Logo
image

ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৯ জানুৱাৰীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নতুন বিপদ৷ গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ ৰাষ্ট্ৰ বিৰোধী আৰু আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা মঞ্জিত চেতিয়াই৷ পাণবজাৰ থানাত ১৫২/১৯৭ (ডি)   ধাৰাৰ অধীনত ২৯/২০২৫ নম্বৰত গোচৰ ৰুজু হয় ৰাহুল গান্ধীৰ বিৰুদ্ধে৷


উল্লেখ্য যে, মঞ্জিত চেতিয়াই এজাহাৰখনত উল্লেখ কৰে, ‘১৫ জানুৱাৰীত দিল্লীৰ কোটলা মাৰ্গৰ কংগ্ৰেছ দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধনী অনুষ্ঠানত ভাষণ দি বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে কৈছিল, ‘বিজেপি আৰু আৰ এছ এছে প্ৰতিটো প্ৰতিষ্ঠান দখল কৰিছে আৰু আমি এতিয়া বিজেপি, আৰ এছ এছ আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ দি আছো৷ নেতাৰ পদত অধিষ্ঠিত এজন ব্যক্তিৰ দ্বাৰা ৰাজহুৱা মঞ্চত দিয়া এনে মন্তব্য এটা সাধাৰণ ৰাজনৈতিক মন্তব্য নহয়৷  লগতে এজাহাৰখনত উল্লেখ কৰে, ‘এজন জ্যেষ্ঠ ৰাজনৈতিক নেতা হিচাপে, ৰাহুল গান্ধীৰ কথাই তেওঁ এটা বিবৃতি দিয়াৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়৷ এই মন্তব্যবোৰে ভাৰতী ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা হ্ৰাস কৰিবলৈ আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিদ্ৰোহ সৃষ্টি কৰাৰ উদ্দেশ্যৰে কৰা হৈছিল৷ ‘তেওঁ দিয়া মন্তব্য ৰাজহুৱা শৃংখলা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকি৷ তেওঁৰ ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ দিয়া বুলি ঘোষণা কৰি তেওঁ জনসাধাৰণৰ মাজত বিদ্ৰোহ ভাৱৰ সৃষ্টি কৰিছে৷ এনে মন্তব্যই অস্থিৰতা আৰু বিচ্ছিন্নতাবাদী ভাৱনা সৃষ্টি কৰিব পাৰে৷ ‘এই বুলি চেতিয়াই এজাহাৰখনত উল্লেখ কৰে৷