দায়িত্ব এৰাৰ পূৰ্বে জিপি সিঙৰ শেষ প্ৰত্যাহ্বান
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জানুৱাৰীঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ পূৰ্বে শেষ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে জি পি সিঙে৷ ৰেট হোল মাইনিং বন্ধ কৰাৰ পৰা বিদ্ৰোহী সংগঠনৰ কাম-কাজ নিৰ্মূল কৰালৈ বহুকেইটা জটিল কাম সমাধান কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে জি পি সিঙে৷ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সোমবাৰে ডিগবৈত সকলো নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে আইন শৃংখলা পৰিস্থিতি আৰু গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷ উল্লেখ্য, ২৬ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত ত্ৰিৰংগা পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ উজনি অসমত আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
উল্লেখ্য, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰস্তাৱৰ ভিত্তিত কেবিনেটে জি পি সিঙক চি আৰ পি এফৰ সঞ্চালক পদৰ নিযুক্তিত অনুমোদন জনাইছে৷ দিল্লীত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ সঞ্চালক হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা বিদায় লোৱাটো অৱধাৰিত৷ তেওঁৰ আৰক্ষী সঞ্চালক পদৰ কাৰ্যকালৰ অন্তিমটো গণৰাজ্য দিৱস যাতে সুুকলমে পাৰ হয় তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে সিঙে৷ গণৰাজ্য দিৱসৰ নিৰাপত্তাক লৈ ঘনে ঘনে অনুষ্ঠিত কৰিছে৷ দায়িত্ব এৰাৰ প্ৰাকক্ষণত তেওঁ ৭ দিনৰ ভিতৰত মাৰ্ঘেৰিটা, লিডু লেখাপানীসহ উমৰাংছ’ৰ অবৈধ কয়লা খনন বন্ধ কৰা হ’ব বুলি কয়৷ ইতিমধ্যে তিনি ঠাইৰ প্ৰশাসনিক বিষয়া, বন বিভাগ আৰু ক’ল ইণ্ডিয়াৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ সাত দিনৰ ভিতৰত অবৈধ কয়লাখনন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া বুলি কয় সিঙে৷