
ট্ৰাম্পৰ শপতগ্ৰহণত অতিথি পান্নুন, খালিস্তান জিন্দাবাদ ধবনি
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ জানুৱাৰীঃ প্ৰবল ভাৰতবিদ্বেষী খালিস্তানপন্থী নেতা গুৰপটৱন্ত সিং পান্নুনে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰি খালিস্তান জিন্দাবাদ ধবনি দিয়াৰ ঘটনাই ভাৰতক বিব্ৰত কৰি তুলিছে৷ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনালেও শপত গ্ৰহণত উপস্থিত আছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ৷ তেওঁৰ চকুৰ সন্মুখতেই ঘটিছিল পান্নুনৰ খালিস্তান জিন্দাবাদ ধবনিৰ ঘটনা৷ অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰাই দিয়াৰ ভাবুকি দিয়া এই খালিস্তানপন্থী নেতা পান্নুন মৰ্যাদা সম্পন্নভাৱেই ট্ৰাম্পৰ শপত গ্ৰহণত উপস্থিত আছিল৷
উল্লেখ্য, পান্নুনক আমেৰিকাত ভাৰতে হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি বাইডেন প্ৰশাসনে অভিযোগ কৰিছিল৷ সেই ঘটনা এতিয়া মাৰ্কিন আদালতত বিচাৰাধীন৷ অৰ্থাৎ ভাৰত এতিয়াও তাৰ পৰা অভিযোগমুক্ত হোৱা নাই৷ ভাৰত আৰু আমেৰিকাৰ মাজত পান্নুনক লৈ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হৈছে৷ সেই প্ৰবল ভাৰতবিদ্বেষী পান্নুনে সোমবাৰে বলডান্স অনুষ্ঠানত আমেৰিকা জিন্দাবাদ ধবনিৰ মাজত খালিস্তান জিন্দাবাদ ধবনি দি সকলোৰে দৃষ্টি নিজৰ দিশে ঘূৰাই নিয়ে৷ এই ঘটনাৰ পাছতে স্পষ্ট হয়, বাইডেন প্ৰশাসনৰ স্নেহধন্য পান্নুন ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰো অভ্যাগত৷