চনৰ এপ্ৰিল মাহত অৰুণাচলৰ নামচাইৰ পৰা একেনিশাই আম্বানিৰ চিৰিয়াখানালৈ অসমৰ মাজেৰে সৰবৰাহ কৰা হৈছিল ৪৯ টাকৈ হাতী৷ বিগত বৰ্ষতো ৰিলায়েন্স গ্ৰুপৰ জাম নগৰস্থিত ৰাধা-কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাসৰ নামত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৰবৰাহ কৰা হৈছিল কেইবাটাও হাতী৷ যাক লৈ বিতৰ্ক সৃষ্টি হোৱাই নহয়, অসমৰ একাংশ সচেতন লোকে হাতী কঢ়িয়াই নিয়া ট্ৰাকসমূহক ৰাজপথত আবদ্ধ কৰি সৰবৰাহত বাধা দিয়াও দেখা গৈছিল৷ দেশৰ অন্যতম ধনাধ্য উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিয়ে স্থাপন কৰা গুজৰাটৰ জাম নগৰৰ ৰিলায়েন্সৰ চিৰিয়াখানা ‘বনতৰা’ত অসমৰ হাতী চিকিৎসক কুশল কোঁৱৰো নিয়োজিত হৈ আছে৷ কেৱল ডাঃ কুশল কোঁৱৰেই নহয়, ৰাজ্যিক চিৰিয়াখানাৰ কেইবাজনো প্ৰাক্তন চিকিৎসক-কৰ্মচাৰীও ৰিলায়েন্সৰ চিৰিয়াখানাত কৰ্মৰত৷ তথ্য অনুসৰি ২০২১ চনত ৰাধা-কৃষ্ণ ন্যাসে অৰুণাচলৰ পৰা ৩৯ টা হাতী গুজৰাটলৈ লৈ যোৱাৰ বিপৰীতে ২০২২ চনতো চুবুৰীয়া ৰাজ্যখনৰ পৰা সৰবৰাহ কৰিছিল ১৭ টাকৈ হাতী৷ বৰ্তমান আম্বানিৰ চিৰিয়াখানাত থকা ২০০ হাতীৰ ভিতৰত অধিকাংশই উত্তৰ-পূৰ্বাঞ্চলৰ হাতী বুলি জানিব পৰা গৈছে৷ দুই-এদিনৰ ভিতৰতে অৰুণাচলৰ পৰা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেদি লৈ যোৱা হ’ব ৩৩ টা হাতী৷






