Logo
image

শক্তিমন্ত্ৰী প্ৰশান্তৰ প্ৰথম ‘চমক’ ৩টা শ্লেবত বাঢ়িব বিদ্যুৎ মাচুল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ আশ্বাস প্ৰদান কৰিছিল৷ ব’হাগ বিহুৰ পৰা মাহে ১৫০ ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যৱহাৰ কৰা প্ৰতিটো পৰিয়ালকে প্ৰতি ইউনিটত ৫০ পইচাৰ পৰা ১.৫০ টকা পৰ্যন্ত মাচুল হ্ৰাস কৰিব বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাই বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে সৰিয়হৰ ফুল দেখা সাধাৰণ ৰাইজৰ মনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই আশ্বাস যেন এতিয়া ফোটোকাৰ ফেনত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে৷ কিয়নো শক্তি বিভাগৰ নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে চমক সৃষ্টি কৰি ৰাজ্যবাসীলৈ আগবঢ়াইছে প্ৰথমটো ‘বিশেষ উপহাৰ’৷ এই উপহাৰ আন একো নহয়, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ পৰিৱৰ্তে দৈনিক তিনিটা পৰ্যায়ত মাচুল বৃদ্ধিৰহে চিন্তা-চৰ্চা কৰিছে শক্তি বিভাগে৷ বৰ্তমান প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে নিৰ্দিষ্ট তাৰিখত মাচুল সংগ্ৰহ   কৰি আহিছে যদিও এতিয়াৰ পৰা দিনটোত তিনিটা শ্লেবত পৃথকে পৃথকে নিৰিখ নিৰ্ধাৰণ কৰি মাচুল সংগ্ৰহৰ পৰিকল্পনা কৰিছে৷ এপিডিচিএলে ৰাজ্যিক বিদ্যুৎ নিৰামক আয়োগলৈ এখন পত্ৰযোগে ২০২৫-২৬ বৰ্ষৰ বিদ্যুতৰ মাচুল প্ৰতিদিনে তিনিটা শ্লেব অৰ্থাৎ তিনিটা পৰ্যায়ত সংগ্ৰহৰ প্ৰস্তাৱ দিছে৷ ৰাজ্যিক বিদ্যুৎ নিৰামক আয়োগে শক্তি বিভাগৰ এই প্ৰস্তাৱত অনুমোদন জনালেই পহিলা এপ্ৰিলৰ পৰা এপিডিচিএলে প্ৰতিদিনে তিনিটা পৰ্যায়ত পৃথক পৃথক নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰি সাধাৰণ জনতাৰ মূৰত বোজা জাপি দিয়াটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ এপিডিচিএলে দিয়া প্ৰস্তাৱ অনুসৰি মাজৰাতি ১২ বজাৰ পৰা পুৱা ৬ বজালৈ নাইট শ্লেব পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ ছ’লাৰ শ্লেব আৰু বিয়লি ৫ বজাৰ নিশা ১২ বজালৈ পিক্‌ শ্লেব হিচাপে পৃথক পৃথক নিৰিখৰ প্ৰস্তাৱ দিছে৷


সন্ধিয়া বিদ্যুতৰ চাহিদা অধিক বাবেই পিক্‌ আৱাৰত বিদ্যুতৰ মাচুল অধিক নিৰ্ধাৰণ কৰিছে৷ অৰ্থাৎ পিক্‌ শ্লেব হিচাপে চিহ্নিত বিয়লি ৫  বজাৰ পৰা নিশা ১২ বজালৈ প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে (ঘৰুৱা সংযোগ) নিৰিখ নিৰ্ধাৰণ কৰিছে ৯.৬২ টকা৷ ইয়াৰ বিপৰীতে নাইট শ্লেব অৰ্থাৎ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰতি ইউনিট (ঘৰুৱা সংযোগ) বিদ্যুতৰ মাচুল ৮.৯৪ টকা নিৰিখৰ প্ৰস্তাৱ দিছে৷ একেদৰে ছ’লাৰ শ্লেব  অৰ্থাৎ পুৱা ৬ বজাৰ পৰা বিয়লি   ৫   বজালৈ দিনৰ ভাগত [ঘৰুৱা সংযোগ] বিদ্যুতৰ মাচুল ৬.৯৯ টকাকৈ নিৰিখ নিৰ্ধাৰণ কৰিছে৷ ইফালে, বাণিজ্যিক সংযোজনৰ ক্ষেত্ৰত নাইট শ্লেবত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৩৯ টকা, ছ’লাৰ শ্লেবত  প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৭.৩৫ টকা আৰু পিক্‌ আৱাৰত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৬২ টকাকৈ নিৰিখ নিৰ্ধাৰণ কৰিছে৷  একেদৰে ৩০ কিলোৱাটতকৈ অধিক বিদ্যুৎ ব্যয় কৰা ঘৰুৱা সংযোগৰ ক্ষেত্ৰতো তিনিওটা শ্লেবত মাচুলৰ পৃথক নিৰিখ নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি নাইট শ্লেবত  প্ৰতি ইউনিটত ৯.০৯ টকা, ছ’লাৰ শ্লেবত  প্ৰতি ইউনিটত ৭.১১  টকা আৰু পিক্‌ আৱাৰত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৭৭ টকা নিৰিখ নিৰ্ধাৰণ কৰিছে৷ মন্ত্ৰী প্ৰশান্ত ফুকনৰ শক্তি বিভাগে ২০২৫-২৬  বিত্তীয় বৰ্ষৰ বিদ্যুতৰ ফিক্সড চাৰ্জ ঘৰুৱা সংযোগত ক্ৰমে ৪০ আৰু ৭০ টকা নিৰ্ধাৰণ কৰাৰ বিপৰীতে বাণিজ্যিক সংযোগৰ ফিক্সড চাৰ্জ ১৫০ টকা নিৰ্ধাৰণ কৰিছে৷ ইয়াৰোপৰি এনাৰ্জী চাৰ্জ, বেছ ৰেট ইত্যাদিৰো নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ দিছে এপিডিচিএলে৷ এপিডিচিএলৰ এই প্ৰস্তাৱত ৰাজ্যিক বিদ্যুত নিৰামক আয়োগে অনুমোদন জনালেই পহিলা এপ্ৰিলৰ পৰা যে ৰাইজে বিদ্যুতৰ ব্যৱহাৰ এৰি ম’মবাতি জ্বলাব লাগিব সেয়া স্পষ্ট হৈ পৰিছে৷ ইফালে, বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত কোনো কথাই জ্ঞাত নহয় বুলিহে আজৱ দাবী কৰিছে শক্তি  ৫১ মন্ত্ৰী প্ৰশান্ত ফুকনে৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্ৰীজনে কয়– মাচুল বৃদ্ধিৰ কথা মই নিজেই শুনা নাই৷ এনে সিদ্ধান্ত ল’বলগীয়া হ’লে ময়ো মিটিঙত থাকিম৷ বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ কথাটোৰ আজিৰ তাৰিখত কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবো৷ আজিৰ দিনত বিদ্যুৎ আমাৰ ৰাহিহে হৈছে৷ আমাৰ ৬০০ কোটি টকাৰ বিদ্যুৎ ৰাহি হৈছে৷ বিভিন্ন উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা হাতত হৈছে৷ নামনি কপিলী প্ৰকল্পৰ পৰা ১২০ মেগাৱাৰ্ট বিদ্যুৎ উৎপাদন হ’ব৷ সৌৰ শক্তিৰ পৰা বহু বিদ্যুৎ উৎপাদন হ’ব৷ সেয়েহে বিদ্যুৎতৰ মাচুল বৃদ্ধিৰ কোনো প্ৰাসংগিকতা নাই৷