Logo
image

আৰক্ষীৰ জালত পৰা ছঈফৰ আক্ৰমণকাৰী শ্বেহজাদ ‘বাংলাদেশী’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰীঃ ছঈফ আলি খানৰ ছুৰিকাঘাটৰ ঘটনা সন্দৰ্ভত অৱশেষত দেওবাৰে মুম্বাইৰ থানে এলেকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ ছৰিফুল ইছলাম শ্বেহজাদ নামৰ এজন সন্দেহযুক্ত বাংলাদেশী লোকক৷ মুম্বাইৰ পশ্চিম থানেৰ হীৰানন্দানী এষ্টেটৰ কাষতে থকা এটা ৰে’ল নিৰ্মাণৰ  শ্ৰমিক কলনীৰ কাষতে থকা হাবিত পৰা গছৰ পাত ওপৰত দি শুই থকা অৱস্থাতে দেওবাৰে শ্বেহজাদক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ প্ৰথমতে বিজয় দাস বুলি কৈ পৰিচয় বিভ্ৰাটেৰে আৰক্ষীৰ চকুত ধূলি মাৰিব বিচাৰিছিল যদিও অৱশেষত আৰক্ষীৰ জেৰাত শ্বেহজাদে স্বীকাৰ কৰে যে ১৬ জানুৱাৰীৰ পুৱতি নিশা পাছফালৰ ছিৰি বগাই এচি পাইপেৰে উঠি ছঈফ-কৰীণাৰ সদগুৰুচৰণৰ ১০৩ কোটি টকীয়া বিলাসী ১২ মহলীয়া অট্টালিকাত প্ৰৱেশ কৰিছিল৷ আৰক্ষীৰ জেৰাত শ্বেহজাদে স্বীকাৰ কৰে যে তেওঁ বাংলাদেশৰ নাগৰিক আৰু পাঁচ মাহ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল৷ মুম্বাইত বাৰে বাৰে নাম সলনি কৰি তেওঁ কামৰ সন্ধানত ঘূৰি ফুৰিছিল৷ কেতিয়াবা যদি নিজকে বিজয় দাস বুলি পৰিচয় দিছিল, কেতিয়াবা ভিজয় আৰু সুবিধা বুজি মহম্মদ ইলিয়াছ বুলি পৰিচয় দিছিল৷


মূলত মুম্বাইৰ বান্দ্ৰা, বৰলিত বিভিন্ন কামত জড়িত হৈ আছিল ছৰিফুল৷ কেতিয়াবা যদি মেট্ৰৰেল পথ নিৰ্মাণত শ্ৰমিক হিচাপে কাম কৰিছিল, কেতিয়াবা হোটেল-ৰেস্তোৰা-বাৰৰ হাউছ কিপিঙৰ কাম কৰিছিল৷ পাঁচ মাহ বান্দ্ৰা, থানে আদি মুম্বাইৰ বিভিন্ন অঞ্চলত পাত পাতকৈ ঘূৰিছিল বাংলাদেশী শ্বেহজাদ৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি যোৱা বুধবাৰে নিশা অভিনেতা ছঈফ আলী খানক ৬ ইঞ্চিৰ ছুৰিৰে আক্ৰমণ কৰি পিচদিনা দিনৰ ভাগত বান্দ্ৰা আঞ্চলত নিৰ্ভয় তহল দি ফুৰিছিল শ্বেহজাদে৷ আনকি তেওঁ পুৱা ৯ বজাত এখন মোবাইলৰ দোকানত হেডফোন ক্ৰয় কৰাৰ ফুটেজো আৰক্ষীয়ে লাভ কৰিছে৷ টিভিৰ সন্দেহযুক্ত বাংলাদেশীটোৱে নিজৰ ফটো দেখা পায় ইয়াৰ পাছতে পশ্চিম থানেৰ ফালে পলাই গৈছিল৷ ছঈফৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আকাশ কৈলাশ কনোজিয়া নামৰ এজন যুৱককো সন্দেহবশতঃ আটক কৰিছিল৷ ইতিমধ্যে মুম্বাইৰ লীলাৱতী হাস্পতালত ৫ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলাই চিকিৎসকে ছঈফৰ পিঠিৰ পৰা চুৰি অৱশিষ্ট অংশ আতৰ কৰিছে৷ আই চি ইউৰ বেডৰ পৰা অভিনেতাজনক সাধাৰণ বেডলৈ স্থানান্তৰ কৰিছে আৰু তেওঁ ক্ৰমাৎ সুস্থ হৈ উঠিছে৷