
গুৰুপ্ৰসাদ দাসৰ নামেৰে হ’ব সাহিত্য সভাৰ বিজ্ঞান মেলা
‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ পাঠশালাত হ’বলগা সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে মাজত আৰু মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত তুঙ্গত উঠিছে অধিৱেশনৰ প্ৰস্তুতি৷ বিভিন্ন কাৰ্যক্ৰমণিকাৰ লগতে এইবাৰ সাহিত্য সভা অধিৱেশনৰ অন্যতম আকৰ্ষণ হ’ব বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ৷ আজি পাঠশালা সাহিত্য সভা ভৱনত বিজ্ঞান প্ৰদৰ্শনী মেলাৰ এখন সংবাদ মেল অনুষ্ঠিত হয়৷ উদ্যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদ মেলখনৰ আঁত ধৰি কয় যে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাখন উছৰ্গা হ’ব অসমৰ সুযোগ্য সন্তান, ৰে’লৰ ব্ৰেকৰ আৱিষ্কাৰক কৰ্নেল গুৰুপ্ৰসাদ দাসৰ নামত৷ পাঠশালা অধিৱেশনত বিজ্ঞান মেলাই কিদৰে প্ৰসাৰতা পাব সেই সন্দৰ্ভত ব্যক্ত কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ৫৫০০০ বৰ্গ কিঃ মিঃ ক্ষেত্ৰ সামৰি প্ৰদৰ্শিত হ’বলগীয়া বিজ্ঞান মেলাত দুটাকৈ তাৰকাগৃহ থাকিব৷ ৫০০ কোটিতকৈ অধিক টকাৰ সামগ্ৰী থাকিবলগীয়া বিজ্ঞান মেলাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়, পেট্ৰ’লিয়াম মন্ত্ৰণালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, আইআইটি গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয়, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, মেঘালয়ৰ মহাকাশ গৱেষণা কেন্দ্ৰকে আদি কৰি প্ৰায় ২২টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব৷ ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা বিভাগৰ উপৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ ছাত্ৰই বিজ্ঞানৰ কাৰিকৰী কৌশল প্ৰদৰ্শন কৰিবলগীয়া মেলাত ভাৰতীয় সেনাৰ সকলো অস্ত্ৰ প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দি দাসে সকলো বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এই বিজ্ঞান মেলা চোৱাৰ বাবে আহ্বান জনাইছে ৷ ৩১ জানুৱাৰীত তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া বিজ্ঞান মেলাৰ মঞ্চখন বিৰুবালা ৰাভাৰ নামেৰে নামকৰণ কৰা হ’ব৷ বিজ্ঞান মেলা উপ-সমিতিৰ সভাপতি ড॰ হিৰণ্য কুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি ড॰ ৰূপম পাটগিৰি, সম্পাদক ড॰ উপকূল মহন্ত, ড॰ কৌস্তভমণি পাটোৱাৰী উপস্থিত থকা সংবাদ মেলত মন্ত্ৰী দাসে কয় যে বিজ্ঞান প্ৰদৰ্শনী উপ-সমিতিৰ সহযোগত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা কেইবাটাও বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হ’ব৷ ৩১ জানুৱাৰীৰ আবেলি ৩-৩০ বজাত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উন্মোচন কৰিবলগীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চত ‘বিজ্ঞানৰ ঈশ্বৰ আৰু ধৰ্মৰ বিজ্ঞান’ শীৰ্ষক ৰাধানাথ ফুকন স্মাৰক বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ড॰ মৃত্যুঞ্জয় গুহ মজুমদাৰ৷ ১ ফেব্ৰুৱাৰীৰ আবেলি ‘গাণিতিক সৌন্দৰ্যঃ সাহিত্যৰ পৰিভাষাত অনুভৱৰ সম্ভাৱনা’ শীৰ্ষক কামেশ্বৰ দাস স্মাৰক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব আই আই টি গুৱাহাটীৰ অধ্যাপক অনুপম শইকীয়াই৷ ২ ফেব্ৰুৱাৰীত ‘সাহিত্যই উম দিয়া মানৱদৰদী চিকিৎসক’ শীৰ্ষক ডাঃ ৰজনীপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে৷ ৩ ফেব্ৰুৱাৰীত ‘বিদেশত আপোন বিজ্ঞানী’ শীৰ্ষক কৰুণা সাগৰ দাস স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব ড॰ ভাস্কৰ চৌধুৰীয়ে৷ ৪ ফেব্ৰুৱাৰীত সৌৰভ কুমাৰ চলিহা স্মাৰক বক্তৃতানুষ্ঠানত ‘বিজ্ঞানে গঢ়া সাহিত্যক’ শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কাৰিব বিশিষ্ট সাংবাদিক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে৷ এই সকলো বিষয় আজিৰ সংবাদ মেলযোগে সদৰি কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এই বিজ্ঞান মেলা চোৱাৰ বাবে আহ৩ান জনাইছে ৰণজিৎ কুমাৰ দাসে৷
পাঠশালাত সাহিত্যপ্ৰেমীক আদৰিবলৈ সাজু চাৰি হাজাৰ বাসগৃহ
‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা বজালী অধিৱেশনৰ প্ৰস্তুতি প্ৰায় তুঙ্গত উঠিছে৷ আদৰণি সমিতিৰ প্ৰায় ৫৫ খন উপ-সমিতিয়ে দিনে-নিশাই কামত ব্যস্ত হৈ পৰিছে৷ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অতিথিক আদৰিবলৈ অধিৱেশনস্থলীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ ভিতৰত আৱাস উপ-সমিতয়ে বিভিন্ন শিক্ষানুষ্ঠান আদিসমূহত অস্থায়ী আৱাসগৃহ সাজু কৰি তুলিছে৷ আৱাস উপ-সমিতিৰ সভাপতি চক্ৰপাণি কলিতা, কাৰ্যকৰী সভাপতি সঞ্জীৱ শৰ্মা, সম্পাদক ৰাজীৱ শৰ্মা, ৰাজীৱ দাস, গোপেশ কলিতা, সহকাৰী সম্পাদক মৃদুল কুমাৰ মিশ্ৰই জানিবলৈ দিয়া অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৮৩৮ শাখা সমিতিৰ উপৰিও মুম্বাই সাহিত্য সভা, নবীমুম্বাই যুক্তৰাজ্য অসম সাহিত্য সভা, লেডবৰী ক্লোজ, লেষ্টাৰ, গ্ৰেট বৃটেইন, উত্তৰ আমেৰিকা সাহিত্য সভা কুৱেইট শাখা সাহিত্য সভা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় সাহিত্য সভা, নতুন দিল্লী, দিল্লী শাখা সাহিত্য সভা, আহমেদাবাদ শাখা সাহিত্য সভা, বেংগালুৰু শাখা সাহিত্য সভা, বেংগালুৰু, কৰ্ণাটক, কলকতা শাখা সাহিত্য সভা, কলকতা আমেৰিকা শাখা সাহিত্য সভাৰ প্ৰতিনিধিসমূহে অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে৷ এই প্ৰতিনিধিসমূহৰ থকা-খোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও আৱাসসমূহত পুৱা ৬বজাৰ পৰা ৰাতি ৮ বজালৈ গা-ধোৱাৰ বাবে গৰম পানীৰ ব্যৱস্থা কৰাৰ উপৰিও দূৰণীবতীয়া আৱাসগৃৰ পৰা অধিৱেশনস্থলীলৈ অনা-নিয়াৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে৷ প্ৰতিনিধিসকলৰ বাবে শিবিৰত মেট্ৰেচ আৰু বিছনা চাদৰ গাৰু আদিৰ যোগান ধৰিব আৱাস উপ-সমিতিয়ে৷ প্ৰতিটো শিবিৰতে অস্থায়ী শৌচালয়, স্নানাগাৰ, আদিৰ ব্যৱস্থা কৰা হৈছে৷ মহিলা প্ৰতিনিধিৰ বাবে ভট্টদেৱ বিশ্ববিদ্যালয়ত আৱাসৰ ব্যৱস্থা কৰা হৈছে বুলি আৱাস উপ-সমিতিয়ে জানিবলৈ দিছে৷